Books related Information

Ordinal Utility Approach(Economics)// HS 2nd Year final exam common question &answer of economics in 2021

 ক) অতি চমু প্ৰশ্ন( প্ৰতিটো ১ প্ৰশ্নোত্তৰ):--


১। বাজেট ৰেখা কি

উত্তৰ:- উপভোক্তা এজনৰ নিৰ্দিষ্ট আয় আৰু দুটা সামগ্ৰীৰ নিৰ্দিষ্ট দামত যি পৰিমাণৰ টোপোলা উপভোক্তাজনে ক্ৰয় কৰিব পাৰে( যত মুঠ আয় =মুঠ ব্যয়),তাকে লেখচিত্ৰত সহায়ত উপস্হাপন কৰাকে বাজেট ৰেখা বোলে। 

    ইয়াৰ চৰ্ত হল:- Px+Py=M

 যত,Px+Py= দুটা দ্ৰৱ্য

               M =  মুঠ আয়    

          তলত বাজেট ৰেখাৰ চিত্ৰ দেখুওৱা হল--

       

                                 

                                                             চিত্ৰ- বাজেট ৰেখা 




২। বাজেট ৰেখাৰ তলৰ বিন্দুবোৰে কি বুজাই?

উত্তৰ:- বাজেট ৰেখাৰ তলৰ বিন্দুবিলাকে সেইবিলাক টোপালক বুজায় যিবিলাকৰ উপভোগৰ ব্যয় মুঠ আয়তকৈ কম হয়।


৩। উপভোক্তাৰ বাজেট সীমাবদ্ধতা মানে কি?

উত্তৰ:- বাজেট সমীকৰণটো হল Px+Py< M আৰু এই সমীকৰণৰ অসমানতাক উপভোক্তাৰ বাজেট সীমাবদ্ধতা বোলে।


৪। বাজেট ৰেখাৰ আকৃতি কেনে কোৱা?

উত্তৰ:- বাজেট ৰেখাৰ আকৃতি তলফালে হেলনীয়া।


৫। নিৰপেক্ষ ৰেখা কি?

উত্তৰ:- যিডাল ৰেখাৰ বিভিন্ন বিন্দুত নিৰ্দিষ্ট সামগ্ৰী দুটাৰ বিভিন্ন সমষ্টি বুজোৱা হয় আৰু সেই সমষ্টিৰ পৰা গ্ৰাহকে লাভ কৰা সন্তুষ্টিৰ পৰিমাণ একেই বা সমাণ হয়,সেই ৰেখাডালকে নিৰপেক্ষ ৰেখা বোলে।


৬। নিৰপেক্ষ মানচিত্ৰ কি?

  উত্তৰ:- একেটা চিত্ৰতে এডালতকে অধিক নিৰপেক্ষ ৰেখা অংকণ কৰাকে নিৰপেক্ষ মানচিত্ৰ  বোলে।


৭।  নিৰপেক্ষ ৰেখাৰ ঢাল কেনে কোৱা?

উত্তৰ:-নিৰপেক্ষ ৰেখাৰ ঢাল তলফালে নিম্নগামী হয়।


৮। অৰ্থনীতিত সাধাৰণতে উপভোক্তাজনক---------উপভোক্তা।

 উত্তৰ:-অৰ্থনীতিত সাধাৰণতে উপভোক্তাজনক এজন বিবেচক উপভোক্তা।


৯। উপভোক্তাৰ কাম্য বিন্দু কি?

উত্তৰ:-উপভোক্তাৰ কাম্য বিন্দু হল যিটো বিন্দুত বাজেট ৰেখাডালে এডাল নিৰপেক্ষ ৰেখাক স্পৰ্শ কৰে। 


১০। বিকল্পিকৰণৰ হাৰ কি?

উত্তৰ:- এটা সামগ্ৰীৰ অতিৰিক্ত এক একক সংগ্ৰহ কৰোঁতে গ্ৰাহকে আনটো সামগ্ৰীৰ যি পৰিমাণ হেৰুৱাব লগা হয়,সেই পৰিমাণেই হল বিকল্পিকৰণৰ হাৰ ।


খ) চমু প্ৰশ্ন(প্ৰতিটো ২ নম্বৰৰ প্ৰশ্ন):--


ক) উপভোক্তাজনৰ মুঠ মুদ্ৰাগত আয় M আৰু তেওঁ গোটেইখিনি আয় Xআৰু Y সামগ্ৰী দুটা কিনাত খৰচ কৰিব বিচাৰে। সামগ্ৰী দুটাৰ দাম Px  অৰু Py হলে উপভোক্তাজনৰ বাজেট সমীকৰণ নিৰ্ণয় কৰা।

উত্তৰ:- উপভোক্তাৰ বাজেট ৰেখা নিৰ্ণয় কৰিবলৈ Xআৰু Y সামগ্ৰীত খৰচ হোৱা ব্যয়ৰ পৰিমাণ মুঠ আয়ৰ সমাণ হব লাগিব। উপভোক্তাৰ  বাজেট ৰেখাৰ সমীকৰণ তলত প্ৰকাশ কৰা হল:-

                  Px.x+Py.y=M

   যত,

           Px=x দ্ৰৱ্যৰ চাহিদাৰ পৰিমাণ

           Py=Y দ্ৰৱ্যৰ চাহিদাৰ পৰপিমাণ

           X= xদ্ৰৱ্যৰ  দৰ

           Y=Y দ্ৰৱ্যৰ দৰ

২। উপভোক্তা এজনৰ মাহিলী আয় ৪০০ টকা। তেওঁ এই আয় সম্পূৰ্ণৰুপে Xআৰু Y ক্ৰয়ৰ বাবে ব্যয় কৰে। দ্ৰৱ্য X-ৰ দাম ২০ টকা আৰু  Y-ৰ দাম ২৫ টকা হয়,তেন্তে এই দ্ৰৱ্যৰ ওপৰত ভিত্তি কৰি --

      ক) বাজেট ৰেখা অংকণ কৰা।

      খ) যদি Y-ৰ মূল্য হ্ৰাসহৈ ২০ টকা হয় আৰু X-দ্ৰৱ্যৰ মূল্য একেই থাকে,তেনেহলে বাজেট ৰেখাৰ কি পৰিৱৰ্তন হব?

উত্তৰ:- ক) বাজেট সমীকৰণটো হল-

                 20x+25y=400


            


                                                       চিত্ৰ- বাজেট ৰেখা

            খ) যদি Y-দ্ৰৱ্যৰ মূল্য হ্ৰাস হৈ ২০ টকা হয় আৰু X-দ্ৰৱ্যৰ মূল্য একেই থাকে,তেনেহলে  বাজেট ৰেখা বাওফালে  স্হানান্তৰিত হব।

        তলত চিত্ৰত দেখুওৱা হল-

     


                                                       চিত্ৰ-বাজেট ৰেখা বাওফালে স্হান্তৰিত



৩। নিৰপেক্ষ ৰেখাৰ ঢাল ধনাত্মক বা নিম্নগামী হোৱাৰ কাৰণ দিয়া।

উত্তৰ:- নিৰপেক্ষ ৰেখাৰ ঢাল নিম্নগামী হোৱাৰ কাৰণ হল-উপভোক্তাই এটা সামগ্ৰী অধিক পৰিমাণে সংগ্ৰহ কৰিব বিচাৰিলে আনটো সামগ্ৰী উপভোগৰ পৰিমাণ হ্ৰাস কৰিব লাগিব যত ভোক্তাই একে পৰিমাণৰ সন্তুষ্টি আহৰণ কৰিব।

        নিৰপেক্ষ ৰেখা এডালৰ চিত্ৰ তলত অংকণ কৰা হল-

   


                                                   চিত্ৰ- নিৰপেক্ষ ৰেখা


৪। বাজেট ৰেখা কি? বাজেট ৰেখা কিয় তলফালে হেলনীয়া?

উত্তৰ:- উপভোক্তা এজনৰ নিৰ্দিষ্ট আয় আৰু দুটা সামগ্ৰীৰ নিৰ্দিষ্ট দামত যি পৰিমাণৰ টোপোলা উপভোক্তাজনে ক্ৰয় কৰিব পাৰে( যত মুঠ আয় =মুঠ ব্যয়),তাকে লেখচিত্ৰত সহায়ত উপস্হাপন কৰাকে বাজেট ৰেখা বোলে। 

      বাজেট ৰেখা তলফালে হেলনীয়া কাৰণ গ্ৰাহকে এটা সামগ্ৰী অধিক পৰিমাণে সংগ্ৰহ কৰিব বিচাৰিলে আনটো সামগ্ৰী কম পৰিমাণে সংগ্ৰহ কৰিব লাগিব যদিহে সন্তুষ্টিৰ পৰিমাণ একেটা স্তৰতে বৰ্তি থাকে। তলত এখন চিত্ৰ অংকণ কৰি দেখুওৱা হল-


                                                     চিত্ৰ- বাজেট ৰেখা



৫। এজন উপভোক্তাই তেওঁৰ মুদ্ৰা আয়ৰে X-সামগ্ৰীৰ ৩০ একক আৰু Y-সামগ্ৰীৰ ২৪ একক ক্ৰয় কৰিব পাৰে। সামগ্ৰী দুটাৰ দৰ ক্ৰমে ২০ টকা আৰু ২৫ টকা । উপভোক্তাৰ দৰ আয় নিৰ্ণয় কৰা ।

উত্তৰ:- দিয়া আছে,

                 X-সামগ্ৰী= ৩০ একক

                 Y-সামগ্ৰী= ২৪  '' 

                  Px= ২০ টকা 

                 Py=২৫ টকা 

এতিয়া,

               Px.x+Py.y=M

              =>20x30+25x24=M

              =>M=20x30+25x24

              =>M=600+600

              =>M=1200

.'. মুদ্ৰাগত আয়(M)=1200 টকা।


গ) দীঘল প্ৰশ্ন(প্ৰতিটো ৪ নম্বৰৰ):--


১। নিৰপেক্ষ ৰেখাৰ চাৰিটা বৈশিষ্ট উল্লেখ কৰা।

উত্তৰ:- নিৰপেক্ষ ৰেখাৰ চাৰিটা বৈশিষ্ট তলত উল্লেখ কৰা হল--

   ক) নিৰপেক্ষ ৰেখাডাল সোঁপিনে হেলনীয়া হৈ নামি আহে। ইয়াৰ পৰা বুজিব লাগিব যে গ্ৰাহকে এটা সামগ্ৰী অধিক পৰিমাণে সংগ্ৰহ কৰিব বিচাৰিলে আনটো সামগ্ৰী কম পৰিমাণে সংগ্ৰহ কৰিব লাগিব যদিহে সন্তুষ্টিৰ পৰিমাণ একেটা স্তৰতে বৰ্তি থাকে।

  খ) নিৰপেক্ষ ৰেখাডাল উত্তলীয় ৰেকা হব। ইয়াৰ অৰ্থ হল সামগ্ৰী দুটাৰ মাজৰ বিকল্পীকৰণৰ হাৰ ক্ৰমহ্ৰাসমান হব।

  গ) কোনো দুডাল নিৰপেক্ষ ৰেখাই পৰস্পৰক ছেদ কৰিব নোৱাৰে। কাৰণ, তেনে হলে দুটা সামগ্ৰীৰ একেটা যুটিয়ে সন্তুষ্টিৰ পৰিমাণৰ পৰিৱৰ্তণ আনিব নোৱাৰে।

  ঘ) এডালতকৈ অধিক নিৰপেক্ষ ৰেখা থাকিলে ওপৰত থকা নিৰপেক্ষ ৰেখাডালে অধিক সন্তুষ্টি বুজাব।


২। গ্ৰাহকৰ ভাৰসাম্য বুলিলে কি বুজাই?এই অৱস্হাত কিদৰে উপনিত পাৰি চিত্ৰত সহায়ত ব্যাখ্যা কৰা।

উত্তৰ:- গ্ৰাহকৰ ভাৰসাম্য বুলিলে এনে এটা অৱস্হা বুজাই যত গ্ৰাহকে নিজৰ আয়ৰ পৰিমাণ আৰু সামগ্ৰীৰ দাম অপৰিৱৰ্তনীয় হৈ থকা অৱস্হাত গ্ৰাহকে নিজৰ সন্তুষ্টিনৰ পৰিমাণ সৰ্বোচ্চ কৰিবলৈ সক্ষম হয়।

        গ্ৰাহকৰ ভাৰসাম্য অৱস্হা নিৰ্ভৰ কৰিব দুটা চৰ্তৰ ওপৰত। সেই চৰ্তকেইটা হল-

      ক) বাজেট ৰেখাডাল সংশ্লিষ্ট নিৰপেক্ষ ৰেখাডালৰ স্পৰ্শক হব লাগিব। অৰ্থাত,নিৰপেক্ষ ৰেখাডালৰ ঢাল আৰু বাজেট ৰেখাডালৰ ঢাল পৰস্পৰ সমাণ হব লাগিব।

      খ) নিৰপেক্ষ ৰেখাডাল উত্তলীয় ৰেখা হব লাগিব। অৰ্থাত,ভাৰসাম্য বিন্দুত বিকল্পীকৰণৰ প্ৰান্তিক হাৰ ক্ৰমহ্ৰাসমান হব লাগিব।


                                              চিত্ৰ- গ্ৰাহকৰ ভাৰসাম্য

           চিত্ৰটোত,BB ৰেখাডাল হল বাজেট ৰেখা আৰু E বিন্দু হল গ্ৰাহকৰ ভাৰসাম্য বিন্দু। গ্ৰাহকে ৩ নং নিৰপেক্ষ ৰেখালৈও গতি কৰাৰ ইচ্ছা থাকিব পাৰে,কাৰণ ৩ নং নিৰপেক্ষ ৰেখাৰ সন্তুষ্টিৰ পৰিমাণ ২ নং নিৰপেক্ষ ৰেখাৰ সন্তুষ্টিৰ পৰিমাণতকৈ অধিক হব।কিন্তু,দুটা কাৰণত ৩ নং নিৰপেক্ষ ৰেখালৈ গ্ৰাহকজন আহিব নোৱাৰে। কাৰণ দুটা হল- ক) গ্ৰাহকজনৰ আয়ৰ পৰিমাণ সীমিত খ) সামগ্ৰী দুটাৰ দামৰ সীমাবদ্ধতা থাকিব।

      ১ নং নিৰপেক্ষ ৰেখাৰ N বিন্দু বা R বিন্দু গ্ৰাহকৰ নিয়ন্ত্ৰণৰ ভিতৰত থাকিলেও তাৰে কোনো এটা বিন্দুৱে গ্ৰাহকৰ ভাৰসাম্য নুবুজায়। আয় আৰু দামৰ সীমাবদ্ধতাৰ মাজত ২ নং নিৰপেক্ষ ৰেখাডালৰ ওপৰলৈ গ্ৰাহকজন উঠিব নোৱাৰে। E বিন্দুত গ্ৰাহকে Yসামগ্ৰীৰ ৫ একক সংগ্ৰহ কৰিছে বা ৫ টকা ব্যয় কৰিছে। E বিন্দুত বাজেট ৰেখাৰ ঢাল আৰু ২ নং নিৰপেক্ষ ৰেখাৰ ঢাল পৰস্পৰ সমান হৈছে।


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ