Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

Chapter-1 Education//স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-

১। মাধ্যমিক শিক্ষা আয়োগ কেতিয়া গঠন কৰা হয়?

উত্তৰঃ-মাধ্যমিক শিক্ষা আয়োগ ১৯৫২ চনত  গঠন কৰা হয়।

২। শিক্ষাৰ ১০­+২+৩ সূত্ৰটোৰ পৰামৰ্শ কোন আয়োগে দিছিল ?

উত্তৰঃ-শিক্ষাৰ ১০­+২+৩ সূত্ৰটোৰ পৰামৰ্শ কোঠাৰী আয়োগে দিছিল ।

৩।  মাধ্যমিক শিক্ষা আয়োগক আন কি নামেৰে জনাজাত?

উত্তৰঃ-মুডালিয়াৰ আয়োগ।

৪। অসমৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম লিখা।

উত্তৰঃ- কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়।

৫। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ কিমান চনত গঠন কৰা হৈছিল?

উত্তৰঃ-১৯৮৪ চনত।

৬। অসম মাধ্যমিক শিক্ষা আইন কিমান চনত গ্ৰহণ কৰা হৈছিল ?

উত্তৰঃ-১৯৬১ চনত। 

৭। ভাৰতৰ ভাগ্য এতিয়া শ্ৰেণীকক্ষত গড় লয়।----- আয়োগে আগবড়াইছিল।

উত্তৰঃ- কোঠাৰী আয়োগে।

৮। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ........আয়োগৰ পৰামৰ্শক্ৰমে স্হাপন কৰা হৈছিল।

উত্তৰঃ- কোঠাৰী আয়োগৰ।

৯। 

খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ-

১। মাধ্যমিক শিক্ষা আয়োগে নাইবা মুডালিয়াৰ আয়োগে উল্লেখ কৰা শিক্ষাৰ দুটা আসোঁৱাহ উল্লেখ কৰা।

উত্তৰঃ-মাধ্যমিক শিক্ষা আয়োগে নাইবা মুডালিয়াৰ আয়োগে উল্লেখ কৰা শিক্ষাৰ দুটা আসোঁৱাহ তলত উল্লেখ কৰা হল-

   ক) বৰ্তমানৰ মাধ্যমিক শিক্ষা বাস্তৱ জীৱনৰ লগত জড়িত নহয়। 

   খ) মাধ্যমিক শিক্ষাত বৃত্তিমূলক শিক্ষাৰ দিশটোক একেবাৰে আওঁকান কৰা হৈছে।

২। 'অপাৰেচন ব্লেকবোৰ্ড' কি?

উত্তৰঃ-'অপাৰেচন ব্লেকবোৰ্ড' হৈছে এটা আচঁনি। যি আচঁনিৰ জৰিয়তে সমগ্ৰ ৰাষ্ট্ৰৰ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰয়োজনীয় সা-সজুঁলি যোগান ধৰাৰ লগতে প্ৰত্যেকখন বিদ্যালয়তে দুজনকৈ শিক্ষক তাৰে এগৰাকী মহিলা নিয়োগ কৰাৰ ব্যৱস্হা থাকে।

 ৩। E.C.C.E. বুলিলে কি বুজাই ?

উত্তৰঃ- E.C.C.E. বুলিলে এটা বিশেষ আঁচনিক বুজাই যাৰ দ্বাৰা ৰাষ্ট্ৰীয় শিক্ষানীতিত কণ-কণ শিশুসকলৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয়। শিশুসকলে আনন্দমুখৰ পৰিৱেশৰ মাধ্যমত যাতে বিকশিত হব পাৰে তাৰ ব্যৱস্হা লোৱাৰ অৰ্থে সুষম খাদ্য,স্বাস্হ্য আৰু সামাজিক,মানসিক আৰু শাৰীৰিক দিশৰ ওপৰত দিয়া হয়। E.C.C.E. ৰ সম্পূৰ্ণ অৰ্থ হল-Early Childhool care & Education.

৪। বৃত্তিমুখী শিক্ষাৰ দুটা উদ্দেশ্য উল্লেখ কৰা।

                      বা

    'শিক্ষাৰ বৃত্তিমুখীকৰণ' বুলিলে কি বুজায়?

উত্তৰঃ-বৃত্তিমুখী শিক্ষাৰ দুটা উদ্দেশ্য তলত উল্লেখ কৰা হলঃ-

         ক) আত্মনিয়োগৰ ব্যৱস্হা কৰাৰ লগতে চাহিদা আৰু দক্ষ মানৱশক্তিৰ মাজত থকা অপসমাযোজন নোহোৱা কৰা।

        খ) যিবিলাকে কোনো ধৰণৰ আগ্ৰহ আৰু উদ্দেশ্য নোহোৱাকৈ উচ্চ শিক্ষা লাভ কৰিবলৈ বিচাৰে তেওঁলোকক অন্য উপায় দিয়াৰ ব্যৱস্হা কৰা।

৫। নবোদয় বিদ্যালয় কি?

                 বা

     নবোদয় বিদ্যালয়ৰ দুটা উদ্দেশ্য লিখা।

উত্তৰঃ-নবোদয় বিদ্যালয় হল ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শ অনুসৰি দেশৰ বিভিন্ন স্হানত স্হাপন কৰা বিদ্যালয়। এই বিদ্যালয়ৰ মাধ্যমেৰে নিম্ন স্তৰৰ লৰা-ছোৱালীবোৰৰক উন্নত স্তৰৰ শিক্ষা প্ৰদান কৰা। নবোদয় বিদ্যালয়সমূহ আবাসিক আৰু বিনামুলীয়া শিক্ষাৰ অনুষ্ঠান।

৬। 'কৰ্ম অভিৰজ্ঞতা' কি?

              বা 

    কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী  'কৰ্ম অভিৰজ্ঞতা' কি?

উত্তৰঃ- কোঠাৰী আয়োগৰ মতে গৃহ, স্কুল, কৰ্মশালা,ফাৰ্ম,ফেক্টৰী বা আন যিকোনো উৎপাদনমূলক পৰিস্হিতিত অংশ গ্ৰহণ কৰা কাৰ্য্যই হৈছে কৰ্ম অভিজ্ঞতা। ই হৈছে শিক্ষা আৰু কৰ্মৰ মাজত সমন্বয় সাধনকাৰী,বিজ্ঞানবিত্তিক কাৰিকৰী বিজ্ঞান গ্ৰহণ কৰা। বৰ্তমান সকলোবোৰ  সমাজৰ বাবেই কৰ্ম অভইজ্ঞতা হৈছে অপৰিহাৰ্য। ই বুদ্ধিজীৱি আৰু শ্ৰমজীবি সকলৰ মাজত ব্যৱধান আঁতৰ কৰিব পাৰে।

৭। অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ দুটা কাৰ্য উল্লেখ কৰা।

উত্তৰঃ-অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ দুটা কাৰ্য তলত উল্লেখ কৰা হল-

          ক) বোৰ্ডে মাধ্যমিক আৰু উচ্চমাধ্যমিক শিক্ষাৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰিব।

          খ) কৃতকাৰ্য হোৱা পৰীক্ষাৰ্থীক প্ৰমাণ-প্ৰত্ৰ প্ৰদান কৰিব।

৮। অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ সমাধানৰ বাবে দুটা পৰামৰ্শ উল্লেখ কৰা।

উত্তৰঃ-অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ সমাধানৰ বাবে দুটা পৰামৰ্শ তলত উল্লেখ কৰা হল-

      ক) অসমৰ মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম বহুমুখী হোৱা উচিত।

      খ) অসমৰ মাধ্যমিক বিদ্যালয়সমূহত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তি দিব লাগে।

৯। কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা।

উত্তৰঃ- কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী মাধ্যমিক শিক্ষাৰ গাঁথনিটো হল-১০+২+৩। অৰ্থাৎ,১০ বছৰীয়া মাধ্যমিক স্কুল, ২ বছৰীয়া উচ্চতৰ মাধ্যমিক স্কুলৰ শিক্ষা ব্যৱস্হা আৰু ৩ বছৰীয়া স্নাতক পৰ্যায়।

গ) প্ৰতিটো ৪ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। অসমৰ মাধ্যমিক শিক্ষাৰ পাচঁটা সমস্যা উল্লেখ কৰা।

উত্তৰঃ-অসমৰ মাধ্যমিক শিক্ষাৰ পাঁচটা সমস্যা তলত উল্লেখ কৰা হল-

          ক) অসমত মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হোৱা নাই। অৰ্থাৎ কিছুমান এলেকাত প্ৰয়োজনৰ তুলনাত স্কুলৰ সংখ্যা বৃদ্ধি হৈছে যদিও আন কিছুমান এলেকাত প্ৰয়োজনীয় বিদ্যালয়ৰ অভাৱ।

         খ) অসমৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম দোষমু্ক্ত নহয়। এই পাঠ্যক্ৰম একমুখী হোৱা বাবে আৰু কাৰ্যকৰী বিষয়ৰ অভাৱত শিক্ষাৰ্থীৰ জীৱনৰ লগত সম্পৰ্কহীন। ইয়াৰ উপৰিও এই পাঠ্যক্ৰমত বুৰঞ্জী,ভূগোল আদিৰ দৰে গুৰূত্বপূৰ্ণ বিষয়ক অৱহেলা কৰা হৈছে।

       গ) মাধ্যমিক পৰ্যায়ৰ পাঠ্যপুথি প্ৰস্তুত আৰু প্ৰকাশৰ মাধ্যমিক শিক্ষা পৰিষদে গ্ৰহণ কৰে যদিও এই গুৰু দায়িত্ব পালনত সদায় অনেক বিসংগতিয়ে দেখা দিছে। শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ লগে-লগে পাঠ্যপুথি যোগান ধৰিব নোৱাৰা অৱস্হাই সদায় এক সমস্যাৰ সৃষ্টি কৰে।

       ঘ) উপযোক্ত অৰ্হতাসম্পন্ন শিক্ষকৰ কৰ্ম নিযুক্তি নোহোৱাটো অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সমস্যা।

ঙ) স্কুল পৰিদৰ্শনৰ অনুন্নত অৱস্হাত মাধ্যমিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ সমস্যা। যথেষ্ট সংখ্যাক বিদ্যালয় পৰিদৰ্শক থকা স্বত্ত্বেও পৰিদৰ্শন ব্যৱস্হা কাৰ্যকৰী নোহোৱাত মাধ্যমিক শিক্ষা নিম্নগামী হৈছে।

২। মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগে আগবড়োৱা পৰামৰ্শসমূহ বৰ্ণনা কৰা।

উত্তৰঃ-মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগে আগবড়োৱা পৰামৰ্শসমূহ তলত চমু বৰ্ণনা কৰা হলঃ-

     ক) গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশঃ-মুডালিয়াৰ আয়োগে উল্লেখ কৰিছে যে মাধ্যমিক শিক্ষা যিহেতু সৰহভাগ নাগৰিকৰে শেষ শিক্ষা হব। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলে গণতান্ত্ৰিক ভাৰতবৰ্ষৰ প্ৰয়োজনীয়তা পুৰণ কৰিব পৰাকৈ শিক্ষা লাভ কৰিব। গণতন্ত্ৰৰ বাবে প্ৰত্যেকজন নাগৰিকৰে বহু গুণৰ দৰকাৰ হয়। যেনে- ১। সুস্হ চিন্তাধাৰা,২। সুস্হ সামাজিক সমাযোজন,৩। সামাজিক ন্যায়,৪। প্ৰকৃত দেশ-প্ৰেম ইত্যাদি।

   খ) বৃত্তিগত যোগ্যতাৰ উন্নতকৰণঃ- মাধ্যমিক শিক্ষাই কোনো এটা বৃত্তি শিক্ষাৰ্থীকে বাধ্যতামূলকভাৱে শিকালে তাৰ পৰা তেওঁলোকৰ ব্যক্তিত্বৰ দিশৰ বিকাশ হব। জীৱিকা উপাৰ্জনৰ বাট বিচাৰি পাব,আগলৈ কাৰিকৰী বা ব্যৱহাৰিক শিক্ষা লাভৰ সুবিধা পাব। লগতে পাঠ্যক্ৰমখনো বেছি আকৰ্ষণীয় হব। তেতিয়াহে মাধ্যমিক শিক্ষাই শিক্ষাৰ্থীক স্বাৱলম্বী কৰি তুলিব লগতে জন-সধাৰণৰ জীৱন ধাৰণৰ মান উন্নত হব।

   গ) ব্যক্তিত্বৰ বিকাশঃ- মাধ্যমিক শিক্ষাৰ আন এটা লক্ষ্য হৈছে ব্যক্তিত্বৰ বিকাশ সাধন কৰা। ব্যক্তিত্বৰ পূৰ্ণ বিকাশ কৰিবলৈ হলে ব্যক্তিৰ শাৰীৰিক,মানসিক,অনূভূতি,সামাজিক আৰু ব্যৱহাৰিক জ্ঞানৰ চাহিদা পূৰণ কৰিব লাগিব।

   ঘ) নেতৃত্বৰ শিক্ষাঃ- গণতন্ত্ৰৰ সুস্হ বিকাশৰ বাবে নেতৃত্বৰ শিক্ষা অতি প্ৰয়োজনীয়। সাহিত্য,কলা,বানিজ্য,কাৰিকৰী,উদ্যোগ- সকলোতে উচ্চতম নেতৃত্বৰ যোগান ধৰাটো বিশ্ববিদ্যালয়ৰ কাম। কিন্তু সকলোৱে বিশ্ববিদ্যালয়লৈ যাব নোৱাৰে। সেইবাবে সৰহভাগ নাগৰিকৰ কাৰণে মাধ্যমিক শিক্ষাই শেষ শিক্ষা। এনেস্হলত মাধ্যমিক শিক্ষাই মাধ্যমিক পৰ্যায়ত সাহিত্য,কলা,ৰাজনীতি,উদ্যোগ,বাণিজ্য আদিত নেতৃত্বৰ ধৰিব লাগিব

Comments

Post a Comment

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Political Science//HS 2nd Year final exam common questions &answers of Political Science in 2021

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ