Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

Class-12 Assamese // কৈশোৰ কাল আৰু ইয়াৰ উপযোগি শিক্ষা

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-


১। শিশুৰ জগত আৰু প্ৰাপ্তবয়স্ক জগত- এই দুখন জগতৰ সংযোগকাৰী কাল কোনটো?

উত্তৰ:-কৈশোৰ কাল।


২। মানৱ জীৱনৰ কোনটো কালক অতি সংকটময় কাল অৰ্থাত ধুমুহা আৰু পীৰনৰ সময় বুলি কোৱা হয়?

                            বা

   মানৱ জীৱনৰ কোনটো কালক ৰুপান্তৰ কাল বুলি অভিহিত কৰা হয় ?

উত্তৰ:-কৈশোৰ কাল।

৩। ভাৰত চৰকাৰে কিমান চনত ৰাষ্ট্ৰীয়  শিক্ষা নীতি ঘোষণা কৰিছিল?

উত্তৰ:-১৯৮৬ চনত।

৪। মাধ্যমিক শিক্ষাক ''জীৱনৰ আলি-দোমোজা'' বুলি কোনে অভিহিত কৰিছে?

উত্তৰ:-১৯৯৬ চনত গঠন হোৱা আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে।

৫। কৈশোৰ কাল আন কি নামেৰে পৰিচিত?

উত্তৰ:-সংকটময় কাল।


খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ-


১। কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি উল্লেখ কৰা। 

উত্তৰ:-কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় তলত উল্লেখ কৰা হল-

     ক) ভাষা শিক্ষণ

     খ) গণিত

     গ) বিজ্ঞান

     ঘ) সমাজ বিজ্ঞান।


২। মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্ৰধান বিশেষত্ব উল্লেখ কৰা।

উত্তৰ:-মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্ৰধান বিশেষত্ব তলত উল্লেখ কৰা হল-

        ক) মাধ্যমিক স্তৰত কোনো বিশেষীকৰণ পাঠ্যক্ৰম নাই।

        খ) মাধ্যমিক স্তৰত ব্যক্তিৰ বিভিন্ন বুদ্ধি-বৃত্তিৰ বৃদ্ধি হয়।


৩। কিশোৰ-সংস্কৃতি কি?

উত্তৰ:-কৈশোৰ কালত সমনীয়াৰ সৈতে হোৱা প্ৰতিযোগিতা-সহযোগিতাৰ অন্তৰালত গৰি উঠে এক 'উপ-সংস্কৃতি' যাক কিশোৰ-সংস্কৃতি বুলি অভিহিত কৰা হয়। কিশোৰ অৱস্হাৰ চাল-চলন,সাজ-পাৰ,বাকভংগী,ধ্যান-ধাৰণা, আনকি ৰাজনৈতিক মতাদৰ্শ আদিতো এই সংস্কৃতিয়ে যথেষ্ট প্ৰভাৱ পেলোৱা দেখা যায়।


৪। মানসিক শক্তি কি,বুজাই লিখা।

উত্তৰ:-মানসিক শক্তি মানে হল- বুদ্ধু,বিমূৰ্ত চিন্তনৰ ক্ষমতা,যুক্তিশক্তি,বিভিন্ন দিশত আগ্ৰহ আদি। কৈশোৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিখাশৰ গতি কিছু হ্ৰাস পায়,শেষৰ পিনে ই দ্ৰুতগতি লয় আৰু কৈশোৰৰ শেষত বৌদ্ধিক ক্ষমতাই চৰম উতকৰ্ষ লাভ কৰে।


৫। কৈশোৰ কালৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ:-কৈশোৰ কালৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হল-

         ক) পৰিচিতিৰ সংঘাত

         খ) বিপৰীত লিংগকামিতা।

৬। জাতীয় পাঠ্যক্ৰম গাঁথনি ২০০৫( National Curricular Framework 2005) ৰ উদ্দেশ্য উল্লেখ কৰা।

উত্তৰ:-জাতীয় পাঠ্যক্ৰম গাঁথনি ২০০৫( National Curricular Framework 2005) ৰ উদ্দেশ্য হল-

      ক)  স্কুলত প্ৰদান কৰা জ্ঞানে বাহিৰৰ জগতখনৰ লগত ছাত্ৰ-ছাত্ৰীৰ মনৰ সংযোগ স্হাপন কৰা আৰু পাঠ্যক্ৰম কেৱল পাঠ্যপুথিতে আবদ্ধ হৈ নথকা।

     খ) জ্ঞানৰ পৰিধি কেৱল বিশেষ বিশেষ বিষয়তে সীমাবদ্ধ নকৰি এক সুসংহত জ্ঞানৰ আভাস ছাত্ৰ-ছাত্ৰীক দিয়াৰ বাবে যত্নপৰ কৰা। 

ক) প্ৰতিটো 4 নম্বৰৰ প্ৰশ্নোত্তৰ-

১। কৈশোৰ কালৰ বাবে কেনে ধৰণৰ শিক্ষা উপযোগি? উদাহৰণসহ বৰ্ণনা কৰা।
উত্তৰঃ- কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষা হল মাধ্যমিক শিক্ষা। কৈশোৰ কালৰ লৰা-ছোৱালীয়ে পঢা শিক্ষানুষ্ঠানসমূহ হল মাধ্যমিক শিক্ষাৰ অনুষ্ঠান। অৱশ্যে,কৈশোৰৰ শিক্ষা ব্যৱস্হাৰ বিষয়ে কবলৈ গলে আনুষ্ঠআনিক শিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষাকো সমানে গুৰুত্ব দিব লাগিব।
        ব্যক্তি জীৱনৰ জটিলতাপূৰ্ণ কৈশোৰ কালক সামৰি লোৱা মাধ্যমিক শিক্ষই সমগ্ৰ শিক্ষা ব্যৱস্হাতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিয়নো মাধ্যমিক শিক্ষাৰ জৰিয়তে এটা জাতিৰ লক্ষ্য আৰু আদৰ্শক উপলব্ধি কৰিব পাৰি। জাতীয় শিক্ষা পদ্ধতিৰ আঁচনি কাৰ্যকৰী কৰিব পাৰি এই স্তৰৰ শিক্ষাতে। স্বাধীনতাৰ পৰবৰ্তী দশকতে গঠিত হোৱা মাধ্যমিক শিক্ষা আয়োগে (১৯৫২-৫৩) চনত মাধ্যমিক শিক্ষাৰ তিনিটা লক্ষ্যৰ বিষয়ে উনিকিয়াইছে। সেইকেইটা তলত উল্লেখ কৰা হল-
        ক) দেশৰ সমসাময়িক ৰাজনৈতিক,সামাজিক বা অৰ্থনৈতিক সমস্যাৰ পটভূমিত বৰ্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা-ব্যৱস্হাক গৰ দিয়া।
       খ) ধৰ্মনিৰপেক্ষ দেশৰ সু-নাগৰিক হিছাপে প্ৰয়োজনীয় গুণ আয়ত্ত কৰি অৰ্থনৈতিক অগ্ৰগতিত সহায় কৰা।
       গ) জাতীয় সংহতিৰ বিকাশ সাধন কৰা ।
       আনহাতে, ১৯৮৬ চনত ভাৰত চৰকাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিতে মাধ্যমিক শিক্ষাক গুৰুত্ব সহকাৰে লোৱা হৈছে। এই শিক্ষা বৃত্তিমুখীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ব্যৱস্হাৰ জৰিয়তে দেশৰ জনশক্তিক অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো আগ বৰাই নিব পাৰি। ১৯৯৬ চনত হোৱা আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক জীৱনৰ আলি-দোমোজা( Cross-roads of life) বুলি অভিহিত কৰা হয় যত ভৱিষ্যত জীৱনৰ অতি লাগতিয়াল সমলসমূহ আহৰণ কৰিব পাৰে আৰু যোগ্যতা, অভিৰুচি বা প্ৰয়োজন অনুসৰি নিজস্ব পথেদি জীৱনৰ বাটত আগ্ৰসৰ হব পাৰে। 
       এক কথাত কবলৈ গলে,মাধ্যমিক স্তৰৰ শিক্ষাই প্ৰাথমিক স্তৰৰ শিক্ষাৰ  বিস্তাৰ ঘটাই উচ্চ স্তৰৰ শিক্ষাত প্ৰৱেশৰ অধিকাৰ সাব্যস্ত কৰাৰ লগতে স্বয়ংসম্পূৰ্ণ কৰি তোলে।
 
২। 'কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল পৰিচিতিৰ সংঘাত।' -- ব্যাখ্যা কৰা।
উত্তৰঃ-  'কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল পৰিচিতিৰ সংঘাত।'-
          কৈশোৰ কালৰ এটা অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্যৰ কথা ইয়াত উল্লেখ কৰিছে  যিটো হল পৰিচিতিৰ সংঘাত। কৈশোৰ কালত কিশোৰ-কিশোৰীৰ মনলৈ অহা ডাঙৰ প্ৰশ্নটো হল- ''মই কোন?'' নিজৰ পৰিচয় সম্পৰ্কে কিশোৰ-কিশোৰীসকল সন্দিয়ান হৈ পৰে। এই সংঘাত তেঁওঁলোকৰ মনত কিছুমান বিপৰীত  ভাবাপন্ন অনুভুতিৰ প্ৰভাৱ আহে। নৈতিকতাবোধ,মূল্যবোধ,সামাজিক দায়বদ্ধতা আদি আদৰ্শসমূহৰ বাস্তৱ জগতৰ লগত থকা অমিলখিনি কিশোৰ-কিশোৰীয়ে নিজ চিন্তা বা বিচাৰ বুদ্ধিৰে ফহিয়াই চাব নোৱাৰে। সেয়েহে,তেওঁলোকৰ আদৰ্শৰ লগত বাস্তৱ জগতৰ আদৰ্শৰ সংঘাত ঘটে আৰু ইয়াকে তেওঁলোকৰ মনত জন্ম দিয়ে পৰিচিতিৰ সংঘাত। কেতিয়াবা কেতিয়াবা এনে শক্তিশালী সংঘাতেই সমাজ-গাঁথনি সলনি কৰি নতুন সমাজ-গাঁথনি সৃষ্টি কৰাত অৰিহণা যোগোৱাও দেখা যায়।
      এনেবোৰ পৰিৱৰ্তন আৰু বৈশিষ্ট্যৰ পৰিপ্ৰেক্ষিতত কৈশোৰ কালছোৱাক জীৱনৰ জটিলতম সময় হিচাপে চিহ্নিত কৰাটো যুক্তিসংগত।

৩। চমুটোকা লিখা---
      ক) দিবাস্বপ্নঃ-  
                দিবাস্বপ্ন হল কৈশোৰ কালৰ এক বৈশিষ্ট্য। কল্পনা শক্তিৰ অভূতপূৰ্ব বিকাশে কিশোৰ-কিশোৰীৰ  মনত কল্পনাৰ মায়াজাল বিস্তাৰ কৰে আৰু বহু ক্ষেত্ৰত বাস্তৱতাৰ পৰা ফালটি কাটি কেৱল কল্পনাৰ জগততে তেওঁলোকক বিচৰণ কৰা দেখা যায়। অৱশ্যে,দিবাস্বপ্নৰ যোগাত্মক দিশ এটা আছে যিটো কিশোৰ-কিশোৰীৰ সৃষ্টিশীল প্ৰতিভা বিকাশ হোৱাত সহায় কৰা।
      
      খ) বীৰপুজাঃ-
                  বীৰপুজাৰ প্ৰবৃত্তি কৈশোৰ কালৰে এটা বৈশিষ্ট্য। নিজৰ ভাল লগা ব্যক্তিৰ জীৱনৰ আদৰ্শ গ্ৰহণ কৰিবলৈ ইচ্ছুক হৈ পৰে। ইয়াৰ বাবে কিশোৰ-কিশোৰীয়ে সেই ব্যক্তিসকলৰ ব্যক্তিত্বৰ গুণসমূহ নীৰৱে অনুকৰণ কৰে। সাধাৰণতে,তেওঁলোকে চবিজগত বা খেলজগতৰ লগত জৰিত ব্যক্তসকলৰ তেওঁলোকৰ আদৰ্শ ব্যক্তি হিচাপে গ্ৰহণ কৰা দেখা যায়। বীৰপুজাৰ এই প্ৰবৃতিক সঠিক পথেৰে নিবলৈ কৈশোৰ কালৰ শিক্ষাৰ পাঠ্যক্ৰমত মহত লোকৰ জীৱনী পাঠ অন্তৰ্ভুক্ত কৰা হয়।
     
       গ) অপৰাধপ্ৰৱনতাঃ-
                      আৱেগ-অনুভুতিৰ অত্যধিক প্ৰৱনতাৰ ফলত বেছিভাগ ক্ষেত্ৰতে কিশোৰ-কিশোৰীৰ জীৱনটো প্ৰায় সম্পূৰ্ণভাৱে আৱেগে পৰিচালিত কৰে।  আৱেগৰ সম্পূৰ্ণ বিকাশে তেওঁলোকৰ মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ ফলস্বৰুপে,তেওঁলোকৰ মন কেতিয়াবা অতি আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবাদী হয়। সুস্হভাৱে নিজৰ মনক পৰিচালিত কৰিব নোৱাৰি বহু সময়ত কিশোৰ-কিশোৰী হৈ পৰে বিদ্ৰোহী মনোভাৱাপন্ন। এনেদৰেই নেতিবাচক মনোভাৱেৰে কিশোৰ-কিশোৰীসকল অপৰাধপ্ৰৱনতালৈ ৰুপান্তৰ হয়।

৪। কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা।
উত্তৰঃ-কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে তলত চমু আলোচনা কৰা হল-
       ক) আৱেগিক বিকাশঃ- কিশোৰ-কিশোৰীৰ আৱেগিক দিশৰ বিকাশ সম্পূৰ্ণ বুলি কব পাৰি। আৱেগ-অনুভুতিৰ অত্যধিক প্ৰৱনতাৰ ফলত বেছিভাগ ক্ষেত্ৰতে কিশোৰ-কিশোৰীৰ জীৱনটো প্ৰায় সম্পূৰ্ণভাৱে আৱেগে পৰিচালিত কৰে।  আৱেগৰ সম্পূৰ্ণ বিকাশে তেওঁলোকৰ মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ ফলস্বৰুপে,তেওঁলোকৰ মন কেতিয়াবা অতি আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবাদী হয়। সুস্হভাৱে নিজৰ মনক পৰিচালিত কৰিব নোৱাৰি বহু সময়ত কিশোৰ-কিশোৰী হৈ পৰে বিদ্ৰোহী মনোভাৱাপন্ন। এনেদৰেই নেতিবাচক মনোভাৱেৰে কিশোৰ-কিশোৰীসকল অপৰাধপ্ৰৱনতালৈ ৰুপান্তৰ হয়।
      খ) সামাজিক বিকাশঃ- কৈশোৰ কালৰ সামাজিক বিকাশ এক লেখত লবলগীয়া বিষয়। দলীয় মনোভাৱৰ লগতে সহমৰ্মিতাৰ উন্মেষ হয় এই কালছোৱাত। কৈশোৰ কালত সমনীয়াৰ সৈতে হোৱা প্ৰতিযোগিতা-সহযোগিতাৰ অন্তৰালত গৰি উঠে এক 'উপ-সংস্কৃতি' যাক কিশোৰ-সংস্কৃতি বুলি অভিহিত কৰা হয়। কিশোৰ অৱস্হাৰ চাল-চলন,সাজ-পাৰ,বাকভংগী,ধ্যান-ধাৰণা, আনকি ৰাজনৈতিক মতাদৰ্শ আদিতো এই সংস্কৃতিয়ে যথেষ্ট প্ৰভাৱ পেলোৱা দেখা 
                                xxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxx

Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Political Science//HS 2nd Year final exam common questions &answers of Political Science in 2021

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ