Books related Information

'' বৈজ্ঞানিক মানসিকতা কিদৰে গৰিব পাৰোঁ'' পাঠৰ পৰা সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ২০২১

 ক) প্ৰতিটো ১ আৰু ২ নম্বৰৰ প্ৰশ্নোত্তৰ--

১। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি?

উত্তৰ:-বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হল ক্ষুদ্ৰ ভাইৰাচ।


২। 'বৈজ্ঞানিক মানসিকতা কিদৰে গৰিব পাৰোঁ' প্ৰবন্ধটো লেখকৰ কোনখন গ্ৰন্হৰ পৰা লোৱা হৈছে?

উত্তৰ:-'বৈজ্ঞানিক মানসিকতা কিদৰে গৰিব পাৰোঁ' প্ৰবন্ধটো লেখকৰ 'বৈজ্ঞানীক মন বৈজ্ঞানিক মানসিকতা' নামৰ গ্ৰন্হৰ পৰা লোৱা হৈছে।


৩। যাদু-মন্ত্ৰ বা তাবিজ-বিভুতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে?

উত্তৰ:-নোৱাৰি।


৪। বিশুদ্ধ খোৱা পানীৰ অভাৱত হোৱা দুটা বেমাৰৰ নাম উল্লেখ কৰা।

উত্তৰ:-বিশুদ্ধ খোৱা পানীৰ অভাৱত হোৱা দুটা বেমাৰৰ নাম তলত উল্লেখ কৰা হল-

          ক) জ্বৰ ;

          খ) ডায়েৰিয়া।


৫। বিজ্ঞানীৰ প্ৰধান কাম কি ?

উত্তৰ:-বিজ্ঞানীৰ প্ৰধান কাম হল পৰ্যবেক্ষণ কৰা,জোখ-মাপ লোৱা,সত্যৰ অনুসন্ধান কৰা,বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা।

৬। বৈজ্ঞানিক মানসিকতাৰ অভাৱত সমাজত বৰ্তি থকা দুটা অন্ধবিশ্বাস উল্লেখ কৰা।

উত্তৰ:-বৈজ্ঞানিক মানসিকতাৰ অভাৱত সমাজত বৰ্তি থকা দুটা অন্ধবিশ্বাস তলত উল্লেখ কৰা হল-

           ক) ডাইনি সত্যা।

           খ) যাদু-মন্ত্ৰ ।


৭। বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদানসমূহ উল্লেখ কৰা।

উত্তৰ:-বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদানসমূহ তলত উল্লেখ কৰা হল-

        ক) বৈজ্ঞানিক চিন্তাধাৰা ;

        খ) বৈজ্ঞানিক মনোভাৱ;

        গ) বৈজ্ঞানিক পদ্ধতি।


৮। আধুনিক বিজ্ঞানীয়ে পৰ্যবেজ্ঞণ কাৰ্যত ব্যৱহাৰ কৰা দুটা যন্ত্ৰৰ নাম উল্লেখ কৰা ।

উত্তৰ:-আধুনিক বিজ্ঞানীয়ে পৰ্যৱেজ্ঞণ কাৰ্যত ব্যৱহাৰ কৰা দুটা যন্ত্ৰৰ নাম তলত উল্লেখ কৰা হল-

          ক) দূৰবীন ;

          খ) অণুবীক্ষণ যন্ত্ৰ।


৯। পদাৰ্থ কণা-ত্বৰক কি?

উত্তৰ:-পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ বেগ ক্ৰমে বৃদ্ধি কৰি দিয়া যন্ত্ৰ বিশেষক পদাৰ্থ কণা-ত্বৰক বোলা হয়।


১০। ড০ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা আলোচনীখনৰ নাম কি?

উত্তৰ:-ড০ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা আলোচনীখনৰ নাম হল দৃষ্টি ।

খ) প্ৰতিটো ৪ নম্বৰৰ প্ৰশ্নোত্তৰ---

১। বৈজ্ঞানিক মানসিকতা মানে কি? বুজাই লিখা।

উত্তৰ:-বিজ্ঞানসন্মত চিন্তা-চৰ্চাৰে কোনো বস্তু বা ঘটনা বিচাৰ-বিশ্লেষণ কৰিব পৰা মানসিক শক্তিয়ে হল বৈজ্ঞানিক মানসিকতা । বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হবলৈ কোনো এজন মানুহ বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী হোৱাৰ প্ৰয়োজন নাই। আনহাতে,বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী হলেও কোনো লোকৰ বৈজ্ঞানিক মানসিকতা নাথাকিব পাৰে অৰ্থাত,তেওঁ পৰম্পৰাবাদী আৰু অন্ধবিশ্বাসী হব পাৰে। সমাজৰ নিৰক্ষৰ,হোজা লোক এজনো বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হব পাৰে।


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ