Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

Economics//HS 2nd Year final exam for most important question & answers in 2021

ক) অতি চমু প্ৰশ্নোত্তৰ ( ১ ,২ আৰু ৩ নম্বৰ প্ৰতিটো)।


১। দ্ৰৱ্য মানে কি?
উত্তৰ: যিবোৰ বস্তুক স্পৰ্শ কৰিব পাৰি আৰু অভাৱ পুৰণ কৰিব পাৰি,তাকে দ্ৰৱ্য বোলে। উদাহৰণস্বৰুপে, খাদ্য বস্তু, বাসস্থান ইত্যাদি।


২। সেৱা মানে কি?
উত্তৰ :যিবোৰ বস্তুক স্পৰ্শ কৰিব নোৱাৰি আৰু অভাৱ পুৰণ কৰিব পৰা ক্ষমতা থাকে,তাক সেৱা বোলে। উদাহৰণস্বৰুপে,ডাক্তৰ, শিক্ষক ইত্যাদি।


৩। সুযোগ ৱ্যয় কি?
উত্তৰ উতপাদনবোৰ বিকল্প ব্যৱহাৰৰ ফলত যি ক্ষতি হয়,তাকে সুযোগ ৱ্যয় বোলে। উদাহৰণস্বৰুপে, এজন খেতিয়কে যদি বেছিকৈ ধান উতপাদন কৰাব বিচাৰে,তেনেহলে খেতিয়কে আন সামগ্ৰী কম পৰিমানে উতপাদন কৰিব লাগিব। যাৰফলত, কিছু ৱ্যয় হয়।


৪। সুযোগ ৱ্যয়ক----------বুলি কোৱা হয়।
উত্তৰ :সুযোগ ৱ্যয়ক  অৰ্থনৈতিক ৱ্যয়  বুলি কোৱা হয়।

৫। মিশ্ৰ অৰ্থনীতি কি?
উত্তৰ:মিশ্ৰ অৰ্থনীতি হল ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ সহ-অৱস্হান।

৬। দুষ্প্ৰাপ্যতা মানে কি?
উত্তৰ:দুষ্প্ৰাপ্যতা মানে হল যিবোৰ বস্তু পাবলৈ টান অৰ্থাত যিবোৰ বস্তু পোৱা সহজে পোৱা নাযায়।

৭। বজাৰ অৰ্থনীতি কি?
উত্তৰ:বজাৰ অৰ্থনীতি হল এনে এটা অনুষ্টান যত বজাৰৰ জৰিয়তে  আটাইবোৰ অৰ্থনৈতিক কাৰ্যকলাপ নিৰ্ণয় কৰা হয়। ইয়াত ৰাষ্ট্ৰ বা চৰকাৰৰ ভূমিকা অতি নগন্য।


৮। অৰ্থনীতিৰ  দুটা কেন্দ্ৰীয় সমস্যা উল্লেখ কৰা।
উত্তৰ:অৰ্থনীতিৰ  দুটা কেন্দ্ৰীয় সমস্যা তলত উল্লেখ কৰা হল:--
   ক) কি সামগ্ৰী উ পাদন কৰা হৱ আৰু কিমান পৰিমানত উ পাদন কৰা হৱ ।
   খ) দ্ৰৱ্যবোৰ কেনেকৈ উতপাদন কৰা হব আৰু কি পদ্ধতিত উৎপাদন কৰা হব।


৯। মিশ্ৰ অৰ্থনীতিৰ দুটা বৈশিষ্ট উল্লেখ কৰা
উত্তৰ মিশ্ৰ অৰ্থনীতিৰ দুটা বৈশিষ্ট  তলত উল্লেখ কৰা হল 
   ক) এনে আৰ্থিক ব্যৱস্হাত ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ সহ-অৱস্হান কৰে।
   খ) এনে আৰ্থিক ব্যৱস্হাত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰৰ দ্বাৰা লোৱা হয়।


১০। বজাৰ অৰ্থনীতিৰ দুটা বৈশিষ্ট লিখা।
উত্তৰ: বজাৰ অৰ্থনীতিৰ দুটা বৈশিষ্ট হল-
      ক) এনে বজাৰত য়োগান আৰু চাহিদাই সামগ্ৰীৰ মূল্য নিৰ্ণয় কৰে।
      খ) এনে বজাৰত সামগ্ৰী একোটাৰ দাম বৃদ্ধি হলে উৎপাদনকাৰীয়ে সেই সামগ্ৰীটো অধিক উৎপাদন কৰিব।


১১।আদৰ্শগত অৰ্থনীতি কি?
উত্তৰ :আদৰ্শগত অৰ্থনীতি হল বিচাৰযুক্ত অৰ্থৰ্নীতি যত অৰ্থনীতিত কোনো বস্তু বা গঠনা কেনে হোৱা উচিত বা অনুচিত বিচাৰ কৰি চোৱা হয়।


১২। যথাৰ্থ অৰ্থনীতি বা বৰ্ণনাবিত্তিক অৰ্থনীতি কি?
উত্তৰ :যথাৰ্থ অৰ্থনীতি বা বৰ্ণনাবিত্তিক অৰ্থনীতি হল অৰ্থনৈতিক আচৰণৰ যুক্তিসংগত বৰ্ণাত্মক বিশ্লোষণ।


১৩।ব্যষ্টিবাদী অৰ্থনীতি ?
উত্তৰ:যেতিয়া অৰ্থনীতিত সমষ্টি গঠনকাৰী গোটসমূহ পৃথকীকৃত কৰি প্ৰতিটো গোটৰ বিষয়ে সুখীয়া-সুখীয়াকৈ অধ্যায়ণ কৰা,তাকে ব্যষ্টিবাদী অৰ্থনীতি বোলে।উদাহৰণস্বৰুপে,একোজন ব্যক্তিৰ আয়,সঞ্চয় আৰু বিনিয়োগ ইত্যাদি।


১৪।সমষ্টিবাদী অৰ্থনীতি কি?
উত্তৰ:যেতিয়া অৰ্থনীতিত অৰ্থনীতিৰ সমষ্টি গঠনকাৰী গোটসমূহ পৃথকীকৃত নকৰি সমষ্টিটোক সামগিৰীকভাৱে বা সামগ্ৰীক দৃষ্টিভংগীৰে অধ্যায়ণ কৰা,তাকে সমষ্টিবাদী অৰ্থনীতি বোলে। উদাহৰণস্বৰুপে,জাতিয় আয়,জাতীয় সঞ্চয়,সৰ্বমুঠ বিনিময় আৰু  উৎপাদন ইত্যাদি।


১৫। অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাবোৰ আলোচনা কৰা।
উত্তৰ :অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাবোৰ তলত আলোচনা কৰা হল:--
   ক) কি সামগ্ৰী উ পাদন কৰা হৱ আৰু কিমান পৰিমানত  উৎপাদন কৰা হৱ :প্ৰতিখন সমাজে সম্বাভনীয় বহুতো দ্ৰৱ্য আৰু সেৱাৰ প্ৰতিটোৰ কিনান পৰিমানে উতপাদন কৰিব লাগিব তাৰ সিদ্ধান্ত লব লাগে।যিহেতু উৎপাদনশীল সম্পদৰ পৰীমান সীমিত।সেয়েহে অসংখ্য মানুহৰ চাহিদা পূৰণৰ অৰ্থে যথেষ্ট বস্তু বা সেৱা উৎপাদনকৰা সম্ভৱ নহয়।উদাহৰণস্বৰুপে, যদি সমাজখনে বেছিকৈ বস্তু উৎপাদন কৰিব বিচাৰে,তেন্তে খাদ্য দ্ৰব্যৰ পৰিমাণ কমাব  লাগিব।
   খ) দ্ৰৱ্যবোৰ কেনেকৈ উতপাদন কৰা হব আৰু কি পদ্ধতিত উৎপাদন কৰা হব: বিৱিন্ন দ্ৰৱ্য আৰু সেৱাৰ প্ৰতিটো উতপাদন কৰোতে প্ৰতিখন সমাজে কোনটো সম্পদৰ কিমানখিনি ৱ্যবহাৰ কৰিব লাগিব তাৰ সিদ্ধন্ত লব লাগে। অৰ্থাত শ্ৰমিক বেছিকৈ নে যন্ত্ৰপাতি বেছিকৈ ব্যৱহাৰ কৰিব লাগে তাৰ সিদ্ধন্ত লৱ লাগে।
   গ) দ্ৰৱ্যবোৰ কাৰ বাবে উতপাদন কৰা হব :অৰ্থনীতিৰ উৎপাদনখিনি অৰ্থনীতিৰ ব্যক্তিবোৰৰ মাজত কেনেদৰে বিতৰণ কৰা হব বা কোনে বেছিকৈ পাব বা কোনে কমকৈ পাব তাৰ সিদ্ধন্ত কৰে।


১৬।  উৎপাদন সম্ভানীয় সীমাৰেখা বা পান্তৰৰ বিষয়ে চমুকৈ আলোচনা কৰা ।
 উত্তৰ: এক নিৰ্দি্ষ্ট আৰ্থিক ব্যৱস্হাত যি পৰিমানে সম্পদ উপলব্ধ হয়। সেই সম্পদ প্ৰযুক্তিবিদ্যাৰ সহায়ত ব্যৱহাৰ কৰি সামগ্ৰীৰ বিভিন্ন সমাবেশ গঠিব পাৰে। ইয়াকে উৎপাদন সম্ভানীয় সীমাৰেখা বা পান্তৰ বোলে। উদাহৰণস্বৰুপে, 'X' সামগ্ৰীটো অধিক পৰিমানে উৎপাদন কৰিলে সেই একে পৰিমানৰ 'Y' সামগ্ৰীটোৰ বাবে সম্পদৰ পৰিমাণ কম হব। তলত এখন তালিকাৰ সহায়ত ইয়াক বুজাই দিয়া হল
               সম্ভাৱনা---------ধান-------------কপাহ
                   A                0                      10
                   B                1                       9
                   C                2                        8
                   D                3                       7
                   E                4                       0
         ওপৰৰ তালিকাৰ পৰা দেখা যায় যে, আটাইখিনি সম্পদ যদি ধান উৎপাদনত ব্যৱহাৰ কৰা হয়,তেন্তে সৰ্বাধিক ৪ গোট পৰিমাণৰ ধান উৎপাদন কৰা হব আৰু আটাইখিনি সম্পদ যদি কপাহ  উৎপাদনত ব্যৱহাৰ কৰা হয়,তেন্তে সৰ্বাধিক ১০ গোট পৰিমাণৰ কপাহ উৎপাদন কৰা হব। আকৌ, ১ গোট ধান আৰু ৯ গোট কপাহ,২ গোট ধান আৰু ৮ গোট কপাহ,৩ গোট ধান আৰু ৭ গোট কপাহ উৎপাদন কৰিব পাৰিব।


 ১৭। কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰ: কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিত চৰকাৰে বা কেন্দ্ৰীয় অধিকৰ্তাই অৰ্থনীতিৰ সকলোবোৰ গুৰুত্বপূৰ্ণ কাৰ্যকলাপ পৰিচালনা কৰে। দ্ৰৱ্য আৰু সেৱাৰ উৎপাদন,বিনিময় আৰু উপভোগৰ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰে। এই আৰ্থিক ব্যৱস্হাত সাধাৰণতে,নিৰ্দিষ্ট সময়ছোৱাৰ বাবে কিছুমান পৰিকল্পনা কৰা হয় আৰু তাত অগ্ৰাধিকাৰ ভিত্তিত কিছুমান লক্ষ্য স্হিৰ কৰা হয়।
           কেন্দ্ৰীয়ভাৱে পৰিকল্পিত আৰ্থিক ব্যৱস্হাত কি সামগ্ৰী উৎপাদন কৰা হৱ আৰু কিমান পৰিমানত উৎপাদন কৰা হৱ,দ্ৰৱ্যবোৰ কেনেকৈ উৎপাদন কৰা হব আৰু কি পদ্ধতিত উৎপাদন কৰা হব ,দ্ৰৱ্যবোৰ কাৰ বাবে উৎপাদন কৰা হব -এই অৰ্থনৈতিক সিদ্ধান্তবোৰ ৰাষ্ট্ৰই গ্ৰহণ কৰে। কিন্তু ব্যক্তিগত খণ্ডই এইবোৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে।


১৮। বজাৰ অৰ্থনীতিৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰ :বজাৰ অৰ্থনীতি কি সামগ্ৰী উৎপাদন কৰা হব আৰি কিমান পৰিমানত উৎপাদন কৰা হব,কিদৰে উৎপাদন কৰা হব আৰু কাৰ বাবে উৎপাদন হব--এই আটাইবোৰ অৰ্থনৈতিক সিদ্ধান্ত বজাৰৰ  কাৰ্যকলাপৰ জৰিয়তে নিৰ্ণয় কৰা হয়। ইয়াত চৰকাৰ আৰু ৰাষ্ট্ৰৰ ভূমিকা নগন্য। বজাৰত  যোগান আৰু চাহিদাই সামগ্ৰীৰ মূল্য নিৰ্ণয় কৰে। সামগ্ৰী একোটাৰ দাম বৃদ্ধি হলে উৎপাদনকাৰীয়ে সেই সামগ্ৰীটো অধিক উ পাদন কৰিব। চমুকৈ,বজাৰ অৰ্থনীতি হল এনে এটা অনুষ্টান যত বজাৰৰ জৰিয়তে  আটাইবোৰ অৰ্থনৈতিক কাৰ্যকলাপ নিৰ্ণয় কৰা হয়।


১৯। কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি  আৰু বজাৰ অৰ্থনীতিৰ মাজত তিনিটা পাৰ্থক্য উল্লেখ কৰা ।
উত্তৰ :কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি আৰু বজাৰ অৰ্থনীতিৰ মাজত তিনিটা পাৰ্থক্য তলত উল্লেখ কৰা হল :---
   ক) কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিত চৰকাৰে বা কেন্দ্ৰীয় অধিকৰ্তাই অৰ্থনীতিৰ সকলোবোৰ গুৰুত্বপূৰ্ণ কাৰ্যকলাপ পৰিচালনা কৰে। 
          আনহাতে,বজাৰ অৰ্থনীতিত বজাৰৰ জৰিয়তে অৰ্থীনিতিৰ আটাইবোৰ কাৰ্যকলাপ পৰিচালনা কৰা হয়।
    খ) কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিত উৎপাদন,বিতৰণ,বিনিময় আৰু ভোগকাৰ্য্য সম্পৰ্কে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে,বজাৰ অৰ্থনীতিত অৰ্থনৈতিক সিদ্ধান্তবোৰ দৰকৌশলৰ দ্বাৰা পৰিচালিত হয়।
     গ) কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিৰ উদ্দেশ্য হৈছে সামাজিক উন্নয়ণ সাধন কৰা। আনহাতে, বজাৰ অৰ্থনীতিৰ উদ্দেশ্য হল ব্যক্তিগত মুনাফা লাভ কৰা।


২০। যথাৰ্থ অৰ্থনীতি আৰু আদৰ্শগত অৰ্থনীতিৰ মাজত চাৰিটা পাৰ্থক্য নিৰ্ণয় কৰা।
উত্তৰ :যথাৰ্থ অৰ্থনীতি আৰু আদৰ্শগত অৰ্থনীতিৰ মাজত চাৰিটা পাৰ্থক্য তলত উল্লেখ কৰা হল 
   ক) যথাৰ্থ অৰ্থনীতিত বস্তু যেনেদৰে থাকে,তাক তেনেদৰে অধ্যয়ণ কৰা হয়,উচিত বা অনুচিতৰ বিষয়ে বিচাৰ কৰি চোৱা নহয়।
        আনহাতে,আদৰ্শগত অৰ্থনীতিত কোনো বস্তু বা গঠনা কেনে হোৱা উচিত বা অনুচিত বিচাৰ কৰি চোৱা হয়।
    খ) যথাৰ্থ অৰ্থনীতিয়ে অৰ্থসম্পৰ্কে নিৰপেক্ষ হৈ থাকে।আনহাতে,আদৰ্শগত অৰ্থনীতিয়ে এইক্ষেত্ৰত নিৰপেক্ষতা অৱলম্বণ নকৰে।
    গ) যথাৰ্থ অৰ্থনীতিয়ে অধিক বাস্তৱমুখী বাস্তৱিক কোনো সমস্যা দাঙি ধৰি তাক সমাধানৰো পথৰ নিৰ্দেশ কৰে। আনহাতে,আদৰ্শগত অৰ্থনীতিয়ে সমস্যা আৰু সমাধান উভয়ৰে বিচাৰ কৰে।
    ঘ) যথাৰ্থ অৰ্থনীতিয়ে প্ৰাকৃতিক বিঙ্গানত অধ্যায়ণ কৰাৰ দৰে কাৰণ আৰু ফলাফলৰ অধ্যায়ণ কৰে। আনহাতে,আদৰ্শগত অৰ্থনীতিয়ে এনে বিশ্লষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।


২১। ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ মাজত দুটা পাৰ্থক্য লিখা।
উত্তৰ :ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ মাজত দুটা পাৰ্থক্য তলত উল্লেখ কৰা হল
   ক) ব্যষ্টিবাদী অৰ্থনীতি হল সমষ্টি গঠনকাৰী গোটসমূহ পৃথকীকৃত কৰি প্ৰতিটো গোটৰ বিষয়ে সুখীয়া-সুখীয়াকৈ অধ্যায়ণ কৰা।
        আনহাতে,সমষ্টিবাদী অৰ্থনীতি হল অৰ্থনীতিৰ সমষ্টি গঠনকাৰী গোটসমূহ পৃথকীকৃত নকৰি সমষ্টিটোক সামগিৰীকভাৱে বা সামগ্ৰীক দৃষ্টিভংগীৰে অধ্যায়ণ কৰা।
    খ) সম্পদৰ বিতৰণ নিৰ্ণয় কৰাটো ব্যষ্টিবাদী অৰ্থনীতিৰ মূল সমস্যা। আনহাতে,আয় আৰু উৎপাদন স্তৰ নিৰ্ণয় কৰাটো সমষ্টিবাদী অৰ্থনীতিৰ মূল সমস্যা। 


    
       Also read Assamamese question answer--































   

Comments

Post a Comment

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Political Science//HS 2nd Year final exam common questions &answers of Political Science in 2021

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ