Books related Information

কৰুণতম-( নিৰ্মলপ্ৰভা বৰদলৈ)

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-


১। 'কৰুণতম' নামৰ কবিতাটো নিৰ্মলপ্ৰভা বৰদলৈৰ কোনখন কাব্যগ্ৰন্হৰ অন্তৰ্গত?                

                              বা

    'কৰুণতম' কবিতাটো নিৰ্মলপ্ৰভা বৰদলৈৰ কোনখন কবিতা পুথিত সংকলিত হৈছে? 

উত্তৰ:-'কৰুণতম' নামৰ কবিতাটো নিৰ্মলপ্ৰভা বৰদলৈৰ 'দিনৰ পাছত দিন' নামৰ কাব্যগ্ৰন্হৰ অন্তৰ্গত।


২। নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

উত্তৰ:-নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম হল বনফৰিঙৰ ৰং।


৩।  'কৰুণতম' নামৰ কবিতাটো কোন শ্ৰেণীৰ কবিতা? 

উত্তৰ:-'কৰুণতম' নামৰ কবিতাটো আধুনিক শ্ৰেণীৰ কবিতা।


৪। নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাদেমি বটাঁ লাভ কৰে? 

উত্তৰ:-নিৰ্মলপ্ৰভা বৰদলৈয়ে 'সুদীৰ্ঘ দিন আৰু ঋতু' নামৰ কবিতা পুথিৰ বাবে সাহিত্য অকাদেমি বটাঁ লাভ কৰে।


খ) প্ৰতিটো ২ আৰু ৩ নম্বৰৰ প্ৰশ্নোত্তৰ-


১। নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতাপুথিৰ নাম লিখা।

উত্তৰ:-নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতাপুথিৰ নাম হল-

         ক) বনফৰিঙৰ ৰং,

         খ) দিনৰ পাছত দিন,

         গ) সুদীৰ্ঘ দিন আৰু ঋতু ।


২। নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা।

উত্তৰ:-নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম হল-

         ক) সোণবৰণীয়া আই

         খ) সুৰীয়া মাত ।


৩। 'কৰুণতম' নামৰ কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা।

উত্তৰ:-আহিনৰ পথাৰৰ গোন্ধই কবিৰ অন্তৰত জাগ্ৰত কৰিছে তেওঁৰ কৃষক পিতৃৰ স্মৃতি। কৃষি কৰ্মৰে তেখেতে জীৱন-জীৱিকা চলাইছিল। ঠিক সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত জাগ্ৰত কৰিছে শিপিনী মাতৃৰ স্মৃতি। কবিৰ পিতৃ-মাতৃয়ে অৰ্থাত পূৰ্ব প্ৰজন্মই নিজৰ কৰ্মৰ মাজেৰে পৃথিৱীক নিজৰ অস্তিত্ব সময়ৰ বুকুত স্বাক্ষৰ ৰাখি গৈছে। কিন্তু কবি গভীৰভাৱে চিন্তিত যান্ত্ৰিকতাৰ মেৰপাকত কবি এনেদৰে সোমাই পৰিছে যে তেওঁ নিজকে হেৰুৱাৰ উপক্ৰম ঘটিছে। তেওঁৰ নিজৰ সন্তান অৰ্থাত ভৱিষ্যত প্ৰজন্মৰ বাবে নিজক ক'ত থৈ যাব বুলি প্ৰশ্ন কৰি সন্দেহ প্ৰকাশ কৰিছে।

      এনেদৰেই ভৱিষ্যত প্ৰজন্মৰ বাবে তেওঁ কোনো ধৰণৰ কৃতি এৰি যাব নোৱাৰিব বুলি মনৰ সন্দেহ আৰু দুখ প্ৰকাশ কৰিছে।


৪। প্ৰসংগ সংগতি দৰ্শাই  ব্যাখ্যা কৰা--

    মই মোক

    মোৰ সন্তানৰ কাৰণে

     ক'ত থৈ যাম

     ক'ত?? 

উত্তৰ:- ''মই ----------

           -------------

           ---------ক'ত??''

            উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি  নিৰ্মলপ্ৰভা বৰদলৈৰ দেৱৰ ৰচিত 'কৰুণতম' নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে।

           উক্ত কবিতাফাকিৰ জৰিয়তে ভৱিষ্যতৰ প্ৰতি থকা কবিৰ দায়বদ্ধতাৰ কথা প্ৰকাশ কৰিবলৈ বিচৰা হৈছে।

          আহিনৰ পথাৰৰ গোন্ধই কবিৰ অন্তৰত জাগ্ৰত কৰিছে তেওঁৰ কৃষক পিতৃৰ স্মৃতি। কৃষি কৰ্মৰে তেখেতে জীৱন-জীৱিকা চলাইছিল। ঠিক সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত জাগ্ৰত কৰিছে শিপিনী মাতৃৰ স্মৃতি। কবিৰ পিতৃ-মাতৃয়ে অৰ্থাত পূৰ্ব প্ৰজন্মই নিজৰ কৰ্মৰ মাজেৰে পৃথিৱীক নিজৰ অস্তিত্ব সময়ৰ বুকুত স্বাক্ষৰ ৰাখি গৈছে। কিন্তু কবি গভীৰভাৱে চিন্তিত যান্ত্ৰিকতাৰ মেৰপাকত কবি এনেদৰে সোমাই পৰিছে যে তেওঁ নিজকে হেৰুৱাৰ উপক্ৰম ঘটিছে। তেওঁৰ নিজৰ সন্তান অৰ্থাত ভৱিষ্যত প্ৰজন্মৰ বাবে নিজক ক'ত থৈ যাব বুলি প্ৰশ্ন কৰি সন্দেহ প্ৰকাশ কৰিছে।

      এনেদৰেই ভৱিষ্যত প্ৰজন্মৰ বাবে তেওঁ কোনো ধৰণৰ কৃতি এৰি যাব নোৱাৰিব বুলি মনৰ সন্দেহ আৰু দুখ প্ৰকাশ কৰিছে।

                                                xxxxxxxxxxxxxxxxxxxxxxxx


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ