Books related Information

Class-12 Political Science//HS 2nd Year final exam common questions &answers of Political Science in 2021

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। ভাৰতে কেতিয়া কায়টো প্ৰটকলত স্বাক্ষৰ আৰু অনুমোদন কৰিছিল?

উত্তৰঃ-২০০২ চনৰ আগষ্ট মাহত।

২। ২১ দফীয়া ( Agenda 21) কি?

উত্তৰঃ-২১ দফীয়া ( Agenda 21) হল ৰিঅ' সন্মিলনত গ্ৰহণ কৰা এক উন্নয়ণমূলক পদক্ষেপ।

৩। কোনটো দিন বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়?

উত্তৰঃ- ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়।

৪। বিশ্বায়নৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক হল প্ৰযুক্তিবিদ্যা।( হয় নে নহয়)

 উত্তৰঃ- হয়।

৫। ভাৰতে কেতিয়া অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল?

উত্তৰঃ- ১৯৯১ চনত। 

৬। বিশ্বায়নৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ-বিশ্বায়নৰ এটা বৈশিষ্ট্য হল-বিশ্বায়ন হৈছে এক বহুমুখী প্ৰক্ৰিয়া।

খ) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। বিশ্বায়ণ বা গোলকীকৰণৰ কাৰণসমূহ কি কি?

উত্তৰঃ-বিশ্বায়ণ বা গোলকীকৰণৰ কাৰণসমূহ তলত উল্লেখ কৰা হল-

          ক) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি।

          খ) ছপাশালৰ আৱিষ্কাৰ।

          গ) ইউৰোপীয় পুঁজিবাদী।

          ঘ) জনপ্ৰব্ৰজন।

২। বিশ্বায়ক সহায় কৰা দুটা আন্তৰ্জাতিক সংগঠনৰ নাম লিখা।

                                     বা

   বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা।

উত্তৰঃ-বিশ্বায়ক সহায় কৰা দুটা আন্তৰ্জাতিক সংগঠনৰ নাম হল-

           ক) বিশ্ব বেংক।

           খ) আন্তৰ্জাতিক মুদ্ৰানিধি।

২। সেউজ গৃহ( গ্ৰীন হাউচ) গেছ মানে কি বুজা?

উত্তৰঃ- সেউজ গৃহ( গ্ৰীন হাউচ) গেছ মানে কাৰ্বন-ডাই অক্সাইড, অ’জন, মিথেন, নাইট্ৰাছ অক্সাইড, ক্লৰ’ফ্লব’কাৰ্বন(CFCs) আৰু জলীয় বাষ্প ইত্যাদি গেছক বুজাই।

৩। বিশ্বায়ণৰ বিভিন্ন মাত্ৰাসমূহ কি কি?

উত্তৰঃ- বিশ্বায়ণৰ বিভিন্ন মাত্ৰাসমূহ হল-

          ক) অৰ্থনৈতিক।

          খ) ৰাজনৈতিক।

          গ) সাংস্কৃতিক।

৪। বিশ্বজনীন উমৈহতীয়া দুটা সম্পদৰ নাম লিখা।

উত্তৰঃ-বিশ্বজনীন উমৈহতীয়া দুটা সম্পদৰ নাম হল-

          ক) পৃথিৱীৰ বায়ুমণ্ডল।

          খ) মহাকাশ।

৫। 'ভূ-সন্মিলন' মানে কি বুজাই?

উত্তৰঃ- ভূ-সন্মিলন মানে ১৯৯২ চনত ব্ৰাজিলৰ ৰিঅ দি জেনেইৰত ৰাষ্ট্ৰসংঘই অনিষ্ঠিত কৰা পৰিৱেশ আৰু  উন্নয়ণ সম্পৰ্কীয় সন্মিলনক বুজাই।  এই সন্মিলনৰ আলোচনাৰ প্ৰধান বিষয়সমূহ হল- তেজষ্ক্ৰিয় ৰাসায়নিক দ্ৰৱ্যৰ ব্যৱহাৰৰ নিয়ন্ত্ৰণ, জৈৱিক ইন্ধনৰ বিকল্প ব্যৱস্হাৰ সন্ধান কৰা,যান-বাহনৰ ধোঁৱা নিৰ্গমন হ্ৰাস কৰা ইত্যাদি।

৬। থলুৱা অধিবাসী কি? কিমান চনত 'থলুৱা লোকৰ বিশ্ব পৰিষদ' গঠন কৰা হয়?

উত্তৰঃ-থলুৱা অধিবাসী হল কোনো এক অঞ্চলত বহু যুগ ধৰি স্হায়াভাবে বসবাস কৰা লোক। থলুৱা অধিবাসীসকলৰ নিজা সামাজিক,অৰ্থনৈতিক আৰু সাংস্কৃতিক ৰীতি-নীতি আৰু পৰম্পৰাগত মীল্যবোধ থাকে।

        ১৯৭৫ চনত 'থলুৱা লোকৰ বিশ্ব পৰিষদ' গঠন কৰা হয়।

৭। সম্পদৰ ভূ-ৰাজনীতি মানে কি? বিশ্ব ৰাজনীতিৰ প্ৰাসংগিকতা থকা দুটা সম্পদৰ নাম লিখা।

উত্তৰঃ- সম্পদক কেন্দ্ৰ কৰি প্ৰাকৃতিক সম্পদত চহকী বিশ্বৰ বিভিন্ন দেশত বিশেষকৈ তৃতীয় বিশ্বত গড়ি উঠা সংঘাত আৰু ইয়াৰ বিশ্বজোৰা বিয়পি থকাকে সম্পদৰ ভূ-ৰাজনীতি বোলে। সম্পদক কেন্দ্ৰ কৰি বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন ঘটনা প্ৰবাহ সংঘটিত হোৱা দেখা যায়। উল্লেখযোগ্য যে সম্পদ আহৰণৰ উদ্দেশ্যেই ইউৰোপীয়ান শক্তিয়ে সমগ্ৰ বিশ্বজুৰি নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিল।

                বিশ্ব ৰাজনীতিৰ প্ৰাসংগিকতা থকা দুটা সম্পদৰ নাম হল-

                         ক) তেল    আৰু খ) পানী।

৮। উমৈহতীয় সম্পদ বুলিলে কি বুজাই?

উত্তৰঃ-উমৈহতীয় সম্পদ বুলিলে কোনো সম্পদৰ ওপৰত থকা কোনো সম্প্ৰদায়ৰ সমূহীয়া মালিকীস্বত্বক বুজাই। উদাহৰণস্বৰুপে, পৃথিৱীৰ বায়ুমণ্ডল,মহাকাশ,সাগৰপৃষ্ঠ, এন্টাৰ্কটিকা মহাদেশ ইত্যাদি।

৯। গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰক হিচাপে দুটা গেছৰ নাম লিখা।

উত্তৰঃ- গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰক হিচাপে দুটা গেছৰ নাম হলঃ-

           ক) কাৰ্বন-ডাই অক্সাইড

           খ) মিথেন।

১০। বিশ্বায়ন ব্যৱস্হাৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ-বিশ্বায়ন ব্যৱস্হাৰ দুটা উদাহৰণ হলঃ-

          ক) টেলিভিশ্যন সেৱা।

          খ) ইণ্টাৰনেট সেৱা।

১১। বিশ্বায়ণৰ দুটা দোষ উল্লেখ কৰা।

উত্তৰঃ- বিশ্বায়ণৰ দুটা দোষ তলত উল্লেখ কৰা হলঃ-

        .ক) বিশ্বায়নে সৃষ্টি কৰা মুক্ত বজাৰ ব্যৱস্হাৰ  ফলত সমাজৰ ধনী লোকসকল ক্ৰমান্বয়ে ধনী হৈ গৈ আছে আৰু দুখীয়াসকলৰ অৱস্হা লাহে লাহে অৱনতি ঘটিছে।

         খ) বিশ্বায়ন ব্যৱস্হাই জাতি ৰাষ্ট্ৰৰ সামৰ্থ আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।

১২। বিশ্বায়নৰ দুটা ৰাজনৈতিক ফলাফল লিখা।

উত্তৰঃ- বিশ্বায়নৰ দুটা ৰাজনৈতিক ফলাফল হলঃ-       

             ক) বিশ্বায়নে ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতাৰ ক্ষেত্ৰত সীমাবদ্ধতা আনি দিছে।

             খ) বিশ্বায়নৰ মাজেৰে সোমাই অহা উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ প্ৰক্ৰিয়াই ৰাষ্ট্ৰৰ কল্যানকামী কাৰ্যসূচীক সংকুচিত কৰিছে।

Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ