Books related Information

Chapter-7 Class-12 Geography //তৃতীয় আৰু চতুৰ্থক বৃত্তি

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-

১। দ্বিতীয়ক বৃত্তি কি?

উত্তৰঃ- প্ৰাথমিক বৃত্তিৰ দ্বাৰা আহৰণ কৰা সামগ্ৰীবোৰ শোধন,নিৰ্মাণ প্ৰক্ৰিয়াৰ মাজেৰে পৰিৱৰ্তন ঘটাই মানুহৰ ব্যৱহাৰৰ উপযোগী কৰে,তেনে বৃত্তিক দ্বিতীয়ক বৃত্তি বোলে।

        উদাহৰণস্বৰুপে,

                   ক)কুঁহিয়াৰৰ পৰা চেনি

                   খ) ধপাতৰ পৰা ছিগাৰেট।

২। দ্বিতীয়ক বৃত্তিৰ আন এটা নাম কি?

উত্তৰঃ- দ্বিতীয়ক বৃত্তিৰ আন এটা নাম হল Blue Collar Job.

৩। তলৰ কোনটো দ্বিতীয় বৃত্তিৰ নহয়ঃ-

     ক) লো শোধন         খ) মাছ ধৰা

     গ) কাপোৰ চিলোৱা  ঘ) পাছি-খৰাহী বনোৱা

খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। দ্বিতীয়ক বৃত্তিৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ-দ্বিতীয়ক বৃত্তিৰ দুটা উদাহৰণ হল-

              ক)কুঁহিয়াৰৰ পৰা চেনি

              খ) ধপাতৰ পৰা ছিগাৰেট।

২। উদ্যোগসমূহৰ স্হান নিৰ্ণয় কৰাত প্ৰভাৱ বিস্তাৰ কৰা দুটা কাৰক উল্লখ কৰা।

উত্তৰঃ-উদ্যোগসমূহৰ স্হান নিৰ্ণয় কৰাত প্ৰভাৱ বিস্তাৰ কৰা দুটা কাৰক হল-

         ক) কেঁচামালঃ- সাধাৰণতে কেঁচামাল পোৱা অঞ্চলবোৰত উদ্যোগবোৰ বৃদ্ধি পায়। এই উদ্যোগবোৰৰ কেঁচামাল,যেনে- কুঁহিয়াৰ, আকৰিক লো ইত্যাদি।

        খ) শক্তিঃ- যিকোনো উদ্যোগৰ স্হান নিৰ্ণয় কৰোতে শক্তিৰ যোগানৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ। কাৰণ যন্তৰপাতিবোৰ শক্তিৰ দ্বাৰা চালিত হয়।

গ) প্ৰতিটো ৩ নম্বৰৰ প্ৰশ্নোত্তৰ-

 ১। প্ৰাথমিক বৃত্তি আৰু দ্বিতীয়ক বৃত্তিৰ মাজত পাৰ্থক্যসমূহ লিখা।

উত্তৰঃ- প্ৰাথমিক বৃত্তি আৰু দ্বিতীয়ক বৃত্তিৰ মাজত পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হল-

    ক) যিবোৰ বৃত্তিৰ যোগেদি জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় সামগ্ৰীবোৰ প্ৰকৃতিৰ পৰা পোনপটীয়াকৈ আহৰণ কৰি ব্যৱহাৰ কৰে,তেনে বৃত্তিক প্ৰাথমিক বৃত্তি বোলে।

        আনহাতে,প্ৰাথমিক বৃত্তিৰ দ্বাৰ আহৰণ কৰা সামগ্ৰীবোৰ পূণৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ মাজেৰে পৰিৱৰ্তন ঘটাই ব্যৱহাৰৰ উপযোগী সামগ্ৰীলৈ ৰুপান্তৰ ঘটোৱাকে দ্বিতীয়ক বৃত্তি বোলে।

     খ) প্ৰাথমিক বৃত্তিৰ দ্বাৰা আহৰণ কৰা সামগ্ৰীবোৰ কম উন্নত। আনহাতে, দ্বিতীয় বৃত্তিৰ দ্বাৰা আহৰণ কৰা সামগ্ৰীবোৰ তুলনামূলকভাৱে উন্নত।

     গ) প্ৰাথমিক বৃত্তিত চিকাৰ কৰা,ফল-মূল সংগ্ৰহ কৰা,কৃষি কাৰ্য,মাছ ধৰা,পশুপালন ইত্যাদি অন্তৰ্ভুক্ত।

          আনহাতে, দ্বিতীয়ক বৃত্তিত কুঁহিয়াৰ পৰা চেনি,লোৰ আকৰৰ পৰা লো,ধপাতৰ পৰা চিগাৰেট আদি অন্তৰ্গত।      

গ) প্ৰতিটো ৫ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। কেঁচামালৰ ভিত্তিত উদ্যোগসমূহক বিভক্ত কৰা।

                        নাইবা

   কেঁচা সামগ্ৰীৰ ভিত্তিত উদ্যোগসমূহক বিভক্ত কৰা।

উত্তৰঃ- কেঁচামালৰ ভিত্তিত উদ্যোগসমূহক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি--

       ক) কৃষিজ উদ্যোগ   খ) খনিজ উদ্যোগ গ) ৰাসায়নিক উদ্যোগ

        ঘ) জৈৱিক উদ্যোগ ঙ) বনজ উদ্যোগ 

       কৃষিজ উদ্যোগঃ- কৃষিত  উৎপাদিত সামগ্ৰীক কেঁচামাল হিচাপে ব্যৱহাৰ কৰা উদ্যোগবোৰক  কৃষিজ উদ্যোগ বোলে। মুখ্য কৃষিজাত উদ্যোগবোৰৰ ভিতৰত থাকে,চেনি,আচাৰ,ফলৰ ৰস,পানীয় দ্ৰৱ্য( চাহ,কফি ),মছলা আৰু চৰ্বিযুক্ত তেল আদি আৰু বয়ন উদ্যোগৰ ভিতৰত থাকে কপাহ,মৰাপাট আৰ ৰেছম,ৰবৰ উদ্যোগ ইত্যাদি।

      খনিজ উদ্যোগঃ- খনিৰ পৰা উদঘাটন কৰা খনিজ পদাৰ্থক কেঁচামাল হিচাপে ব্যৱহাৰ কৰা উদ্যোগবোৰক খনিজ উদ্যোগ বোলে। কিছুমান উদ্যোগে লৌহ ধাতবীয় খনিজ পদাৰ্থ ব্যৱহাৰ কৰে। যেনে-লো-তীখা উদ্যোগ। কিন্তু আন কিছুমান উদ্যোগে অলৌহ ধাতবীয় খনিজ পদাৰ্থ ব্যৱহাৰ কৰে। যেনে- এলুমিনিয়াম,তাম আৰু গহনা । বহুতো উদ্যোগে আকৌ অধাতৱীয় খনিজ পদাৰ্থ ব্যৱহাৰৰ দ্বাৰা চিমেণ্ট আৰু মৃত্তিকা উদ্যোগ চলাই আছে। 

       ৰাসায়নিক উদ্যোগঃ- যিবোৰ উদ্যোগে বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থক কেঁচামাল হিচাপে ব্যৱহাৰ কৰে,তেনে উদ্যোগক ৰাসায়নিক উদ্যোগ বোলে। উদাহৰণস্বৰুপে,পেট্ৰোলিয়ামক পেট্ৰোৰাসায়নিক উদ্যোগত ব্যৱহাৰ কৰা হয়। কাঠ আৰু কয়লাৰ পৰা আহৰণ কৰা কেঁচামালৰ ওপৰত আধাৰ কৰিও ৰাসায়নিক উদ্যোগ বৃদ্ধি পাই। সাংশ্লেষিক সূতা,প্লাষ্টিক আদি ৰাসায়নিক উদ্যোগৰ উদাহৰণ।

      বনজ উদ্যোগঃ- হাবিত পোৱা গছ--গছনিকে আদি কৰি নানাবিধ বনজ সম্পদক কেঁচামাল হিচাপে ব্যৱহাৰ কৰি স্হাপপন কৰা উদ্যোগবোৰক বনজ উদ্যোগ বোলে। উদাহৰণস্বৰুপে, কাগজ উদ্যোগ,এঠাৰ উদ্যোগ, ৰেচন উদ্যোগ আদি। 

       জৈৱিক উদ্যোগঃ- যিবোৰ উদ্যোগ জীৱ-জন্তুৰ পৰা আহৰণ কৰা সামগ্ৰীক কেঁচামাল হিচাপে ব্যৱহাৰ কৰি স্হাপন কৰা হয়,তেনে উদ্যোগক জৈৱিক উদ্যোগ বোলে। উদাহৰণস্বৰুপে, চামৰাৰ উদ্যোগ।

২। আকাৰৰ ভিত্তিত উদ্যোগবোৰক শ্ৰেণীবিভাজন কৰি লিখা।

উত্তৰঃ- আকাৰৰ বিত্তিত উদ্যোগবোৰক তিনিটা শ্ৰেণীত ভাগ কৰা হয়। সেইবোৰ হল--

               ক) কুটীৰ শিল্প

               খ) ক্ষুদ্ৰ উদ্যোগ

               গ) বহৎ উদ্যোগ। 

        কুটীৰ শিল্পঃ- কুটীৰ শিল্পক অতিশয় ক্ষুদ্ৰ  নিৰ্মাণ একক বুলিব পাৰি। কাৰিকৰ বা হস্তশিল্পী সকলে নিজ-নিজ পৰিয়ালৰ সদস্য নাইবা আংশিক সময় সাপেক্ষে নিযুক্তি দি লোৱা বনুৱাৰ সহায়েৰে সৰল হস্ত সজুলি আৰু স্হানীয়ভাৱে লাভ কৰা কেঁচামালক ব্যৱহাৰ কৰি  দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী প্ৰস্তুত কৰি উলিয়ায়। 

      কুটীৰ শিল্পই উৎপাদন কৰি উলিওৱা কিছুমান সাধাৰণ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ ভিতৰত খাদ্যবস্তু,বস্ত্ৰ,চকী মেজ,ইটা,মূৰ্তি, পুতলা ইত্যাদি।

       ক্ষুদ্ৰ উদ্যোগঃ-উৎপাদনৰ কৌশল আৰু নিৰ্মাণ কৰা স্হানৰ ভিত্তিত ক্ষুদ্ৰ উদ্যোগক কুটীৰ শিল্পৰ পৰা পৃথক কৰিব পাৰি। ক্ষুদ্ৰ উদ্যোগত স্হানীয়ভাৱে পোৱা কেঁচামাল,সৰল শক্তি চালিত যন্ত্ৰ আৰু অৰ্দ্ধ-প্ৰশিক্ষিত শ্ৰমিক ব্যৱহাৰ কৰা হয়। এই উদ্যোগসমূহ ঘাইকৈ শ্ৰমিকবলৰ ওপৰত কৰি থকাৰ বাবেই ইয়াত উৎপাদিত সামগ্ৰীৰ পৰিমাণৰ তুলনাত নিয়োগৰ সম্ভাৱনা যথেষ্ট বেছি। সেইবাবে ভাৰতবৰ্ষ,চীন,ইন্দোনেছিয়া আৰু ব্ৰাজিল আদিৰ দৰে দেশবোৰত এনে উদ্যোগৰ গুৰুত্ব অধিক।

     বহৎ উদ্যোগঃ- এই উদ্যোগে বহৎ বজাৰ,বিভিন্ন ধৰণৰ কেঁচামাল,প্ৰচুৰ শক্তি,বিশেষ পাৰদৰ্শিতা থকা কৰ্মী,উন্নত প্ৰযুক্তিবিদ্যা,একেধৰণৰ হোৱা গোট  উৎপাদন আৰু প্ৰচুৰ মূলধন সাঙুৰি লয়। যোৱা ২০০ বছৰৰ পূৰ্বে, এই উদ্যোগ বৃটিছ গণৰাজ্য, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূৱ অঞ্চল আৰু ইউৰোপত গা--কৰি উঠিছিল।


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ