ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-
১। মণ্ডল আয়োগৰ যিকোনো এটা পৰামৰ্শ লিখা।
উত্তৰ:-মণ্ডল আয়োগৰ এটা পৰামৰ্শ হল অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে ২৭ শতাংশ চাকৰিৰ আসন সংৰক্ষণ কৰা।
২। ভাৰত চৰকাৰে মণ্ডল আয়োগ ----- চনত নিযুক্তি দিছিল।( খালী ঠাই পূৰ কৰা)
উত্তৰ:-১৯৭৯ চনত। (ইয়াৰ অধ্যক্ষ আছিল বি.পি. মণ্ডল।)
৩। কেন্দ্ৰীয় চৰকাৰে প্ৰথম পিছপৰা শ্ৰেণীসমূহৰ আয়োগ কিমান চনত নিয়োগ কৰে?
উত্তৰ:-১৯৫৩ চনত।
৪। অৰ্থনৈতিক সংস্কাৰ কিমান চনত আৰম্ভ হৈছিল?
উত্তৰ:- ১৯৯১ চনত।
৫। সংবিধানৰ------জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা দিছে।( খালী ঠাই পূৰ কৰা।)
উত্তৰ:- ৩৭০ নং অনুচ্ছেদ অনুসৰি
৬। নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব কোনে দিছিল?
উত্তৰ:-নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব দিছিল মেধা পাটকাৰে।
খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ-
১। মণ্ডল আয়োগৰ যিকোনো দুটা পৰামৰ্শ লিখা।
উত্তৰ:-মণ্ডল আয়োগৰ দুটা পৰামৰ্শ হল-
ক) অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে ২৭ শতাংশ চাকৰিৰ আসন সংৰক্ষণ কৰা।
খ) জাতিভিত্তিক সুৰক্ষা ব্যৱস্হাৰ প্ৰৱৰ্তনৰ বাবে পৰামৰ্শ আগবৰাই।
২। বিশ্বায়নৰ সৈতে জৰিত আন দুটা ধাৰণা কি কি?
উত্তৰ:-বিশ্বায়নৰ সৈতে জৰিত আন দুটা ধাৰণা হল-
ক) উদাৰীকৰণ
খ) ব্যক্তিগতকৰণ।
৩। ক'ত আৰু কেতিয়া দলিত পেন্হাৰ গঠন হৈছিল?
উত্তৰ:-১৯৭২ চনত মহাৰাষ্ট্ৰত দলিত পেন্হাৰ গঠন হৈছিল ।
৪। দুটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা।
উত্তৰ:-দুটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হল-
ক) অসম গণ-পৰিষদ( অসম)
খ) তেলেগু দেশম( অন্দ্ৰপ্ৰদেশ) ।
৫। মৰ্চা চৰকাৰৰ যিকোনো চাৰিটা বৈশিষ্ট লিখা।
উত্তৰ:-মৰ্চা চৰকাৰৰ চাৰিটা বৈশিষ্ট তলত উল্লেখ কৰা হল-
ক) আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাধান্য - নেশ্যনেল ফ্ৰণ্ট মৰ্চা চৰকাৰৰ পৰা আৰম্ভ কৰি সংযুক্ত প্ৰগতিশীল মৰ্চা চৰকাৰলৈকে- এই সকলোতে আঞ্চলিক ৰাজনৈতিক দলসমূহৰ প্ৰাধান্য লক্ষ্য কৰা যায়। উদাহৰণস্বৰুপে, নেশ্যনেল ফ্ৰণ্ট চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেলেগু দেশম পাৰ্টিৰ মুৰব্বী এন.টি. ৰামা ৰাওৱে ।ঠিক সেইদৰে,ইউনাইটেড ফ্ৰণ্ট,ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা তথা সংযুক্ত প্ৰগতিশীল মৰ্চা-- এই আটাইকেইখন চৰকাৰতেই তামিলনাডুৰ ডি.এম.কে. দলে যথেষ্ট গুৰুত্ব লাভ কৰিছে।
খ) কংগ্ৰেছ অথৱা ভাৰতীয় জনতা পাৰ্টিক ক্ষমতাক বাহিৰত ৰখা লক্ষ্যই মৰ্চা গঠনত পালন কৰা নিৰ্ণয়ক ভূমিকা- কংগ্ৰেছে ভাৰতীয় জনতা পাৰ্টিক আৰু ভাৰতীয় জনতা পাৰ্টিয়ে কংগ্ৰেছক ক্ষমতাচ্যুত কৰিবৰ বাবে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক দলসমুহক মৰ্চা সলনি কৰিবৰ বাবে আহ্বান জনাই আহিছে। ফলত তৃণমুল কংগ্ৰেছ দলে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাত মন্ত্ৰীত্ববৰ পদ লাভ কৰিছে।
গ) দলিত আৰু পিছপৰা শ্ৰেণীসমুহৰ পৰিচয়ৰ ভিত্তিত গঠিত ৰাজনৈতিক দলসমুহৰ ক্ৰমবৰ্ধিত শক্তি -বিগত দুটা দশকৰ ৰাজনীতিত যিবোৰ শক্তয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে,তাৰ ভিতৰত অন্যতম হল বহুজন সমাজ পাৰ্টি,সমাজবাদী পাৰ্টি আৰু ৰাষ্ট্ৰীয় জনতা দল। এই দলসমূহৰ প্ৰধান ভিত্তি জাতি পৰিচয়।
ঘ) সাম্প্ৰদায়িক শক্তি আৰু ধৰ্মনিৰপেক্ষ শক্তিৰ মাজত থকা ব্যৱধানৰ ক্ৰমাগত অৱসান-ভাৰতীয় ৰাজনীতিত সাম্প্ৰতিক সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছে নিজাকৈ ধৰ্মনিৰপেক্ষতাৰ বাহক বুলি দাবী কৰাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিক সাম্প্ৰদায়িক শক্তি হিচাপে চিহ্নিত কৰা হয়।
Comments
Post a Comment