ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-
১। 'ভাৰতৰ দুগ্ধমাণৱ' বুলি কাক কোৱা হয়?
উত্তৰ:- 'ভাৰতৰ দুগ্ধমাণৱ' বুলি ভাৰ্গিজ কুৰেইনক কোৱা হয়।
২। পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল?
উত্তৰ:- 1951 চনত।
৩। বৰ্তমান সময়ত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান জন্ম লাভ কৰিছে?
উত্তৰ:- নিতি আয়োগ ।
৪। চীনে ভাৰত কোন চনত আক্ৰমণ কৰিছিল?
উত্তৰ:- ১৯৬২ চনত।
৫। ১৯৭২ চনত ইন্দিৰা গান্ধী আৰু জুলফিকৰ আলী ভুট্ৰোৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিখনৰ নাম কি?
উত্তৰ:- চিমলা চুক্তি।
৬। ভাৰতে কেতিয়া প্ৰথম পাৰমাণৱিক বিস্ফোৰণ কাৰ্য সম্পাদন কৰিছিল?
উত্তৰ:- ১৯৭৪ চনৰ মে' মাহত।
৭। 'সিন্ধ পানী চুক্তি' কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰ:- ১৯৬০ চনত।
৮। দলত্যাগৰ অৰ্থ কি?
উত্তৰ:-দলত্যাগ মানে হল নিৰ্বাচিত প্ৰতিনিধিয়ে তেওঁ যি দলৰ টিকট লৈ নিৰ্বাচিত হৈছিল সেই দল ত্যাগ কৰি অন্য দলত যোগদান কৰা।
৯। চতুৰ্থ সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?
 উত্তৰ:-১৯৬৭ চনত।
১০। ১৯৭৫ চনত জৰুৰীকালীন অৱস্হা ঘোষণা কৰা ভাৰতীয় ৰাষ্ট্ৰপতিগৰাকীৰ নাম লিখা।
উত্তৰ:-ফখৰুদ্দিন আলী আহমেদ।
খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ-
১। সেউজ বিপ্লৱৰ দুটা নেতিবাচক ফলাফল উল্লেখ কৰা ।
উত্তৰ:- সেউজ বিপ্লৱৰ দুটা নেতিবাচক ফলাফল তলত উল্লেখ কৰা হল-
              ক) সেউজ বিপ্লৱ দেশৰ সকলো ৰাজ্য বা প্ৰান্ততে সংঘটিত হোৱা নাছিল। যাৰফলত দেশৰ ভিতৰতে কৃষিখণ্ডত আঞ্চলিক বৈষম্য বৃদ্ধি পাইছিল।
              খ) সেউজ বিপ্লৱে দেশত এক শক্তিশালী কৃষক শ্ৰেণীৰ উত্থান ঘটালে। এই শ্ৰেণীটো ক্ৰমান্বয়ে ৰাজনৈতিকভাৱেও শক্তিশালী হৈ উঠিল আৰু কৃষিখণ্ডলৈ আগবৰোৱা ৰাজসাহাজ্য তেওঁলোকে হস্তগত কৰিলে।
২। ভাৰতৰ বৈদেশিক নীতিৰ দুটা গুৰুত্বপূৰ্ণ মূল নীতি উল্লেখ কৰা ।
উত্তৰ:- ভাৰতৰ বৈদেশিক নীতিৰ দুটা গুৰুত্বপূৰ্ণ মূল নীতি তলত  উল্লেখ কৰা হল-
           ক) গোষ্ঠীনিৰপেক্ষতা
           খ) বৰ্ণ-বৈষম্য নীতিৰ বিৰোধিতা ।
৩। পঞ্চশীল নীতি বুলিলে কি বুজা? এই নীতিবোৰ উল্লেখ কৰা ।
উত্তৰ:- তিব্বত সম্পৰ্কত ভাৰত আৰু চীন দেশৰ মাজত ১৯৫৪ চনত স্বাক্ষৰিত হোৱা চুক্তিত পাচটা নীতি গ্ৰহণ কৰা হয়। এই নীতিকে পঞ্চশীল নীতি বোলা হয়।
             পঞ্চশীল নীতিবোৰ তলত উল্লেখ কৰা হল-
               ক) প্ৰত্যেক দেশৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক শ্ৰদ্ধা প্ৰদৰ্শন কৰা; 
                খ) আন দেশক আক্ৰমণৰ পৰা বিৰত থাকা;
                গ) আন ৰাষ্ট্ৰৰ আভ্যন্তৰীন বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকা ;
                ঘ) সকলো দেশকে সমভাৱে বিবেচনা কৰা আৰু পাৰস্পৰিক সাহায্য দিয়া;
                ঙ) শান্তিপূৰ্ণ সহ-অৱস্হানৰ প্ৰতি সমৰ্থন জনোৱা।
৪। জৱাহৰলাল নেহৰুৰ বৈদেশীক নীতিৰ দুটা মূল নীতি উল্লেখ কৰা ।
উত্তৰ:- জৱাহৰলাল নেহৰুৰ বৈদেশীক নীতিৰ দুটা মূল নীতি তলত উল্লেখ কৰা হল-
           ক) কঠোৰ পৰিশ্ৰম কৰি উপাৰ্জন কৰা,সাৰ্বভৌমত্ব ৰক্ষা  কৰা;
           খ) দেশৰ অখণ্ডতা ৰক্ষা কৰা।
৫। ভাৰতে গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰাৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা ।
উত্তৰ:- ভাৰতে গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰাৰ দুটা প্ৰধান কাৰণ তলত উল্লেখ কৰা হল-
      ক) ভাৰতৰ দৰে বিশাল ৰাষ্ট্ৰ এখনে কোনো শক্তিগোষ্ঠীৰ লগ নলগাকৈ স্বাধীনভাৱে বৈদেশীক নীতি গ্ৰহণ কৰি বিশ্বৰ ৰাজনীতিত সন্মানসূচক আসন গ্ৰহণ কৰিব পাৰিব বুলি বিশ্বাস কৰিছিল।
     
      খ) স্বাধীনতা লাভ কৰাৰ সময়ত ভাৰত সামৰিক দিশত শক্তিশালী নাাছিল। গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণৰ দ্বাৰা যুদ্ধৰ ভয়াৱহতাৰ পৰা ৰক্ষা পোৱা সহজ হল।
৬। লাল বাহাদুৰ শাস্ত্ৰীৰ চমু প্ৰধান মন্ত্ৰীৰ কালত কোন দুটা সমস্যাৰ সন্মুখীন হৈছিল?
উত্তৰ:- লাল বাহাদুৰ শাস্ত্ৰীৰ চমু প্ৰধান মন্ত্ৰীৰ কালত সন্মুখীন দুটা সমস্যা হল-
      ক) মনচুনৰ অভাৱ;
      খ) অনাবৃষ্টি।
৭। দহ দফিয়া আচঁনিৰ অন্তৰ্গত দুটা বিষয় উল্লেখ কৰা।
উত্তৰ:- দহ দফিয়া আচঁনিৰ অন্তৰ্গত দুটা বিষয় তলত উল্লেখ কৰা হল-
           ক) বেংকৰ ওপৰত সামাজিক নিয়ন্ত্ৰণ
           খ) বীমা জাতীয়কৰণ।
৮। তলত দিয়া জয়ধ্বনি দুটাৰ সৃষ্টিকৰ্তা কোন?
        ক) "জয় জোৱান,জয় কিষান"
        খ) "গৰিবী হটাও"
উত্তৰ:- ক)"জয় জোৱান,জয় কিষান" ৰ জয়ধ্বনিৰ সৃষ্টিকৰ্তা হল- লাল বাহাদুৰ শাস্ত্ৰী।
           খ)  "গৰিবী হটাও"ৰ জয়ধ্বনিৰ সৃষ্টিকৰ্তা হল-ইন্দিৰা গান্ধী।
৯। কুৰি দফীয়া আঁচনিত অন্তৰ্ভুক্ত দুটা বিষয় উল্লেখ কৰা।
উত্তৰ:- কুৰি দফীয়া আঁচনিত অন্তৰ্ভুক্ত দুটা বিষয় তলত উল্লেখ কৰা হল-
           ক) ভূমি সংস্কাৰ
           খ) ভূমি পুনৰ বিতৰণ।
১০। সামাজিক আন্দোলনৰ এটা উদাহৰণ দিয়া।
উত্তৰ:- চিপকো আন্দোলন।
 
Comments
Post a Comment