Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

'' বৰগীত'' কবিতাৰ পৰা সকলো গুৰুত্বপুৰ্ণ প্ৰশ্নোত্তৰ ২০২১

 ক) প্ৰতিটো ১,২,৩ আৰু ৪ নম্বৰৰ প্ৰশ্নোত্তৰ--

১। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়?

উত্তৰ:- মণিকাঞ্চন সংযোগ ।


২। 'মূৰুখ' শব্দৰ অৰ্থ কি?

উত্তৰ:- 'মূৰুখ' শব্দৰ অৰ্থ হল-মূৰ্খ ।


৩। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?

                     বা

    কোনখন গ্ৰন্হক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়?

উত্তৰ:- নামঘোষা


৪। মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান?

উত্তৰ:- ১৫৭ টা ।


৫। মাধৱদেৱে ৰচনা কৰা তিনিখন নাটকৰ নাম লিখা।

উত্তৰ:- মাধৱদেৱে ৰচনা কৰা তিনিখন নাটকৰ নাম হল-

           ক) অৰ্ঞ্জুন ভঞ্জন,

           খ) পিম্পৰা গুচোৱা,

           গ) ভূমি লেটোৱা।


৬। মাধৱদেৱে ৰচনা কৰা দুখন আখ্যানমূলক গ্ৰন্হৰ নাম লিখা।

উত্তৰ:- মাধৱদেৱে ৰচনা কৰা দুখন আখ্যানমূলক গ্ৰন্হৰ নাম হল-

          ক) আদিকাণ্ড ৰামায়ণ

          খ) ৰাজসূয় কাব্য ।


৭। 'উঠৰে উঠ বাপু গোপাল হে' বৰগীতটো কি ৰাগত বন্ধা?

উত্তৰ:- 'উঠৰে উঠ বাপু গোপাল হে' বৰগীতটো 'কৌ' ৰাগত বন্ধা ।


৮। বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি?ভাগসমূহ উল্লেখ কৰা ।

উত্তৰ:-মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাবসম্পন্ন আৰু ৰাগ-ৰাগিণীযুক্ত গীতসমূহক বৰগীত বুলি কোৱা হয়। বৰগীতত বেদ-উপনিষদৰ মৰ্মাৰ্থ, বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্ত হ্ৰদয়ৰ আকুল প্ৰাৰ্থনা সাংগীতিক ভাষাৰে বৰ্ণনা কৰা হৈছে।

        বৰগীতৰ বিষয়বস্তুক ৬ টা ভাগত ভগাব পাৰি। ভাগসমূহ তলত উল্লেখ কৰা হল-

                 ক) লীলা

                 খ) বিৰহ

                 গ) বিৰক্তি

                 ঘ) পৰমাৰ্থ

                 ঙ) চোৰ আৰু

                 চ) চাতুৰি

৯। বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰুপ কিদৰে পৰিস্ফুট হৈছে, আলোচনা কৰা ।( ৪ নম্বৰৰ প্ৰশ্নোত্তৰ)-

উত্তৰ:-বৰগীতটোৰ মাজেৰে আমি শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰুপ প্ৰকাশ পোৱা দেখিবলৈ পাওঁ।

         সাধাৰণ মানৱ শিশুৰ দ্বৰে শ্ৰীকৃষ্ণ যশোদাৰ গৃহত সকলো কাৰ্য কৰা দেখা যায়। যেনে-গৰু-গাই চৰুৱা,খাদ্যবস্তু লগত লৈ গৈ বনুৱাসকলৰ লগত ভগাই খোৱা,গছত উঠা,নিত্য গীত কৰা আদি। সাধাৰণ শিশুৰ দ্বৰে শ্ৰীকৃষ্ণক যশোদাই পুত্ৰৰুপে লাভ কৰি কোলাত লৈ বাৰে বাৰে চুমাও খাইছে। যশোদাই অৱশ্যে শ্ৰীকৃষ্ণ যে বিশ্বৰ গৰাকী ,সৃষ্টিকৰ্তা সেইটো গম পোৱা নাছিল। এনেদৰে শ্ৰীকৃষ্ণৰ মানৱীয়  ৰুপটো প্ৰকাশ পাইছে।

         আনহাতে, মাধৱদেৱে এইদৰে মাতৃ-পুত্ৰৰ মধুৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰুপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। সিদ্ধ মুনি,ঋষিসকলে বহু ধ্যান,বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায় বা সাক্ষাত পাবলৈ সক্ষম নহয়,তেনেজন পৰমেশ্বৰ বিশ্বৰ সৃষ্টিকৰ্তা। কঠোৰ তপস্যাৰ ফলত যশোদাই শ্ৰীকৃষ্ণক পুত্ৰৰুপে লাভ কৰি মৰম কৰিব পাৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা হ্ৰদয়স্পৰ্শী ৰুপত তুলি ধৰিছে।


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Political Science//HS 2nd Year final exam common questions &answers of Political Science in 2021

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ