Books related Information
Class-12// আন্তৰ্জাতিক সংগঠন
- Get link
- X
- Other Apps
ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ-
১। ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হয়?
বা
কোনটো দিন ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয়?
উত্তৰঃ-ৰাষ্ট্ৰসংঘ ১৯৪৫ চনৰ ২৪ চনৰ অক্টোৱৰ তাৰিখে প্ৰতিষ্ঠা কৰা হয়।
বা
২৪ অক্টোৱৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয়।
২। ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ কিমানখন সদস্যই স্বাক্ষৰ কৰিছিল?
উত্তৰঃ-৫১ খন।
৩। ৰাষ্ট্ৰসংঘৰ কোন সদস্যই ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে?
উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্হায়ী সদস্যই ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে।
৪। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্হায়ী সদস্য আৰু অস্হায়ী সদস্য ৰাষ্ট্ৰ কেইখন লিখা।
উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্হায়ী সদস্য ৰাষ্ট্ৰ ৫ খন আৰু অস্হায়ী সদস্য ৰাষ্ট্ৰ ১০ খন।
৫। ৰাষ্ট্ৰসংঘই 'মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা-পত্ৰ' কেতিয়া গ্ৰহণ কৰিছিল?
উত্তৰঃ- ৰাষ্ট্ৰসংঘই 'মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা-পত্ৰ' ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে গ্ৰহণ কৰিছিল।
৬। ভাৰতে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ হিচাপে কেতিয়া যোগদান কৰিছিল?
উত্তৰঃ- ভাৰতে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ হিচাপে ১৯৪৫ চনৰ ৩০ অক্টোৱৰ তাৰিখে যোগদান কৰিছিল।
খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ-
১। ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ-ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য তলত উল্লেখ কৰা হল-
ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখা।
২। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দুখন স্হায়ী সদস্য ৰাষ্ট্ৰ নাম লিখা।
উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দুখন স্হায়ী সদস্য ৰাষ্ট্ৰ নাম হল-
ক) ইংলেণ্ড
খ) ফ্ৰান্স ।
৩। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্হায়ী সদস্য ৰাষ্ট্ৰবোৰে লাভ কৰা দুটা সুবিধা উল্লেখ কৰা।
উত্তৰঃ-ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্হায়ী সদস্য ৰাষ্ট্ৰবোৰে লাভ কৰা দুটা সুবিধা হল-
ক) ভেটো ক্ষমতা।
খ) একনায়কত্ববাদী।
৪। সামাজিক আৰু অৰ্থনৈতিক সমস্যাৰ লগত জৰিত থকা দুটা অভিকৰণৰ নাম লিখা।
উত্তৰঃ-সামাজিক আৰু অৰ্থনৈতিক সমস্যাৰ লগত জৰিত থকা দুটা অভিকৰণৰ নাম হল-
ক) আন্তৰ্জাতিক মুদ্ৰা নিধি।
খ) বিশ্ব বাণিজ্য সংস্হা।
৫। সামাজিক আৰু অৰ্থনৈতিক সমস্যাৰ লগত জৰিত ৰাষ্ট্ৰসংঘৰ দুটা অংগৰ নাম লিখা।
উত্তৰঃ-সামাজিক আৰু অৰ্থনৈতিক সমস্যাৰ লগত জৰিত ৰাষ্ট্ৰসংঘৰ দুটা অংগৰ নাম হল-
ক) ন্যাসৰক্ষী পৰিষদ।
খ) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ।
৬। ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপপত্তা পৰিষদত কিয় স্হায়ী সদস্যপদ দিব লাগে দুটা যুক্তি দিয়া।
উত্তৰঃ-ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপপত্তা পৰিষদত স্হায়ী সদস্যপদ দিব লাগে। দুটা যুক্তি হল-
ক) ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহত জনসংখ্যাৰ দেশ।
খ) ভাৰত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ।
৭। সমগ্ৰ বিশ্বত মানৱ অধিকাৰৰ ৰক্ষণা-বেক্ষণৰ বাবে কাম কৰি থকা দুটা বে-চৰকাৰী সংগঠনৰ নাম লিখা।
উত্তৰঃ-সমগ্ৰ বিশ্বত মানৱ অধিকাৰৰ ৰক্ষণা-বেক্ষণৰ বাবে কাম কৰি থকা দুটা বে-চৰকাৰী সংগঠনৰ নাম হল-
ক) আন্তৰ্জাতিক ক্ষমাদান।
খ) মানৱ অধিকাৰ জাগৰণ।
৮। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্হায়ী আৰু অস্হায়ী সদস্য নিযুক্তিৰ ক্ষেত্ৰত থকা দুটা অৰ্হতা উল্লেখ কৰা।
উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্হায়ী আৰু অস্হায়ী সদস্য নিযুক্তিৰ ক্ষেত্ৰত থকা দুটা অৰ্হতা হল-
ক) অৰ্থনৈতিক ক্ষেত্ৰত শক্তিশালী ৰাষ্ট্ৰ।
খ) এটা শক্তিশালী সামৰিক বাহিনী।
৯। ৰাষ্ট্ৰসংঘৰ বিশেষ অংগ দুটাৰ নাম লিখা।
উত্তৰঃ-ৰাষ্ট্ৰসংঘৰ বিশেষ অংগ দুটাৰ নাম হল-
ক) আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ।
খ) খাদ্য আৰু কৃষি সংঘ।
১০। ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হয়? ভাৰত ইয়াৰ প্ৰতিষ্ঠাপক সদস্য নে?
উত্তৰঃ-ৰাষ্ট্ৰসংঘ ১৯৪৫ চনৰ ২৪ চনৰ অক্টোৱৰ তাৰিখে প্ৰতিষ্ঠা কৰা হয়।
ভাৰত ইয়াৰ প্ৰতিষ্ঠাপক সদস্য হয়।
- Get link
- X
- Other Apps
Comments
Thank you so much
ReplyDelete