Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

'' ভাৰতীয় আদৰ্শত বৈৰাগ্য '' পাঠৰ পৰা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ২০২১

 ক) প্ৰতিটো ১ আৰু ২ নম্বৰৰ প্ৰশ্নোত্তৰ--

১। ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্হান কেনেকুৱা ?

উত্তৰ:-ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্হান অতি উচ্চ।


২। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?

উত্তৰ:-ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হল বেদ।


৩। কৰ্ম কৰা কৌশলক ভগৱদগীতাত কি যোগ বুলি কোৱা হৈছে?

উত্তৰ:-কৰ্ম কৰা কৌশলক ভগৱদগীতাত কৰ্ম যোগ বুলি কোৱা হৈছে।


৪। তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি?

উত্তৰ:-তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ হল সত্য আৰু ধৰ্ম।


৫। সংবিভাজ্য কি?

উত্তৰ:-সংবিভাজ্য হল সমানে বিতৰণ কৰি ভোগ কৰা।


৬। বিদ্যা লাভৰ চৰম প্ৰাপ্য বিষয় দুটা কি কি?

উত্তৰ:-বিদ্যা লাভৰ চৰম প্ৰাপ্য বিষয় দুটা হল-

          ক) সত্য

          খ) ধৰ্ম


৭। ব্যক্তিৰ দায়িত্বৰ পৰিধি কিমান?

উত্তৰ:-ব্যক্তিৰ দায়িত্বৰ পৰিধি হল আপোনাৰ পৰা পৰিয়ালৰ,পৰিয়ালৰ পৰা সমাজ--এই তিনিটা কথা সোঁৱৰাই দিছে--'মাতৃ দেৱো ভৱ','আচাৰ্য দোৱো ভৱ' আৰু 'অতিথি দেৱো ভৱ'।


৮। প্ৰকৃত ত্যাগ কি?

উত্তৰ:-থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাহে প্ৰকৃত ত্যাগ।


৯। প্ৰকৃত বৈৰাগ্য কি?

উত্তৰ:-প্ৰকৃততে পোৱাৰ বা থকাৰ পিছতো যেতিয়া বিষয় ভোগৰ প্ৰতি মন আসক্ত নহয়,তেতিয়া তাক প্ৰকৃত বৈৰাগ্য বোলা হয়।


১০। বেদ কি?

উত্তৰ:-বেদ শব্দৰ উতপত্তিগত অৰ্থ হল জ্ঞান। স্বামী দয়ানন্দ সৰস্ততীয়ে বেদ শব্দৰ ব্যাখ্যা প্ৰসংগত কৈছে--''যৰ পৰা মানুহে সত্য বিদ্যা জানে অথবা লাভ কৰে অথবা বিচাৰ কৰে অথবা সত্য বিদ্যা প্ৰাপ্তিৰ বাবে ৰথ হয়। সেয়ে বেদ।''


১১। ''অন্নং ন নিন্দ্যাত,অন্নং বহুকুৰ্ৱীত তদব্ৰতম্।''---এনেদৰে কোন উপনিষদে কৈছে?   

 উত্তৰ:-    ''অন্নং ন নিন্দ্যাত,অন্নং বহুকুৰ্ৱীত তদব্ৰতম্।''---এনেদৰে তৈত্তিৰীয় উপনিষদে কৈছে।


১২। 'শ্ৰদ্ধয়া দেয়ম্' 'অশ্ৰদ্ধয়া অদেয়ম' মানে কি? 

উত্তৰ:-  'শ্ৰদ্ধয়া দেয়ম্' 'অশ্ৰদ্ধয়া অদেয়ম' মানে হল শ্ৰদ্ধাৰে দান কৰিবা,অশ্ৰদ্ধাযুক্ত মন লৈ 'নিদিলে নহয়' এনেভাৱে দান কৰা-নকৰা সমান।  

Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ

Class-12 Political Science//HS 2nd Year final exam common questions &answers of Political Science in 2021