Books related Information

the problem of economy

ক) অতি চমু প্ৰশ্নোত্তৰ ( ১ ,২ আৰু ৩ নম্বৰ প্ৰতিটো)।
১। দ্ৰৱ্য এটা উদাহৰণ দিয়া?
উত্তৰ: যিবোৰ বস্তুক স্পৰ্শ কৰিব পাৰি আৰু অভাৱ পুৰণ কৰিব পাৰি,তাকে দ্ৰৱ্য বোলে। উদাহৰণস্বৰুপে, খাদ্য বস্তু, বাসস্থান ইত্যাদি।

২। সেৱাএটা উদাহৰণ দিয়া  ?
উত্তৰ :যিবোৰ বস্তুক স্পৰ্শ কৰিব নোৱাৰি আৰু অভাৱ পুৰণ কৰিব পৰা ক্ষমতা থাকে,তাক সেৱা বোলে। উদাহৰণস্বৰুপে,ডাক্তৰ, শিক্ষক ইত্যাদি।

৩। সুযোগ ৱ্যয় কি?
উত্তৰ উতপাদনবোৰ বিকল্প ব্যৱহাৰৰ ফলত যি ক্ষতি হয়,তাকে সুযোগ ৱ্যয় বোলে। উদাহৰণস্বৰুপে, এজন খেতিয়কে যদি বেছিকৈ ধান উতপাদন কৰাব বিচাৰে,তেনেহলে খেতিয়কে আন সামগ্ৰী কম পৰিমানে উতপাদন কৰিব লাগিব। যাৰফলত, কিছু ৱ্যয় হয়।

৪। সুযোগ ৱ্যয়ক----------বুলি কোৱা হয়।
উত্তৰ :সুযোগ ৱ্যয়ক  অৰ্থনৈতিক ৱ্যয়  বুলি কোৱা হয়।

৫। মিশ্ৰ অৰ্থনীতি কি?
উত্তৰ:মিশ্ৰ অৰ্থনীতি হল ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ সহ-অৱস্হান।

৬। দুষ্প্ৰাপ্যতা মানে কি?
উত্তৰ:দুষ্প্ৰাপ্যতা মানে হল যিবোৰ বস্ত পাবলৈ টান অৰ্থাত যিবোৰ বস্তু পোৱা সহজে পোৱা নাযায়।

৭। বজাৰ অৰ্থনীতি কি?
উত্তৰ:বজাৰ অৰ্থনীতি হল এনে এটা অনুষ্টান যত বজাৰৰ জৰিয়তে  আটাইবোৰ অৰ্থনৈতিক কাৰ্যকলাপ নিৰ্ণয় কৰা হয়। ইয়াত ৰাষ্ট্ৰ বা চৰকাৰৰ ভূমিকা অতি নগন্য।

৮। অৰ্থনীতিৰ  দুটা কেন্দ্ৰীয় সমস্যা উল্লেখ কৰা।
উত্তৰ:অৰ্থনীতিৰ  দুটা কেন্দ্ৰীয় সমস্যা তলত উল্লেখ কৰা হল:--
   ক) কি সামগ্ৰী উ পাদন কৰা হৱ আৰু কিমান পৰিমানত উ পাদন কৰা হৱ ।
   খ) দ্ৰৱ্যবোৰ কেনেকৈ উতপাদন কৰা হব আৰু কি পদ্ধতিত উৎপাদন কৰা হব।

৯। মিশ্ৰ অৰ্থনীতিৰ দুটা বৈশিষ্ট উল্লেখ কৰা ।
উত্তৰ মিশ্ৰ অৰ্থনীতিৰ দুটা বৈশিষ্ট  তলত উল্লেখ কৰা হল
   ক) এনে আৰ্থিক ব্যৱস্হাত ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ সহ-অৱস্হান কৰে।
   খ) এনে আৰ্থিক ব্যৱস্হাত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰৰ দ্বাৰা লোৱা হয়।

১০। বজাৰ অৰ্থনীতিৰ দুটা বৈশিষ্ট লিখা।
উত্তৰ: বজাৰ অৰ্থনীতিৰ দুটা বৈশিষ্ট হল-
      ক) এনে বজাৰত য়োগান আৰু চাহিদাই সামগ্ৰীৰ মূল্য নিৰ্ণয় কৰে।
      খ) এনে বজাৰত সামগ্ৰী একোটাৰ দাম বৃদ্ধি হলে উৎপাদনকাৰীয়ে সেই সামগ্ৰীটো অধিক উৎপাদন কৰিব।

Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ