Books related Information

Class--12// জনসংখ্যাৰ গঠন

 ক) নিম্নলিখিত চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা।

১। তলৰ কোনখন দেশত পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি লিংগ অনুপাত আছেঃ-

   ক) লাটভিয়া   খ) সংযুক্ত আৰব গণৰাজ্য

   গ) জাপান     ঘ) ফ্ৰাস

২। তলৰ কোনটো ৰাশিয়ে জনসংখ্যাৰ কৰ্মী বয়সী দলক চিত্ৰিত কৰিছেঃ-

    ক) ১৫-৬৫ বছৰ   খ) ১৫- ৬৪ বছৰ

    গ) ১৫-৬৬ বছৰ   ঘ) ১৫-৫৯ বছৰ ।

৩। তলৰ কোনটো বয়সক সাক্ষৰতাৰ হাৰৰ সময়সীমা বুলি ধৰা হয় ?

    ক) ৫ বছৰ   খ) ৭ বছৰ

    গ) ৬ বছৰ   ঘ) ১৫ বছৰ ।

৪। কোনখন মহাদেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি?

    ক) আফ্ৰিকা    খ) এছিয়া

    গ) অট্ৰেলিয়া    ঘ) দক্ষিণ আমেৰিকা

খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ-

 ১। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি লিংগ অনুপাত থকা দেশখনৰ নাম কি?

উত্তৰঃ লাটভিয়া।

২। জনসংখ্যাৰ গঠনৰ দুটা উপাদান উল্লেখ কৰা ।

উত্তৰঃ-জনসংখ্যাৰ গঠনৰ দুটা উপাদান তলত উল্লেখ কৰা হল-

         ক) লিঙ্গ গঠন। 

         খ) বয়স সংৰচনা।

৩। জনসংখ্যাৰ লিঙ্গ অনুপাতৰ ক্ষেত্ৰত পৃথিৱীৰ সৰ্বাধিক আৰু সৰ্বনিম্ন মহিলাৰ পৰিমাণ থকা দেশ দুখনৰ নাম লিখা।

উত্তৰঃ-জনসংখ্যাৰ লিঙ্গ অনুপাতৰ ক্ষেত্ৰত পৃথিৱীৰ সৰ্বাধিক আৰু সৰ্বনিম্ন মহিলাৰ পৰিমাণ থকা দেশ দুখনৰ নাম হল-

          ক) সৰ্বাধিক মহিলা----- লাটভিয়া

          খ) সৰ্বনিম্ন মহিলা ----- সংযুক্ত আৰব গণৰাজ্য

৪। এছিয়াত লিঙ্গ অনুপাত নিম্ব থকা দুখন দেশৰ নাম লিখা।

 উত্তৰঃ-এছিয়াত লিঙ্গ অনুপাত নিম্ব থকা দুখন দেশৰ নাম হল-

           ক) চীন দেশ

           খ) ভাৰত ।

গ) প্ৰতিটো ৩ নম্বৰৰ প্ৰশ্নোত্তৰ-

 ১।  লিঙ্গ অনুপাত কেনেকৈ গঠন কৰা হয়?

                      বা

      লিঙ্গ অনুপাতৰ জোখ কেনেদৰে লব পাৰি?

উত্তৰঃ- মহিলা আৰু পুৰুষৰ সংখ্যাৰ মাজত থকা অনুপাতকে জনসংখ্যাৰ লিঙ্গ অনুপাত বোলে। এটা সুত্ৰ প্ৰয়োগৰ দ্বাৰা কিছুমাণ দেশৰ  লিঙ্গ অনুপাত গণনা কৰা হয়।

                     পুৰুষৰ সংখ্যা        X   1000

                      মহিলাৰ সংখ্যা

নতুবা, প্ৰতি ১০০০ জন মহিলাৰ সংখ্যাৰ বিপৰীতে পুৰুষৰ সংখ্যা।

      নিম্নলিখিত সূত্ৰ প্ৰয়োগৰ দ্বাৰা ভাৰতবৰ্ষৰ লিঙ্গ অনুপাত গণনা কৰা হয়।

                        মহিলাৰ সংখ্যা  X ১০০০

                        পুৰুষৰ সংখ্যা  

   নতুবা,প্ৰতি ১০০০ জন পুৰুষৰ সংখ্যাৰ বিপৰীতে মহিলাৰ সংখ্যা।

 ২। জনসংখ্যা গঠন বুলিলে কি বুজাই? জনসংখ্যা গঠনৰ উপাদানসমূহ উল্লেখ কৰা।

উত্তৰঃ- জনসংখ্যাৰ যিবোৰ বৈশিষ্ট্যৰ দ্বাৰা এখন ঠাইৰ জনসংখ্যাক গুণগতভাৱে আন এখন ঠাইৰ জনসংখ্যাৰ পৰা পৃথক কৰিব পাৰি,তাকেই জনসংখ্যা গঠন বোলে। এখন ঠাইৰ জনসংখ্যাৰ প্ৰকৃত গাথঁনিটো নিৰুপন কৰিব পাৰি ঠাইখনৰ জনসংখ্যাৰ গঠনৰ অধ্যায়নৰ দ্বাৰা। 

          জনসংখ্যা গঠনৰ উপাদানসমূহ তলত উল্লেখ কৰা হল-

              ক) লিঙ্গ অনুপাত

              খ) বয়স সংৰচনা

              গ) বৃত্তিৰ গঠন

              ঘ) সাক্ষৰতাৰ হাৰ।


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ