Books related Information

Class-12// প্ৰাথমিক কৃষি

 ক) নিম্নলিখিত বিকল্প সমূহৰ পৰা উত্তৰটো বাচি উলিওৱা--

১। তলৰ কোনবিধ ৰোপন শস্য নহয়ঃ---

   ক) কফি   খ) কুঁহিয়াৰ

   গ) গম      ঘ) ৰবৰ

২। তলৰ কোনখন দেশে সমবায় কৃষিত সাফল্যৰ অভিজ্ঞতা লাভ কৰিছেঃ-- 

   ক) ৰাছিয়া  খ) ডেনমাৰ্ক

   গ) ভাৰত   ঘ) নেদাৰলেণ্ড

৩। ফুল উৎপাদনক কোৱা হয়--

    ক) ট্ৰাক ফাৰ্মিং   খ) কাৰখানা কৃষি

    গ) মিশ্ৰ কৃষি      ঘ) ফ্ল'ৰিকালচাৰ

খ) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-

১। ভিটিকালচাৰ কি?

উত্তৰঃ- ভিটিকালচাৰ হল ভূমধ্যসাগৰীয় আঞ্চলৰ প্ৰধান বিশেষত্ব।

২। পশুপালন কি?

উত্তৰঃ- মানুহে ঘৰতে জীৱ-জন্তু প্ৰতিপালন কৰা কাৰ্যক পশুপালন বোলে। ইয়াৰ ভাগ দুটা,যেনে- ক) অঘৰী পশুপালন আৰু খ) বাণিজ্যিক পশুপালন।

৩। ঋতু প্ৰবাস কি?

উত্তৰঃ-ঋতু অনুসৰি যিসকল লোকে বাসস্হান সলনি কৰি পশুপালন বৃত্তিৰে জীৱন-জীৱিকা নিৰ্বাহ কৰে,তেওঁলোকক ঋতুপ্ৰবাস বোলে।

গ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ-

১। প্ৰাথমিক বৃত্তিৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ-প্ৰাথমিক বৃত্তিৰ দুটা উদাহৰণ হল-

          ক) চিকাৰ কৰা

          খ) কৃষি কাৰ্য ।

২। বাণিজ্যিক পশুপালনৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ-বাণিজ্যিক পশুপালনৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হল-

         ক) ইয়াত হাজাৰ-হাজাৰ জীৱ-জন্তু একেলগে পালন কৰা হয়।

         খ) উৎপাদিত সামগ্ৰীবোৰ দেশ-বিদেশলৈ ৰপ্তানি কৰি অৰ্থ উপাৰ্জন কৰে।

৩। বাণিজ্যিক পশুপালনত অনুশীলনত আগৰনুৱা দুখন দেশৰ নাম লিখা।

উত্তৰঃ-বাণিজ্যিক পশুপালনৰ অনুশীলনত আগৰনুৱা দুখন দেশৰ নাম হল-

           ক) নিউজিলেণ্ড

           খ) অষ্ট্ৰেলিয়া।

৪। ৰোপন কৃষিৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ-ৰোপন কৃষিৰ দুটা উদাহৰণ হল-

          ক) ধান

          খ) কুঁহিয়াৰ।

৫। সমবায় কৃষিত সাফল্য লাভ কৰা দুখন দেশৰ নাম লিখা।

উত্তৰঃ-সমবায় কৃষিত সাফল্য লাভ কৰা দুখন দেশৰ নাম হল-

          ক) ডেনমাৰ্ক

          খ) নেডাৰলেণ্ড। 

ঘ) প্ৰতিটো ৩ নম্বৰৰ প্ৰশ্নোত্তৰ--

 ১। অঘৰী পশুপালন আৰু বাণিজ্যিক পশুপালনৰ মাজত  থকা পাৰ্থক্যৰ বিষয়ে লিখা।

উত্তৰঃ-অঘৰী পশুপালন আৰু বাণিজ্যিক পশুপালনৰ মাজত  থকা পাৰ্থক্যবোৰ তলত উল্লখ কৰা হল-

     ক) অঘৰী পশুপালন হল এবিধ আদিম ভাৱে কৰা পোষণভিত্তিক কাৰ্য । আনহাতে, বাণিজ্যিক পশুপালন হল বৈজ্ঞানীক ভিত্তিত জীৱ-জন্তু পালন কৰা।

     খ) অঘৰী পশুপালক সকলে পালিত জীৱ-জন্তুৰ ঘাঁহ আৰু পানীৰ সন্ধানত এখন ঠাইৰ পৰা আন ঠাইলৈ  চলা ফুৰা কৰে। আনহাতে, বাণিজ্যিক পশুপালনত এডৰা মাটিত যিমান পৰিমণৰ ঘাঁহ থাকে তাৰ আধাৰত নিৰ্দিষ্ট  সংখ্যাৰ জীৱ-জন্তু পালন কৰা হয়।

    গ) অঘৰী পশুপালনত একেলগে বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু পালন কৰা হয়। আনহাতে, বাণিজ্যিক পশুপালনত একেলগে একে প্ৰজাতিৰ হাজাৰ-হাজাৰ জীৱ-জন্তু পালন কৰা হয়। 

২। স্হানান্তৰিত কৃষিৰ বৈশিষ্ট্যবোৰ কি কি উল্লেখ কৰা।

উত্তৰঃ- স্হানান্তৰিত কৃষিৰ বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হল-

        ক) স্হানান্তৰিত কৃষি সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীল কৃষি।

        খ) স্হানান্তৰিত কৃষি পদ্ধতিত এডৰা মাটিত দু-বছৰ বা তিনিবছৰ খেতি কৰাৰ পিছত মাটিখিনিৰ উৰ্বৰা নাইকিয়া হয়। ফলত শেই ঠাই এৰি অন্য ঠাইলৈ গতি কৰে।

        গ) স্হানান্তৰিত কৃষিত খাদ্য শষ্য উৎপাদন কৰা হয়।

        ঘ) স্হানান্তৰিত কৃষি পদ্ধতিত পাহাৰ-পৰ্বতৰ কোনো এটা অঞ্চলৰ হাবি-জংগলবোৰ প্ৰথমে কাটি তাৰ পিছত জুই লগাই দি পৰিস্কাৰ কৰি খেতিৰ মাটিৰ উপযোক্ত  কৰে। 

৩। ৰোপন কৃষিৰ বৈশিষ্ট্যবোৰ কি কি উল্লেখ কৰা।

উত্তৰঃ- ৰোপন কৃষিৰ বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হল-

           ক) ৰোপন কৃষিত বৈজ্ঞানিক পদ্ধতি অৱলম্বণ কৰি এখন বিশাল পথাৰত একেবিধ শস্য উৎপাদন কৰা হয়। 

           খ) ৰোপন কৃষিত বৃহৎ পৰিমাণৰ মূলধন বিনিয়োগ কৰা হয়।

           গ) ৰোপন কৃষি মূলতঃ পশ্চিমীয়া দেশৰ মানুহৰে সৃষ্টি।

           ঘ) ৰোপণ কৃষিত সস্তীয়া বনুৱা ব্যৱহাৰ কৰাৰ ব্যৱস্হা আছে।

           ঙ) ৰোপণ কৃষিৰ ক্ষেত্ৰত কাৰখানা আৰু বজাৰৰ মাজত সু-পৰিবহনৰ ব্যৱস্হা আছে। 

            চ) ৰোপণ কৃষিৰ উৎপাদিত সামগ্ৰীসমূহক ৰপ্তানী কৰাৰ ব্যৱস্হা আছে।


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ