Books related Information
Production And Cost( Economics)// HS 2nd Year final Exam for most important common question and answers of Economics in 2021
- Get link
- X
- Other Apps
ক) অতি চমু প্ৰশ্ন( প্ৰতিটো ১ নম্বৰৰ)--
১। উৎপাদন ফলন কি?
উত্তৰ:-এটা প্ৰতিষ্ঠানে উৎপাদন কৰা উৎপন্ন আৰু তাৰ বাবে ব্যৱহাৰ কৰা উপাদানৰ মাজত সম্পৰ্কটোকে উৎপাদন ফলন বোলে। অৰ্থাৎ,
Q=f(L,K)
ইয়াত,
Q=উৎপাদন
L,= শ্ৰমিক
K=মূলধন
২। সমউৎপাদন ৰেখা কি?
উত্তৰ:-সমউৎপাদন ৰেখা হল দুটা উপাদনৰ সকলো জোঁটৰ সংহতি যিয়ে সমপৰিমাণৰ সৰ্বোচ্চ সম্ভাব্য উৎপন্ন স্তৰ দিয়ে।
৩। স্হিৰ খৰচ কি?
উত্তৰ:-যেতিয়া উৎপাদনৰ পৰিমাণ বৃদ্ধি হয় তেতিয়া খৰচ বৃদ্ধি নহয় আৰু যেতিয়া উৎপাদনৰ পৰিমাণ কমি যায় তেতিয়া খৰচ নকমে,সেই খৰচেই হল স্হিৰ খৰচ। উদাহৰণ,যন্ত্ৰপাতিৰ বাবদ হোৱা খৰচ ,স্হায়ী শ্ৰমিকৰ মজুৰি আৰু কৰ ইত্যাদি।
৪। পৰিৱৰ্তনশীল খৰচ কি?
উত্তৰ:-যেতিয়া উৎপাদনৰ পৰিমাণ বৃদ্ধি হয় তেতিয়া খৰচ বৃদ্ধি হয় আৰু যেতিয়া উৎপাদনৰ পৰিমাণ কমি যায় তেতিয়া খৰচ কমি যায়,সেই খৰচেই হল পৰিৱৰ্তনশীল খৰচ। উদাহৰণ, অস্হায়ী শ্ৰমিকৰ মজুৰি,কেচাঁ সামগ্ৰীৰ খৰচ,বিক্ৰী কৰ আৰু পৰিবহণ খৰচ ইত্যাদি।
৫। গড় স্হিৰ খৰচ কি?
উত্তৰ:-যেতিয়া মুঠ স্হিৰ খৰচক মুঠ উৎপাদনৰে ভাগ কৰিলে যি খৰচ পোৱা যায়, তাকে গড় স্হিৰ খৰচ বোলে।
৬। গড় পৰিৱৰ্তনশীল খৰচ বা ব্যয় কি?
উত্তৰ:-যেতিয়া মুঠ পৰিৱৰ্তনশীল খৰচক মুঠ উৎপাদনৰে ভাগ কৰিলে যি খৰচ পোৱা যায়,তাকে গড় পৰিৱৰ্তনশীল খৰচ বা ব্যয় বোলে।
৭। স্হিৰ ব্যয়ৰ এটা উদাহৰণ দিয়া।
উত্তৰ:-স্হিৰ ব্যয়ৰ এটা উদাহৰণ হল স্হায়ী শ্ৰমিকৰ মজুৰি ।
৮।মুঠ ব্যয়(TC)=---------+ মুঠ পৰিৱৰ্তনশীল ব্যয়(TVC)। খালী ঠাই পূৰণ কৰা
উত্তৰ:-মুঠ ব্যয়(TC)=মুঠ স্হিৰ ব্যয়(TFC)+ মুঠ পৰিৱৰ্তনশীল ব্যয়(TVC)।
৯। গড় উৎপাদন (AP)ৰেখাৰ আকৃতি কেনেকুৱা?
উত্তৰ:-গড় উৎপাদন ৰেখাৰ আকৃতি উলোটা 'U' ৰ নিচিনা হয়।
১০। মুঠ স্হিৰ ব্যয় (TFC)কি?
উত্তৰ:-স্হিৰ উপাদানবোৰ ব্যৱহাৰ কৰাৰ বাবে প্ৰতিষ্ঠানটোৱে যি ব্যয় বহন কৰিবলগীয়া হয়,তাকে মুঠ স্হিৰ ব্যয় (TFC)বোলে।
১১। মুঠ পৰিৱৰ্তনশীল ব্যয় (TVC)কি?
উত্তৰ:-পৰিৱৰ্তনশীল উপাদানবোৰ ব্যৱহাৰৰ বাবে প্ৰতিষ্ঠানটোৱে যি ব্যয় বহন কৰিবলগীয়া হয়,তাকে,মুঠ পৰিৱৰ্তনশীল ব্যয় (TVC)বোলে।
১২। মুঠ ব্যয় (TC)কি?
উত্তৰ:-মুঠ ব্যয় হল মুঠ স্হিৰ ব্যয় আৰু মুঠ পৰিৱৰ্তনশীল ব্যয়ৰ যোগফল। অৰ্থাৎ,
TC=TVC+TFC
১৩। ক্ষনস্হায়ী সামগ্ৰীৰ অতি হ্ৰস্বকালৰ যোগান ৰেখা এডাল অংকণ কৰা।
উত্তৰ:-ক্ষনস্হায়ী সামগ্ৰীৰ অতি হ্ৰস্বকালৰ যোগান ৰেখা তলত অংকণ কৰা হল-
চিত্ৰ-যোগান ৰেখা
খ) চমু প্ৰশ্ন( প্ৰতিটো ২ আৰু ৪ নম্বৰৰ প্ৰশ্নোত্তৰ)--
১। হ্ৰস্বকাল আৰু দীৰ্ঘকালৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা।
উত্তৰ:-হ্ৰস্বকাল আৰু দীৰ্ঘকালৰ মাজত দুটা পাৰ্থক্য তলত উল্লেখ কৰা হল
ক) যি সময়ছোৱাত উৎপাদকে উৎপাদনৰ সকলোবোৰ উপাদানৰ পৰিমাণ পৰিৱৰ্তন কৰিব নোৱাৰে,সেই সময়ছোৱাই হল হ্ৰস্বকাল।
আনহাতে,যি সময়ছোৱাত উৎপাদকে উৎপাদনৰ সকলোবোৰ উপাদানৰ পৰিমাণ পৰিৱৰ্তন কৰিব পাৰে,সেই সময়ছোৱাই হল দীৰ্ঘকাল ।
খ) হ্ৰস্বকালত দৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত চাহিদাই অধিক সক্ৰিয় ভূমিকা পালন কৰে। আনহাতে, দীৰ্ঘকালত দৰ নিৰ্ধাৰনৰ ক্ষেত্ৰত চাহিদা আৰু যোগান দুয়োটাই সমানে ভূমিকা পালন কৰে।
২। স্হিৰ উপাদান আৰু পৰিৱৰ্তনশীল উপাদানৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা।
উত্তৰ:-স্হিৰ উপাদান আৰু পৰিৱৰ্তনশীল উপাদানৰ মাজত দুটা পাৰ্থক্য তলত উল্লেখ কৰা হল-
ক) যিবোৰ উপাদান উৎপাদনৰ যিকোনো সময়ত স্হিৰ থাকে,তেনে উপাদানক স্হিৰ উপাদান বোলে।
আনহাতে,যিবোৰ উপাদান উৎপাদন প্ৰতিষ্ঠানটোৱে সময় সাপেক্ষে পৰিৱৰ্তন কৰিব পাৰে,তেনে উপাদানক পৰিৱৰ্তনশীল উপাদান বোলে।
খ) স্হিৰ উপাদানবোৰ হ্ৰস্বকালৰ লগত জড়িত। আনহাতে, পৰিৱৰ্তনশীল উপাদানবোৰ হ্ৰস্বকাল আৰু দীৰ্ঘকালৰ দুয়োটাৰ লগত জড়িত।
৩। মুঠ উৎপাদন,গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদন কাক বোলে?
উত্তৰ:-মুঠ উৎপাদন:- আন সকলো উপাদান স্হিৰে থকা অৱস্হাত, পৰিৱৰ্তনশীল উপাদান আৰু উৎপন্নৰ মাজৰ সম্পৰ্কটোকে মুঠ উৎপাদন বোলে।
গড় উৎপাদন:- মুঠ উৎপাদনক উৎপান্নৰ পৰিমাণেৰে ভাগ কৰিলে যি উৎপাদন পোৱা যায়,তাকে গড় উৎপাদন বোলে। অৰ্থাৎ,
AP=TP/Q
প্ৰান্তিক উৎপাদন:- আন সকলো উপাদান স্হিৰে থকা অৱস্হাত এটা উপাদানৰ এক একক পৰিৱৰ্তন ৰ ফলত মুঠ উপাদানৰ যি পৰিৱৰ্তন হয়,তাকে প্ৰান্তিক উৎপাদন বোলে।
৪। ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধিটো কি?চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।
উত্তৰ:-ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি অনুসৰি আন সকলো উপাদান স্হিৰে থকা অৱস্হাত এটা উপাদানৰ নিয়োগ বৃদ্ধি কৰি গৈ থাকিলে শেষত গৈ এটা নিৰ্দিষ্ট বিন্দুত উপনিত হব যাৰ পিছত উপাদানটোৰ প্ৰান্তিক উৎপাদন কমিবলৈ আৰম্ব কৰে।
তলত এখন চিত্ৰত সহায়ত ইয়াক দেখুওৱা হল
চিত্ৰ- MP ৰেখা
চিত্ৰত,MP হৈছে প্ৰান্তিক উৎপাদন । MP ৰেখাডাল A বিন্দু পোৱাৰ পিছত ই হ্ৰাস পাবলৈ ধৰে।
৫। পৰিৱৰ্তনশীল অনুপাত বিধিটো লিখা।
উত্তৰ:-পৰিৱৰ্তনশীল অনুপাত বিধি অনুসৰি আৰম্বনিতে এটা উপাদানৰ প্ৰান্তিক উৎপাদন বৃদ্ধি পায় আৰু এটা নিৰ্দিষ্ট নিয়োগ স্তৰ পোৱাৰ পিছত ই হ্ৰাস পাবলৈ ধৰে।
৬। প্ৰান্তিক উৎপাদন ৰেখাডাল কিয় ওলোটা 'U' আকৃতিৰ নিচিনা হয়,লিখা।
উত্তৰ:-পৰিৱৰ্তনশীল অনুপাত বিধি অনুসৰি আৰম্বনিতে এটা উপাদানৰ প্ৰান্তিক উৎপাদন বৃদ্ধি পায় আৰু এটা নিৰ্দিষ্ট নিয়োগ স্তৰ পোৱাৰ পিছত ই হ্ৰাস পাবলৈ ধৰে। সেয়েহে প্ৰান্তিক উৎপাদন ৰেখাডাল ওলোটা 'U' আকৃতিৰ নিচিনা হয়।
তলত এখন চিত্ৰৰ সহায়ত ইয়াক দেখুওৱা হল-
চিত্ৰ -MP ৰেখা
৭। চিত্ৰত সহায়ত গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদনৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা।
উত্তৰ:-মুঠ উৎপাদনক উৎপান্নৰ পৰিমাণেৰে ভাগ কৰিলে যি উৎপাদন পোৱা যায়,তাকে গড় উৎপাদন বোলে। অৰ্থাৎ,
AP=TP/Q
আনহাতে,আন সকলো উপাদান স্হিৰে থকা অৱস্হাত এটা উপাদানৰ এক একক পৰিৱৰ্তন ৰ ফলত মুঠ উপাদানৰ যি পৰিৱৰ্তন হয়,তাকে প্ৰান্তিক উৎপাদন বোলে।
এখন তালিকাৰ সহায়ত গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদনৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰিব পাৰি।
Q TP AP MP
0 ------- 0 ----- 0 ------ 0
1 ----- 3 ------ 3 ------ 3
2 ----- 7 ---- -- 3.5 ------- 4
3 ------- 12 ----- - 4 --------- 5
4 ------ 16 ------- 4 ------- 4
5 ------- 19 ------ 3.8 ------- 3
তালিকাৰ পৰা দেখা যায় যে,
ক) যেতিয়া গড় উৎপাদন বৃদ্ধি হয়,MP>AP ।
খ) যেতিয়া গড় উৎপাদন সৰ্বোচ্চ হয়,MP=AP ।
গ) যেতিয়া গড় উৎপাদন হ্ৰাস পাই,MP<AP ।
তলৰ চিত্ৰৰ সহায়ত ইয়াক সম্পৰ্ক ব্যাখ্যা কৰা হল-
চিত্ৰ-MP &AP ৰেখআ
৮। ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধিটোৰ কাৰ্য্যকাৰিতাৰ আঁৰত থকা দুটা কাৰণ উল্লেখ কৰা ।
উত্তৰ:-ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধিটোৰ কাৰ্য্যকাৰিতাৰ আঁৰত থকা দুটা কাৰণ তলত উল্লেখ কৰা হল-
ক) উপানবোৰৰ সৰ্বোচ্চ সহযোগিতা স্হিৰ আৰু পৰিৱৰ্তনশীল উপাদানৰ মাজত সৰ্বোচ্চ সহযোগিতা লাভ কৰাৰ পাচত পৰিৱৰ্তনশীল উপাদানৰ অধিক নিয়োগে উৎপাদনৰ পৰিমাম হ্ৰাস ঘটায়।
খ) অসম্পূৰ্ণ প্ৰতিকল্প স্হিৰ আৰু পৰিৱৰ্তনশীল উপাদানএটা আনটোৰ অসম্পূৰ্ণপ্ৰতিকল্প । সেয়ে স্হিৰ উপাদানৰ পৰিৱৰ্তে পৰিৱৰ্তনশীল উপাদানৰ নিয়োগৰ এটা সীমা থাকে।
৯। উপাদানৰ প্ৰতিদান আৰু মাত্ৰাৰ প্ৰতিদানৰ মাজত পাৰ্থক্য দেখুওৱা ।
উত্তৰ:-উপাদানৰ প্ৰতিদান আৰু মাত্ৰাৰ প্ৰতিদানৰ মাজৰ পাৰ্থক্য তলত উল্লেখ কৰা হল-
ক) উৎপাদন ক্ৰিয়াত ব্যৱহ্ৰত এবিধ উপাদানৰ পৰিমাণ পৰিৱৰ্তন কৰি আৰু বাকীবোৰ উপাদানৰ পৰিমাণ অপৰিৱৰ্তীয় কৰি ৰাখিলে উৎপাদনৰ যি বৃদ্ধি হয়,তাকে উপাদানৰ প্ৰতিদান বোলে।
আনহাতে,উৎপাদন ক্ৰিয়াত ব্যৱহ্ৰত আটাইবোৰ উপাদানৰ পৰিমাণ পৰিৱৰ্তনীয় হলে তাৰ ফলস্বৰুপে হোৱা উৎপাদনৰ পৰিমাণক মাত্ৰাৰ প্ৰতিদান বোলে।
খ) উপাদানৰ প্ৰতিদান হ্ৰস্বকালত অৰ্থপূৰ্ণ হয়। কিন্তু,মাত্ৰাৰ প্ৰতিদান দীৰ্ঘকালত অৰ্থপূৰ্ণ হয়।
১০। উৎপাদন মাত্ৰাৰ প্ৰতিদানৰ বিভিন্ন প্ৰকাৰবোৰ ব্যাখ্যা কৰা।
উত্তৰ:-উৎপাদন ক্ৰিয়াত ব্যৱহ্ৰত আটাইবোৰ উপাদানৰ পৰিমাণ পৰিৱৰ্তনীয় হলে তাৰ ফলস্বৰুপে হোৱা উৎপাদনৰ পৰিমাণক উৎপাদন মাত্ৰাৰ প্ৰতিদান বোলে। উৎপাদন মাত্ৰাৰ প্ৰতিদান তিনি প্ৰকাৰৰ। সেইবোৰ হল--
ক) সমহাৰৰ উৎপাদন প্ৰতিদান:-যেতিয়া সকলো উপাদান সমানপাতিকভাৱে বৃদ্ধি পোৱাৰ ফলত উৎপাদন বৃদ্ধিৰ পৰিমাণ একেটা অনুপাতত থাকে। ইয়াকে সমহাৰৰ উৎপাদন প্ৰতিদান বোলে।
খ) ক্ৰমবৰ্ধমান উৎপাদন প্ৰতিদান:-যেতিয়া সকলো উপাদান সমানপাতিকভাৱে বৃদ্ধি পোৱাৰ ফলত উৎপাদন বৃদ্ধিৰ পৰিমাণ সেই অনুপাততকৈ বেছি হাৰত হয়,তেতিয়া তাক ক্ৰমবৰ্ধমান উৎপাদন প্ৰতিদান বোলে।
গ) ক্ৰমহ্ৰাসমান উৎপাদন প্ৰতিদান:-যেতিয়া সকলো উপাদান সমানপাতিকভাৱে বৃদ্ধি পোৱাৰ ফলত উৎপাদন বৃদ্ধিৰ পৰিমাণ সেই অনুপাততকৈ কম হাৰত হয়,তেতিয়া ক্ৰমহ্ৰাসমান উৎপাদন প্ৰতিদান বোলে।
১১। সমউৎপাদন ৰেখা কি?চিত্ৰৰ সহায়ত ইয়াক ব্যাখ্যা কৰা।
উত্তৰ:-সমউৎপাদন ৰেখা হল দুটা উপাদনৰ সকলো জোঁটৰ সংহতি যিয়ে সমপৰিমাণৰ সৰ্বোচ্চ সম্ভাব্য উৎপন্ন স্তৰ দিয়ে। প্ৰত্যেক সমউৎপাদন ৰেখাই এক নিৰ্দিষ্ট পৰিমাণৰ উৎপন্ন স্তৰক প্ৰতিনিধিত্ব কৰে আৰু সেই ৰেখাডালক উৎপন্নৰ পৰিমাণেৰে চিহ্নিত কৰা হয়।
তলত চিত্ৰৰ সহায়ত ইয়াক ব্যাখ্যা কৰা হল-
Figure- Isoquant Curve
চিত্ৰত, তিনিওডাল সমউৎপাদন ৰেখা Q,Q1 আৰু Q3 তিনিটা পৰ্যায়ৰ উৎপাদন বুজাইছে। Q-ৰ পৰা Q3 লৈ গতি কৰিলে বুজিব লাগিব যে উৎপাদনৰ পৰিমাণ বৃদ্ধি হৈছে। কিন্তু নিৰ্দিষ্ট এডাল সমউৎপাদন ৰেখাত উৎপাদনৰ পৰিমাণ একেই থাকিব যদিও উৎপাদনৰ যুটি বেলেগ হৈছে।
১২। সমউৎপাদন ৰেখাৰ দুটা বৈশিষ্ট উল্লেখ কৰা ।
উত্তৰ:-সমউৎপাদন ৰেখাৰ দুটা বৈশিষ্ট তলত উল্লেখ কৰা হল-
ক) সমউৎপাদন ৰেখাবোৰ বাওঁপিনৰ পৰা সোঁপিনে হেলনীয়া।
খ) সমউৎপাদন ৰেখা হল উত্তলীয় ৰেখা।
গ) কোনো দুডাল সমউৎপাদন ৰেখাই পৰস্পৰ কটাকটি কৰিব নোৱাৰে।
১৩। চিত্ৰৰ সহায়েৰে দেখুওৱা যে গড় স্হিৰ ব্যয়(AFC) ৰেখাডাল আয়তীয় পৰাবৃত্ত।
উত্তৰ:-মুঠ স্হিৰ ব্যয়ক উৎপন্ন পৰিমাণেৰে ভাগ কৰিলে গড় স্হিৰ ব্যয়(AVC) পোৱা যায়। অৰ্থাৎ,
AVC=TVC/Q
তলৰ তালিকাৰ সহায়ত ইয়াক ব্যাখ্যা কৰিব পাৰি ।
Q TFC AFC
0 ------ 10 -------- 0
1 ------- 10 ------- 10
2 -------- 10 -------- 5
3 -------- 10 -------- 3.33
4 -------- 4 --------- 2.5
5 --------- 10 --------- 2
তালিকাৰ পৰা দেখা যায় যে,উৎপাদন বৃদ্ধিৰ লগে লগে মুঠ স্হিৰ ব্যয় নকমে, কিন্তু গড় স্হিৰ ব্যয় ক্ৰমান্বয়ে হ্ৰাস পাই থাকে। সেয়েহে গড় স্হিৰ ব্যয় ৰেখাডাল আয়তীয় পৰাবৃত্ত।
তলৰ চিত্ৰৰ সহায়ত ইয়াক ব্যাখ্যা কৰা হল-
Figure-AFC
চিত্ৰত,OX-অক্ষত উৎপাদন আৰু OY- অক্ষত ব্যয় দেখুওৱা হল। AFC হল গড় স্হিৰ ব্যয়
১৪। গড় ব্যয় আৰু প্ৰান্তিক ব্যয়ৰ মাজত সম্পৰ্ক এটা চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।
উত্তৰ:- এখন তালিকাৰ সহায়ত গড় ব্যয় আৰু প্ৰান্তিক ব্যয়ৰ মাজত সম্পৰ্ক ব্যাখ্যা কৰিব পাৰি।
Q TC AC MC
1 ------ 3 ----- 3 ------ 3
2 ------- 7 ------ 3.5 ------- 4
3 -------- 12 ------ 4 -------- 5
4 --------- 16 ------- 4 --------- 5
5 --------- 19 ------- 3.8 -------- 3
তালিকাৰ পৰা দেখা যায় যে,
ক) যেতিয়া গড় ব্যয় বৃদ্ধি হয়,তেতিয়া MC>AC ।
খ) যেতিয়া গড় ব্যয় সৰ্বোচ্চ হয়,তেতিয়া MC=AC ।
গ) যেতিয়া গড় ব্যয় সৰ্বনিম্ন হয়,তেতিয়া AC>MC ।
তলৰ চিত্ৰৰ সহায়ত ইয়াক দেখুওৱা হল-
Figure-MC &AC Curve
চিত্ৰত,OX-অক্ষত উৎপন্ন আৰু OY- অক্ষত ব্যৰ পৰিমাণ দেখুওৱা হল। AC হল গড় ব্যয় ৰেখা আৰু MC হল প্ৰান্তিক ব্যয় ৰেখা । AC আৰু MC য়ে পৰস্পৰ A- বিন্দুত কটাকটি কৰে।
১৫। এটা উপাদানৰ মুঠ উৎপাদন আৰু প্ৰান্তিক উৎপাদনৰ মাজত সম্পৰ্ক ব্যাখ্যা কৰা।
উত্তৰ:- আন সকলো উপাদান স্হিৰে থকা অৱস্হাত, পৰিৱৰ্তনশীল উপাদান আৰু উৎপন্নৰ মাজৰ সম্পৰ্কটোকে মুঠ উৎপাদন বোলে। আনহাতে, আন সকলো উপাদান স্হিৰে থকা অৱস্হাত এটা উপাদানৰ এক একক পৰিৱৰ্তন ৰ ফলত মুঠ উপাদানৰ যি পৰিৱৰ্তন হয়,তাকে প্ৰান্তিক উৎপাদন বোলে।
তলত মুঠ উৎপাদন আৰু প্ৰান্তিক উৎপাদনৰ মাজৰ সম্পৰ্ক এটা চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিব পাৰি।
Figure-TP &MP Curve
চিত্ৰত দেখা যায় যে,
ক) মুঠ উৎপাদন ক্ৰমহ্ৰাসমান হাৰত বৃদ্ধি হোৱা অৱস্হাত প্ৰান্তিক উৎপাদনও বৃদ্ধি হয়।
খ) মুঠ উৎপাদন ক্ৰমহ্ৰাসমান হলে প্ৰান্তিক উৎপাদন হ্ৰাস পাই,কিন্তু যোগাত্মক হয়।
গ) যেতিয়া মুঠ উৎপাদন সৰ্বোচ্চ হয়,তেতিয়া প্ৰান্তিক উৎপাদন শূন্য হয়।
ঘ) যেতিয়া মুঠ উৎপাদন হ্ৰাস পাই,তেতিয়া প্ৰান্তিক উৎপাদন ঋনাত্মক হয়।
গ) দীঘল প্ৰশ্ন( প্ৰতিটো ৬ নম্বৰৰ প্ৰশ্ন)---
ক) চিত্ৰৰ সহায়েৰে দেখুওৱা যে মুঠ ব্যয় হল মুঠ স্হিৰ ব্যয় আৰু মুঠ পৰিৱৰ্তনশীল ব্যয়ৰ উলম্ব যোগফল।
উত্তৰ:- সামগ্ৰী এটাৰ যেকোনো এটা গোট (TC=TFC+TVC) উৎপাদন কৰোঁতে হোৱা মুঠ খৰচ,মুঠ পৰিৱৰ্তনশীল ব্যয় আৰু মুঠ স্হিৰ ব্যয়ৰ যোগফল। অৰ্থাৎ,মুঠ ব্যয়= মুঠ স্হিৰ ব্যয় + মুঠ পৰিৱৰ্তনশীল ব্যয়। যিহেতু হ্ৰস্বকালত স্হিৰ ব্যয়ৰ কোনো পৰিৱৰ্তন নহয় আৰু উৎপাদন বৃদ্ধি পালেও ইয়াৰ ব্যয় বৃদ্ধি নহয়। সেইবাবে মুঠ স্হিৰ ব্যয় ৰেখা OX-ৰ সমান্তৰাল হয়। মুঠ পৰিৱৰ্তনশীল ব্যয়ৰ উৎপাদন বৃদ্ধিৰ লগে-লগে পৰিৱৰ্তন নহয় । উৎপাদন কাৰ্য বন্ধ থাকিলে মুঠ পৰিৱৰ্তনশীল ব্যয় শূন্য আৰু উৎপাদন বৃদ্ধিৰ লগে-লগে মুঠ পৰিৱৰ্তনশীল ব্যয়ো বৃদ্ধি হয়। উৎপাদনৰ প্ৰথম অৱস্হাত ই ক্ৰমবৰ্দ্ধমাণ হাৰত বৃদ্ধি হয়।
তলৰ চিত্ৰৰ সহায়ত ইয়াক ব্যাখ্যা কৰিব পাৰি ।
Figure-TC=TFC+TVC
চিত্ৰত,OX- অক্ষত উৎপাদনৰ পৰিমাণ আৰু OY- অক্ষত ব্যয়ৰ পৰিমাণ দেখুওৱা হৈছে। উৎপাদনৰ পৰিমাণ যেতিয়া OA- হয় তেতিয়া স্হিৰ খৰচ AD হয় আৰু পৰিৱৰ্তনশীল খৰচ DE হয়। গতিকে, OA সামগ্ৰীৰ মুঠ খৰচ হল AE । উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰা হল OA-ৰ পৰা OB- লৈ । স্হিৰ খৰচ হল BF কিন্তু পৰিৱৰ্নশীল খৰচ হল FG । গতিকে, মুঠ ব্ঠয় হৈছে BG । এনেদৰে দেখা যায় যে,যিমানেই উৎপাদন বৃদ্ধি হব,সিমানেই মুঠ খৰচ বৃদ্ধি হব।
xxxxxxx---------------------------------------xxxxxxxxx
- Get link
- X
- Other Apps
Comments
Post a Comment