Books related Information

Class-12//বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য

 ক) অতি চমু প্ৰশ্ন ( প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ)-

১। আধিপত্য মানে কি ?

উত্তৰ :-আধিপত্য মানে কোনো শক্তি,দেশ অথবা ব্যক্তিয়ে আনৰ ওপৰত প্ৰতিষ্ঠা   কৰা সৰ্বাত্মক নিয়ন্ত্ৰণ। এনে নিয়ন্ত্ৰণ কেৱল অৰ্থনৈতিক বা সামৰিক নহয়। এনে নিয়ন্ত্ৰণে সামাজিক,সাংস্কৃতিক,ৰাজনৈতিক,বৌদ্ধিক আদি সকলোবোৰ দিশ সাঙুৰি লয়।

২। এক মেৰুবিশিষ্ট বিশ্ব বুলিলে কি বুজায় ?

উত্তৰ :-শীতল যুদ্ধ শেষ হোৱাৰ পিছত বিশ্ব ৰাজনীতিত আমেৰিকাই যুক্তৰাষ্ট্ৰই একক মহাশক্তি হিচাপে গোটেই বিশ্বত যি নতুন যুগৰ সূচনা কৰে,তাকে এক মেৰুবিশিষ্ট বিশ্ব বোলে।

৩। '' নতুন বিশ্ব শৃংখলা '' ৰ সূত্ৰপাত কেতিয়া আৰম্ভ হয় ?

উত্তৰ :-১৯৯১ চনত ।

৪। ইৰাকে কেতিয়া কুৱেইট আক্ৰমণ কৰিছিল ?

উত্তৰ :- ১৯৯০ চনত ।

৫। প্ৰথম উপসাগৰীয় যুদ্ধ কি ?

উত্তৰ :- আমেৰিকাৰ নেতৃত্বত ইৰাক আক্ৰমণ কৰাকে প্ৰথম উপসাগৰীয় যুদ্ধ বোলে। 

৬। " Operation Desert Storm " --''অপাৰেশ্যন ডেজাৰ্ট ষ্টৰ্ম" বুলিলে কি বুজাই?

উত্তৰঃ-ৰাষ্ট্ৰসংঘৰ নেতৃত্বত ইৰাকৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰথম উপসাগৰীয় যুদ্ধত ৩৪ খন দেশৰ সন্মিলিত ৬৬০,০০০ সৈন্যই অংশগ্ৰহণ কৰিছিল আৰু ইৰাকক পৰাভূত কৰিছিল। ৰাষ্ট্ৰসংঘৰ নেতৃত্বত হোৱা এই অভিযানখনক " Operation Desert Storm " --''অপাৰেশ্যন ডেজাৰ্ট ষ্টৰ্ম" বুলি জনা যায়।

৭। ইৰাকৰ ৰাষ্ট্ৰপতিয়ে প্ৰথম উপসাগৰীয় যুদ্ধক কি নামেৰে  অভিহিত কৰিছে ?

উত্তৰ :- ইৰাকৰ ৰাষ্ট্ৰপতিয়ে প্থম উপসাগৰীয় যুদ্ধক -"সকলোবিলাক যুদ্ধৰ মাতৃ " বুলি অভিহিত কৰিছে। 

৮। প্ৰথম উপসাগৰীয় যুদ্ধৰ নেতৃত্ব দিয়া আমেৰিকাৰ জেনেৰেল কোন?

উত্তৰ :-প্ৰথম উপসাগৰীয় যুদ্ধৰ নেতৃত্ব দিয়া আমেৰিকাৰ জেনেৰেল  হল নৰ্মান শ্বোৱাৰ্জকোফ ।

৯।  প্ৰথম উপসাগৰীয় যুদ্ধৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিল ?

উত্তৰ :-প্ৰথম উপসাগৰীয় যুদ্ধৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল জৰ্জ এইচ. ডব্লিউ. বুশ্ব ।

১০।  আমেৰিকাই কোনখন যুদ্ধত স্মাৰ্ট বোমা ব্যৱহাৰ কৰিছিল ?

 উত্তৰ :- আমেৰিকাই প্ৰথম উপসাগৰীয় যুদ্ধত স্মাৰ্ট বোমা ব্যৱহাৰ কৰিছিল। 

১১। ''অপাৰেচন ইৰাকী ফ্ৰীডম(Operation Iraqi Freedom)'' বুলিলে কি বুজাই?

উত্তৰঃ-আমেৰিকাৰ সৈন্যবাহিনীয়ে ২০০৩ চনৰ ১৯ মাৰ্চ তাৰিখে এটা অভিযান চলাই ইৰাক আক্ৰমণ কৰে । এই অভিযানখনক ''অপাৰেচন ইৰাকী ফ্ৰীডম(Operation Iraqi Freedom)'' বুলি জনা যায়।

১২. । "অল-কায়দা "কি 

উত্তৰ :- "অল-কায়দা " হল ইছলামিক আদৰ্শত বিশ্বাসী এটা উগ্ৰ সন্ত্ৰাসবাদী ।

১৩। ১৯৯৬ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে জয়লাভ কৰিছিল

উত্তৰ :- বিল ক্লিণ্টণ ।

১৪। আমেৰিকাই কেতিয়া ইৰাক আক্ৰমণ কৰিছিল

উত্তৰ :- ২০০৩ চনৰ ১৯ মাৰ্চ তাৰিখে।

খ) চমু প্ৰশ্ন ( প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ)-

১। কেতিয়াৰ পৰা আমেৰিকাৰ আধিপত্য আৰম্ভ হয় আৰু কিয় হৈছিল ?

উত্তৰ :- ১৯৯১ চনৰ পৰা আমেৰিকাৰ আধিপত্য আৰম্ভ হোৱা নাছিল । আচলতে, দ্বিতীয় বিশ্ব যুদ্ধ শেষ হোৱাৰ পাছৰে পৰা আৰম্ভ হৈছিল। 

        আমেৰিকা যুক্তৰাষ্ট্ৰই গোটেই বিশ্বত নিজকে আধিপত্যশীল ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়াৰ বাবে আমেৰিকাৰ আধিপত্য আৰম্ভ হৈছিল।

২।  আমেৰিকাৰ প্ৰসংগত ৯/১১ বুলিলে কি বুজায়

উত্তৰ :-২০০১ চনৰ পৰা ১১ চেপ্টম্বৰ তাৰিখে আৰৱৰ পৰা অহা কিছুমান ইছলামীক অপহৰণকাৰীয়ে আমেৰিকাৰ চাৰিখন বানিজ্যিক আকাশীযান অপসাৰণ কৰি লৈ যায়। দুখন আকাশীযানে নিউইয়ৰ্ক চহৰত অৱস্হিত বিশ্ব বানিজ্য কেন্দ্ৰত উত্তৰ আৰু দক্ষিণৰ পৰা বোমা বৰ্ষণ কৰি সমস্ত কেন্দ্ৰটো ধ্বংস কৰে। তৃতীয়খন আকাশীযানে পেণ্টাগনত বোমা বৰ্ষণ কৰে। চতুৰ্থ আকাশীযানখন আমেৰিকাৰ কংগ্ৰেছ ভৱন অৱিমুখে ৰাওঁনা হওঁতে পেনছিলভানিয়াৰ এখন পথাৰত পৰি যায়। এই ঘটনাকে আমেৰিকাৰ প্ৰসংগত ৯/১১ বুলি জনা যায়।

৩। গাঁথনিগত ক্ষমতা হিচাপে আধিপত্যৰ দুটা উদাহৰণ উল্লেখ কৰা ।

উত্তৰ :-গাঁথনিগত ক্ষমতা হিচাপে আধিপত্যৰ দুটা উদাহৰণ তলত উল্লেখ কৰা হল

           ক) ইণ্টাৰ্নেট

           খ) যোগাযোগৰ সাগৰীয় পথ।

৪। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যৰ দুটা প্ৰতিবন্ধকতা উল্লেখ কৰা।

উত্তৰঃ- আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যৰ দুটা প্ৰতিবন্ধকতা তলত উল্লেখ কৰা হল-

            ক) আনুষ্ঠানিক আৰু সাংবিধানিক গাঁথনি

            খ) মুক্ত সমাজ ব্যৱস্হা।


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ