Books related Information

গোট-১ ''শীতল যুদ্ধৰ যুগৰ'' পৰা সকলো গুৰুত্বপূৰ্ণ প্ৰস্নোত্তৰ

 

                            প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ--

১। প্ৰথম বিশ্ব যুদ্ধ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ:-১৯১৪ চনত।


২। প্ৰথম বিশ্ব যুদ্ধ কেতিয়া শেষ হৈছিল?

উত্তৰ:- ১৯১৯ চনত। 


৩। দ্বিতীয় বিশ্ব কেতিয়া আৰম্ভ হৈছেল?

উত্তৰ:-১৯৩৯  চনত।


৪। দ্বিতীয় বিশ্বব যুদ্ধ কেতিয়া শেষ হৈছিল?

উত্তৰ:- ১৯৪৫ চনত।


৫। আমেৰিকা যুক্তৰাষ্ট্ৰই কিমীন তাৰিখে জাপানৰ দুখন চহৰত আনৱিক বোমা নিক্ষেপ কৰে?

উত্তৰ:- ১৯৪৫চনৰ ৬ আগষ্ট তাৰিখে।


৬। ছোভিয়েট ৰাছিয়াই কিমান চনত প্ৰথম পাৰমাণৱিক বোমা পৰীক্ষন কৰিছিল?

উত্তৰ:- ১৯৪৯ চনৰ আগষ্ট মাহত।


৭। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত আন্তৰাষ্ট্ৰীয় শান্তি বাবে প্ৰতিষ্ঠা কৰা সংগঠনটোৰ নাম কি?

উত্তৰ:- ৰাষ্ট্ৰসংঘ (১৯৪৫ চনৰ অক্টোবৰ তাৰিখ)।


৮। NATO-ৰ সম্পূৰ্ণ ৰুপটো লিখা। 

উত্তৰ:- NATO-ৰ সম্পূৰ্ণ ৰুপটো হল-North Atlantic Treaty Organization.


৯। NATO-কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ:- NATO- ১৯৪৯ চনৰ ৪ এপ্ৰিল তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল।


১০। NATO-ৰ মুখ্য কাৰ্য্যালয় কত অৱস্হিত?

উত্তৰ:- NATO-ৰ মুখ্য কাৰ্য্যালয় বেলজিয়ামৰ ব্ৰাছেলচত অৱস্হিত।


১১। ছোভিয়েট ৰাছিয়াই গঠন কৰা সামৰিক মিত্ৰজোঁটৰ নাম লিখা

উত্তৰ:- ছোভিয়েট ৰাছিয়াই গঠন কৰা সামৰিক মিত্ৰজোঁটৰ নাম ৱাৰ্শ্ব চুক্তি।


১২। ৱাৰ্শ্ব চুক্তি কিমান চনত প্ৰতিষ্ঠা লাভ কৰে?

উত্তৰ:-ৱাৰ্শ্ব চুক্তি ১৯৫৫ চনৰ ১৪ মে' তাৰিখে প্ৰতিষ্ঠা লাভ কৰে ।


১৩। ৱাৰ্শ্ব চুক্তিৰ মুখ্য  কাৰ্যালয় কত অৱস্হিত ?

উত্তৰ:-ৱাৰ্শ্ব চুক্তিৰ মুখ্য  কাৰ্যালয় পোলেণ্ডৰ ৱাৰ্শ্ব চহৰত অৱস্হিত।


১৪। কিউবান মিছাইল সংকট কিমান চনত সংগঠিত হৈছিল

উত্তৰ:-১৯৬১ চনত।


১৫। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম বেলগ্ৰেড সন্মিলনত অংশগ্ৰহণ কৰা মুঠ সদস্য ৰাষ্ট্ৰ কিমান আছিল?

উত্তৰ:- ২৫ খন ।


১৬। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন কত অনুষ্ঠিত হৈছিল ?

উত্তৰ:- গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন ১৯৬১ চনত বেলগ্ৰেডত অনুষ্ঠিত হৈছিল ।


১৭। বাৰ্লিন দেৱাল কেতিয়া প্ৰতিষ্ঠা কৰা হয়?

উত্তৰ:- ১৯৬১ চনত।


১৮। বাৰ্লিন দেৱাল কিমান চনত ভংগ কৰা হয়?

উত্তৰ:- ১৯৮৯ চনৰ নৱেম্বৰ মাহত।


       পাঠভিত্তিক প্ৰশ্নোত্তৰ-

 

অতি চমু প্ৰশ্ন-


১। শীলত যুদ্ধ কি ? নাইবা শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰ:- :- শীতল যুদ্ধ বুলিলে এনে এক পৰিস্হিতিক বুজাই য ত আনৱি ক শক্তিৰ অধিকাৰী দুই মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াই প্ৰত্যক্ষ যুদ্ধত লিপ্ত নহৈ গোটেই বিশ্বত নিজৰ আধিপত্য বিস্তাৰৰ বাবে সদাই চেষ্টা কৰি থাকে যাৰফলত বিভিন্ন সময়ত যুদ্ধৰ দৰে পৰিৱেশ সৃষ্টি কৰি সমগ্ৰ বিশ্বক এক শংকা আৰু উত্তেজনাৰ মাজত আৱদ্ধ কৰি ৰাখে।

             শীতল যুদ্ধ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত আৰম্ভ হৈছিল।


২। শীতল যুদ্ধৰ দুখন ক্ষেত্ৰ উল্লেখ কৰা।

উত্তৰ:- শীতল যুদ্ধৰ দুখন ক্ষেত্ৰ তলত উল্লেখ কৰা হল-

            ক) আমেৰিকা যুক্তৰাষ্ট্ৰ

            খ) ছোভিয়েট ৰাছিয়া


৩। ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰ শীতল যুদ্ধৰ লগত চুক্তিবদ্ধৰ দুটা কাৰণ লিখা।

উত্তৰ:- ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰ শীতল যুদ্ধৰ লগত চুক্তিবদ্ধৰ দুটা কাৰণ হল-

        ক) সামৰিক অভিযান চলাবৰ বাবে তৃতীয় বিশ্বৰ দেশসমূহৰ ভূ-খণ্ড ব্যৱহাৰ কৰা।

         খ) তৃতীয় ব্শ্বৰ দেশসমূহক চোৰাংচোৱাৰ ঘাটি হিচাপে ব্যৱহাৰ কৰা।


৪। দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰ শক্তি আৰু অক্ষীয় শক্তি বুলিলে কি বুজাই?

উত্তৰ:- মিত্ৰ শক্তি বুলিলে আমেৰিকা যুক্তৰাষ্ট্ৰ,ছোভিয়েট ৰাছিয়া,ব্ৰিটেইন, চীন আৰু ফ্ৰাস্ন আদি দেশক বুজাই।

           আনহাতে, অক্ষীয় শক্তি বুলিলে জাৰ্মানী,জাপান আৰু ইটালী আদি তিনিখন দেশক বুজাই।


৫। NATO-ৰ দুখন সদস্যৰ নাম লিখা।

উত্তৰ:- NATO-ৰ দুখন সদস্যৰ নাম  হল-

         ক)বেলজিয়াম,

         খ) আমেৰিকা যুক্তৰাষ্ট্ৰ


৬। CENTO মানে কি বুজা?

উত্তৰ:- CENTO মানে আমেৰিকা যুক্তৰাষ্ট্ৰই ৬ খন দেশৰ নিৰাপত্তাৰ বাবে গঠন কৰা সামৰিক মিত্ৰঁজোট। ইয়াৰ উদ্দেশ্য হল সমাজবাদী  শিবিৰৰ পৰা যিকোনো বাধা আহিলে তাক সমূহীয়াভাৱে প্ৰতিহত কৰা। ইয়াৰ কেইখন ৰাষ্ট্ৰকেইখন হল- ইৰাণ,ইৰাক,পাকিস্তান, তুৰ্কী ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আদি।


৭। ৱাৰ্শ্ব চুক্তিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ:- ছোভিয়েট ৰাছিয়াই ৮ খন দেশৰ নিৰাপত্তাৰ বাবে গঠন কৰা এটা সামৰিক মিত্ৰজোট। ইয়াৰ উদ্দেশ্য হল পুজিবাদী শিবিৰৰ পৰা যিকোনো ভাবুকি আহিলে তাক সমূহীয়াভাৱে বাধা দিয়া।


৮।গোষেঠীনিৰপেক্ষ আন্দোলনৰ ওপৰত চমুকৈ লাখা।

উত্তৰ:- তলৰ  দীঘল ৪ নং প্ৰশ্ন চোৱা।


৯। শীতল যুদ্ধৰ সময়ত ছোভিয়েট গোষ্ঠীৰ লগত যোগদান কৰা দুখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰ:- শীতল যুদ্ধৰ সময়ত ছোভিয়েট গোষ্ঠীৰ লগত যোগদান কৰা দুখন ৰাষ্ট্ৰৰ নাম হল-

      ক) আমেৰিকা যুক্তৰাষ্ট্ৰ

      খ) ছোভিয়েট ৰাছিয়া।


১০। NIEO ৰ অৰ্থ বুজাই লিখা।

উত্তৰ:- NIEO ৰ অৰ্থ হল নৱ্য-আন্তৰ্জাতিক অৰ্থব্যৱস্হা (NEW INTERNATIONAL ECONOMIC ORDER).


১১। একপক্ষীয় বিশ্বত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিতা কি?

উত্তৰ:- একপক্ষীয় বিশ্বত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিতা হল গোষ্ঠীনিৰপেক্ষ আন্দোলনে এক সামূহিক প্ৰতিৰোধ শক্তি হিচাপে কাম কৰি আছে।


১২। দ্বি-খণ্ডিত বিশ্বৰ সমাপ্তিৰ পিছত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিতা কি ?

উত্তৰ:- দ্বি-খণ্ডিত বিশ্বৰ সমাপ্তিৰ পিছত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিতা হল গোষ্ঠীনিৰপেক্ষ আন্দোলনে তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত সহযোগিতাৰ যথেষ্ঠ প্ৰাসংগিক কৰি ৰাখিছে।


১৩। শীতল যুদ্ধত মুখামুখী হোৱা দুটা শক্তিশালী গোষ্ঠীৰ নাম  লিখা।

উত্তৰ:- শীতল যুদ্ধত মুখামুখী হোৱা দুটা শক্তিশালী গোষ্ঠীৰ নাম হল-

       ক) আমেৰিকা যুক্তৰাষ্ট্ৰ

       খ) ছোভিয়েট ৰাছিয়া।


১৪। 'দ্বিতীয় বিশ্ব' মানে কি বুজা?

উত্তৰ:- ছোভিয়েট সমাজবাদী আদৰ্শত থকা দেশবোৰক দ্বিতীয় বিশ্ব বোলে। এই দেশসমূহে ১৯৫৫ চনত গঠিত ৱাৰ্শ্ব চুক্তিৰ জৰিয়তে ছোভিয়েট ৰাছিয়াৰ অধীনলৈ আহে।


১৫। শীতল যুদ্ধৰ যুগত দুই বৃহৎ গোষ্ঠীৰ বাহিৰে উদ্ভৱ হোৱা তৃতীয় গোষ্ঠীটো কি আছিল ?

উত্তৰ:- শীতল যুদ্ধৰ যুগত দুই বৃহৎ গোষ্ঠীৰ বাহিৰে উদ্ভৱ হোৱা তৃতীয় গোষ্ঠীটো আছিল গোষ্ঠীনিৰপেক্ষ আন্দোলন।


১৬। ভাৰতে কিয় NATO-ত যোগদান কৰা নাছিল?

উত্তৰ:- ভাৰতে পুজিবাদী শিবিৰ আৰু সমাজবাদী শিবিৰ দুয়োটাত যোগদান নকৰি নিৰপেক্ষ ভাৱে থাকি দেশীয় আৰু বৈদেশীক নীতি গ্ৰহণ কৰিব পাৰিছিল আৰু দুয়োটা শিবিৰৰ পৰা আৰ্থিক সাহায্য পাইছিল। নিজৰ স্বাৰ্থ পূৰণ হোৱাকৈ দুয়োটা মহাশক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰিছিল। সেয়েহে ভাৰতে NATO-ত যোগদান কৰা নাছিল।


খ) চমু প্ৰশ্ন( প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ)-


১। দ্বিতীয় বিশ্ব যুদ্ধত সংগঠিত হোৱা দুটা শিবিৰৰ নাম উল্লেখ কৰা ।

উত্তৰ:-দ্বিতীয় বিশ্ব যুদ্ধত সংগঠিত হোৱা দুটা শিবিৰৰ নাম তলত উল্লেখ কৰা হল-

         ক) মিত্ৰ শক্তি

          খ) চক্ৰ শক্তি


২। মিত্ৰ শক্তি আৰু অক্ষীয় শক্তি বুলিলে কি বুজাই?

উত্তৰ:-মিত্ৰ শক্তি বুলিলে আমেৰিকা যুক্তৰাষ্ট্ৰ,ছোভিয়েট ৰাছিয়া,ব্ৰিটেইন, চীন আৰু ফ্ৰাস্ন আদি দেশক বুজাই।

           আনহাতে, অক্ষীয় শক্তি বুলিলে জাৰ্মানী,জাপান আৰু ইটালী আদি তিনিখন দেশক বুজাই।


৩। আমেৰিকা যুক্তৰাষ্ট্ৰই আনৱিক বোমা নিক্ষেপ কৰা জাপানৰ দুখন চহৰৰ নাম লিখা ।

 উত্তৰ:- আমেৰিকা যুক্তৰাষ্ট্ৰই আনৱিক বোমা নিক্ষেপ কৰা জাপানৰ দুখন চহৰৰ নাম হল-

       ক) হিৰোছিমা

       খ) নাগাছাকি।


৪। শীতল যুদ্ধ বুলিলে কি বুজাই?

উত্তৰ:- শীতল যুদ্ধ বুলিলে এনে এক পৰিস্হিতিক বুজাই য ত আনৱি ক শক্তিৰ অধিকাৰী দুই মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াই প্ৰত্যক্ষ যুদ্ধত লিপ্ত নহৈ গোটেই বিশ্বত নিজৰ আধিপত্য বিস্তাৰৰ বাবে সদাই চেষ্টা কৰি থাকে যাৰফলত বিভিন্ন সময়ত যুদ্ধৰ দৰে পৰিৱেশ সৃষ্টি কৰি সমগ্ৰ বিশ্বক এক শংকা আৰু উত্তেজনাৰ মাজত আৱদ্ধ কৰি ৰাখে।


৫। শীতল যুদ্ধত মুখামুখী হোৱা দুটা শক্তিশালী গোষ্ঠীৰ নাম লিখা ।

                                    বা  

     শীতল যুদ্ধত সংগঠিত হোৱা দুটা শিবিৰৰ নাম লিখা ।

 উত্তৰ:- শীতল যুদ্ধত মুখামুখী হোৱা দুটা শক্তিশালী গোষ্ঠীৰ নাম হল-

            ক) আমেৰিকা যুক্তৰাষ্ট্ৰ বা পুঁজিবাদী শিবিৰ 

            খ) ছোভিয়েট ৰাছিয়া বা  সমাজবাদী শিবিৰ।


৬। শীতল যুদ্ধৰ সময়ত পৃথিৱীৰ স্বাধীন দেশসমূহে কিয় নিজৰ স্বাধীন অস্তিত্বক হেৰুৱাই কোনো এটা শিবিৰৰ অংশীদাৰ হৈছিল?দুটা কাৰণ দৰ্শোৱা ।

 উত্তৰ:- শীতল যুদ্ধৰ সময়ত পৃথিৱীৰ স্বাধীন দেশসমূহে নিজৰ স্বাধীন অস্তিত্বক হেৰুৱাই কোনো এটা শিবিৰৰ অংশীদাৰ হৈছিল। ইয়া দুটা কাৰণ তলত উল্লেখ কৰা হল-

        ক) প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধই পৃথিৱীৰ স্বাধীন দেশসমূহৰ অৰ্থনৈতিক আৰু সামৰিক শক্তি সম্পূৰ্ণৰুপে ভাঙি পেলাইছিল। যাৰফলত অৰ্থনৈতিক আৰু সামৰিক শক্তি পুনৰ গঠনৰ বাবে স্বাধীন দেশসমূহে যিকোনো এটা শিবিৰৰ অংশীদাৰ হৈছিল।

        খ) দুই মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ মাজত চলা প্ৰতিযোগিতাই সৰু-সৰু স্বাধীন দেশ সমূহৰ অস্তিত্বক যাতে বিলোপ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো এটা শিবিৰৰ অংশীদাৰ হৈছিল।


৭। আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ প্ৰতিৰক্ষা আৰু আধিপত্য প্ৰতিষ্ঠাৰ বাবে গঠন কৰা দুটা সামৰিক মিত্ৰজোঁটৰ নাম লিখা ।

উত্তৰ:-আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ প্ৰতিৰক্ষা আৰু আধিপত্য প্ৰতিষ্ঠাৰ বাবে গঠন কৰা দুটা সামৰিক মিত্ৰজোঁটৰ নাম হল-

    ক) উত্তৰ আটলাণ্টিক চুক্তি সংগঠন(NATO);

    খ) দক্ষিণ-পূব এছিয়া চুক্তি সংগঠন(SEATO)।


৮। NATO-ৰ দুটা মুখ্য উদ্দেশ্য উল্লেখ কৰা। 

উত্তৰ:-NATO-ৰ দুটা মুখ্য উদ্দেশ্য তলত উল্লেখ কৰা হল-

        ক) সমাজবাদী শিবিৰৰ পৰা যিকোনো বাধা আহিলে NATO-ৰ সদস্য সকলে সমূনহীয়াভাৱে প্ৰতিহত কৰা।

        খ) ৰাছিয়ানসকলক বাহিৰত ৰখা,আমেৰিকান সকলক ভিতৰত ৰখা আৰু জাৰ্মাণ সকলক ধ্বংস কৰা।


৯। NATO-ৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা ।

উত্তৰ:-NATO-ৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম হল-

         ক) বেলজিয়াম

         খ) আমেৰিকা যুক্তৰাষ্ট্ৰ।


১০। ৱাৰ্শ্ব চুক্তিৰ দুখন সদস্যৰ নাম লিখা ।

উত্তৰ:-ৱাৰ্শ্ব চুক্তিৰ দুখন সদস্যৰ নাম হল-

       ক) আলবেনিয়া

       খ) ছোভিয়েট ৰাছিয়া।


১১। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম বেলগ্ৰেড সন্মিলনত অংশগ্ৰহণ কৰা দুখন সদস্যৰ নাম উল্লেখ কৰা ।

উত্তৰ:-গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম বেলগ্ৰেড সন্মিলনত অংশগ্ৰহণ কৰা দুখন সদস্যৰ নাম তলত উল্লেখ কৰা হল-

          ক) ভাৰতবৰ্ষ

          খ) আফগানিস্তান।


১৩। শীতল যুদ্ধই সৃষ্টি কৰিব পৰা ধ্বংস ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দুটা সংগঠনৰ নাম লিখা।

 উত্তৰ:-শীতল যুদ্ধই সৃষ্টি কৰিব পৰা ধ্বংস ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দুটা সংগঠনৰ নাম হল-

        ক) গোষ্ঠীনিৰপেক্ষ আন্দোলন।

        খ) ৰাষ্ট্ৰসংগ।


১৪। শীতল যুদ্ধৰ যুগত দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ মাজত স্বাক্ষৰিত হোৱা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা।

উত্তৰ:-শীতল যুদ্ধৰ যুগত দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ মাজত স্বাক্ষৰিত হোৱা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা।

          ক) পাৰমাৱিক নি-সম্প্ৰসাৰণ চুক্তি

          খ) ক্ষেপণাস্ত্ৰ বিৰোধী চুক্তি।



গ) দীঘল প্ৰশ্ন( প্ৰতিটো ৪ আৰু ৬ নম্বৰৰ প্ৰশ্নোত্তৰ)-


১) গোষ্ঠীনিৰপেক্ষ আন্দোলনক এতিয়া অ-প্ৰাসংগিক বুলি ভাবানে?তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া ।

 উত্তৰ:-১৯৮০-ৰ দশকৰ পৰা শেষৰফালে সমাজবাদী শিবিৰ দুৰ্বল হৈ আহে আৰু ১৯৯১ চনত ছোভিয়েট ৰাছিয়া ভাগি পৰিল। ছোভিয়েট ৰাছিয়া ভাগি যোৱাৰ পিছত গৰি উঠা স্বাধীন ৰাষ্ট্ৰসমূহেও ক্ৰমে পুঁজিবাদৰ ফালে গতি কৰিলে। এনে পৰিস্তিতিত শীতল যুদ্ধৰো অৱসান ঘটিল। শীতল যুদ্ধৰ অৱসানৰ পাছত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিতা আছে নে-- এই প্ৰশ্নক কেন্দ্ৰ কৰি বিগত সময়ত আন্তৰ্জাতিক ৰাজনীতিত যথেষ্ট বিতৰ্ক হৈছে। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ অন্যতম উদ্যোক্তা ভাৰতবৰ্ষয়ো ১৯৯১ চনত অৰ্থনৈতিক সংস্কাৰৰ নীতি গ্ৰহণ কৰে। বিগত সময়ত ভাৰতবৰ্ষই আমেৰিকা যুক্তৰাষ্ট্ৰ লগত যথেষ্ট ঘনিষ্ট সম্পৰ্ক বৃদ্ধি কৰি তুলিছে। এই গোটেই গঠনা প্ৰৱাহে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিতা হেৰাই যোৱাৰ ইংগিত বহন কৰে। তথাপিও গোষ্ঠীনিৰপেক্ষ আন্দোলন জীয়াই আছে আৰু ২০১০ চনত এই আন্দোলনৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা ১১৮ টা। গোষ্ঠীনিৰপেক্ষ আন্দোলন যে এতিয়াও প্ৰাসংগিতা আছে সেই কথা তলত দিয়া যুক্তিসমূহে প্ৰতিপন্ন কৰে-

          ক)ছোভিয়েট ৰাছিয়া ভাঙি যোৱাৰ পিছতো বিশ্বত এটা মহাশক্তি আছে। এই মহাশক্তিৰ দ্বাৰা যাতে তৃতীয় বিশ্বৰ দেশসমূহৰ স্বাধীন অস্তিত্ব বিপদাপন্ন নহয় তাক নিশ্চত কৰিবৰ বাবে এক সামূহিক প্ৰতিৰোধ শক্তিৰ প্ৰয়োজন হয়। গোষ্ঠীনিৰপেক্ষ আন্দোলনে এনে এক সামূহিক প্ৰতিৰোধ শক্তি হিচাপে কাম কৰি পাৰে।

        খ) শীতল যুদ্ধৰ উত্তৰকালত গৰি উঠা আন্তৰ্জাতিক ব্যৱস্হা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। এনে অ-গণতান্ত্ৰকতাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈকো তৃতীয় বিশ্বৰ দেশসমূহক এক সামূহিক মঞ্চ লাগে।

        গ) শীতল যুদ্ধৰ সমাপ্তিয়ে তৃতীয় বিশ্বৰ দেশসমূহৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰি দিয়া নাই। এনে সমস্যা সমাধানৰ বাবে তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত সহযোগীতাৰ যথেষ্ট প্ৰাসংগিতা আছে। এনে প্ৰাসংগিতাই গোষ্ঠীনিৰপেক্ষ আন্দোলনে প্ৰাসংগিক কৰি ৰাখিছে।


২। শীতল যুদ্ধৰ যুগত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে ভাৰতৰ ভূমিকা আলোচনা কৰা ।

উত্তৰ:-গোষ্ঠীনিৰপেক্ষ আন্দোলন গৰি উঠাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহেৰুৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শীতল যুদ্ধৰ কালত আন্তৰ্জাতিক ৰাজনীতিত ভাৰতবৰ্ষৰ ভূমিকা এই আন্দোলৰ মতবাদৰ আদৰ্শ আৰু লক্ষ্যৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল।ভাৰতবৰ্ষই আন্তৰ্জাতিক ৰাজনীতিত সুবিধাবাদী নিৰপেক্ষ অৱস্হান গ্ৰহণ কৰা নাছিল। গোষ্ঠীনিৰপেক্ষ আন্দোলন সম্পৰ্কে আলোচনা কৰোতে জৱাহৰলাল নেহৰুৰ এক দীঘলীয়া উক্তি দাঙি ধৰা হৈছে। এই উক্তিৰ পৰা তিনিটা কথা স্পষ্টকৈ ওলাই আহিছে-

              ক) ফেচিবাদ,উপনিৱেশবাদ আৰু বৰ্ণবাদৰ দৰে দু-শক্তিৰ বিৰুদ্ধে ভাৰতবৰ্ষই দৃৰ অৱস্হান গ্ৰহণ কৰিছিল।

              খ) দুই মিত্ৰশক্তিয়ে গৰি তোলা সামৰিক মিত্ৰজোঁটৰ পৰা নিজকে আঁতৰাই ৰাখিছিল।

             গ) সামৰিক মিত্ৰজোঁটত নৱ্য স্বাধীনতাপ্ৰাপ্ত তৃতীয় বিশ্বৰ দেশসমূহক অন্তৰ্ভূক্তিৰ বাবে চলোৱা প্ৰচেষ্ঠাৰ বিৰোধিতা কৰিছিল।

          ভাৰতবৰ্ষই দুই মহাশক্তি ক্ৰমে আমেৰিকা যু্ক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ লগত সমদূৰত্ব আৰু সমবন্ধুত্ব বজাই ৰাখিবৰ বাবে চেষ্টা চলাইছিল। দুই মহাশক্তিয়ে পোষকতা কৰা দুই ভিন্ন মতাদৰ্শৰ সংমিশ্ৰণেৰে ভাৰতবৰ্ষই গণতান্ত্ৰিক সমাজবাদ গৰি তোলাৰ হকে প্ৰচেষ্টা চলাইছিল।

         আন্তৰ্জাতিক ৰাজনীতিত সৃষ্টি হোৱা উত্তেজনা ৰোধ কৰাৰ ক্ষেত্ৰতো ভাৰতবৰ্ষই সক্ৰিয় ভূমিকা পালন কৰিছিল। এই ক্ষেত্ৰত দুই মহাশক্তিৰ মাজত সৃষ্টি হোৱা সংঘাটৰ পৰিণতিত যাতে যুদ্ধৰ সূচনা নহয় সেই ক্ষেত্ৰত ভাৰতবৰ্ষই দুই মহাশক্তিৰ মাজত মধ্যস্হতাকাৰীৰ ভূমিকাও পালন কৰিছিল।

        আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰখাৰ ক্ষেত্ৰত ধুই মহাশক্তিৰ অংশীদাৰ নোহোৱা আৰু গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ সদস্যভুক্ত হোৱা ৰাষ্ট্ৰসমূহক সংগঠিত আৰু সক্ৰিয় কৰি তোলাৰ ক্ষেত্ৰতো ভাৰতবৰ্ষই উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।


৩। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ চাৰিগৰাকী মুখ্য খনিকৰৰ নাম উল্লেখ কৰা ।

উত্তৰ:-গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ চাৰিগৰাকী মুখ্য খনিকৰৰ নাম তলত উল্লেখ কৰা হল-

       ক) ইন্দোনেছিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি ছুকাৰ্ণো ;

       খ) ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু ;

       গ) ইজিপ্তৰ দ্বিতীয় ৰাষ্ট্ৰপতি গামাল আবদেল নাছাৰ ;

       ঘ) যুগোশ্লভিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি যোচিপ ব্ৰজ টিটো।


৪। শীতল যুদ্ধৰ যুগত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ ভূমিকা আলোচনাা কৰা। শীতল যুদ্ধোত্তৰ যুগত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা থকা বুলি ভাবানে ?তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা ।

উত্তৰ:-শীতল যুদ্ধৰ কাল  ত আন্তৰ্জাতিক ৰাজনীতিক দুটা মেৰুত বিভক্ত কৰাৰ প্ৰচেষ্টাৰ বিৰুদ্ধে তৃতীয় বিশ্বৰ স্বাধীনতাপ্ৰাপ্ত দেশসমূহ একত্ৰিত হৈ এক প্ৰত্যাহ্বন বা প্ৰতিৰোধ গৰি তুলিছি। এনে প্ৰতিৰোধ নিৰ্মাণৰ বাবে এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ দেশসমূহে গৰি তোলা মঞ্চক গোষ্ঠীনিৰপেক্ষ আন্দোলন নামেৰে জনা যায়। এই আন্দোলনৰ লক্ষ্য হল দুই মহাশক্তিৰ দ্বাৰা গৰি তোলা সামৰিক মিত্ৰজোঁটৰ পৰা আঁতৰত থাকি দেশায় বা বৈদেশাক ক্ষেত্ৰত স্বতন্ত্ৰ নীতি অনুসৰণ কৰা।

          গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন ১৯৬১ চনত বেলগ্ৰেডত অনুষ্ঠিত হৈছিল। তেতিয়া সেই সন্মিলনত মুঠ ২৫ খন সদস্য ৰাষ্ট্ৰই অংশ গ্ৰহণ কৰিছিল। এই আন্দোলনৰ মুখ্য খনিকৰ চাৰিজন। তেখেত সকলৰ নাম হল-ক) ইন্দোনেছিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি ছুকাৰ্ণো ;খ) ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু ;গ) ইজিপ্তৰ দ্বিতীয় ৰাষ্ট্ৰপতি গামাল আবদেল নাছাৰ ;ঘ) যুগোশ্লভিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি যোচিপ ব্ৰজ টিটো। ১৯৬১ চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনে পূৰ্ণৰুপ লোৱাৰ পূৰ্বে ১৯৫৬ চনত ইন্দোনেছিয়াত অনুষ্ঠিত হোৱা বাণ্ডুং সন্মিলনে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 

       '' গোষ্ঠীনিৰপেক্ষতা'' ধাৰণাটো প্ৰথমে ব্যৱহাৰ কৰিছিল ভাৰতবৰ্ষৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে। তিব্বত সম্পৰ্কত ভাৰত আৰু চীন দেশৰ মাজত ১৯৫৪ চনত স্বাক্ষৰিত হোৱা চুক্তিত পাঁচটা নীতি গ্ৰহণ কৰা হৈঠিল। যাক পঞ্চশীল নীতি বুলি কোৱা হয়। এই নীতিয়েই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ আধাৰ হৈ উঠে। এই নীতি কেইটা হল-

          ক) প্ৰত্যেক দেশৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক শ্ৰদ্ধা প্ৰদৰ্শন কৰা

          খ) আন দেশক আক্ৰমণৰ পৰা বিৰত থকা

          গ) আন ৰাষ্ট্ৰৰ আভ্যন্তৰীন বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকা

          ঘ) সকলো দেশকে সমভাৱে বিবেচনা কৰা আৰু পাৰস্পৰিক সাহায্য দিয়া

          ঙ) শান্তিপূৰ্ণ সহ-অৱস্হানৰ প্ৰতি সমৰ্থন জনোৱা।

      বাকীখিনি প্ৰশ্নোত্তৰ  ওপৰৰ ১ নং প্ৰশ্নোত্তৰ খিনি লিখিলে হব।


৫। দুই মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াই বিশ্বৰ ক্ষুদ্ৰ তথা আৰ্থিক ভাৱে দুৰ্বল দেশসমূহৰ লগত কিয় মিত্ৰতা স্বাপন কৰিছিল ? কাৰণ দৰ্শোৱা।

উত্তৰ:-দুই মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াই বিশ্বৰ ক্ষুদ্ৰ তথা আৰ্থিক ভাৱে দুৰ্বল দেশসমূহৰ লগত মিত্ৰতা স্বাপন কৰিছিল ? ইয়াৰ কাৰণ হল-

       ক) তৃতীয় বিশ্বৰ দেশসমূহ আৰ্থিকভাৱে একেবাৰে দুৰ্বল কিন্তু প্ৰাকৃতিক সম্পদত চহকী। এই দেশসমূহৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰৰ বাবে আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াই মিত্ৰতা স্বাপন কৰিছিল।

      খ) সামৰিক অভিযান চলাবৰ বাবে তৃতীয় বিশ্বৰ দেশসমূহৰ ভূ-খণ্ড ব্যৱহাৰ কৰা।

      গ) তৃতীয় ব্শ্বৰ দেশসমূহক চোৰাংচোৱাৰ ঘাটি হিচাপে ব্যৱহাৰ কৰা।

      ঘ) বৰ্ধিত সামৰিক ব্যয় বহন কৰিবৰ বাবে তৃতীয় বিশ্বৰ দেশসমূহৰ পৰা আৰ্থিক 

Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ