Books related Information
CLASS-12// সমসাময়িক দক্ষিণ এছিয়া
- Get link
- X
- Other Apps
ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-
১। SAARC-ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰঃ-SAARC-ৰ সম্পূৰ্ণ অৰ্থ South Asian Association for Regional Co-operation.
২। SAFTA-ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰঃ-SAFTA-ৰ সম্পূৰ্ণ অৰ্থ হল South Asian Free Trade Agreement.
৩। ভাৰতৰ পূবৰ পিনে চোৱা নীতি(Look East Policy)-ৰ অংশীদাৰ ৰাষ্ট্ৰ কোন আছিল?
উত্তৰঃ-বাংলাদেশ।
৪। ভাৰত আৰু পাকিস্তানৰ মাজত কিমান চনত ফাৰাক্কা চুক্তিত স্বাক্ষৰ কৰিছিল?
উত্তৰঃ- ১৯৯৬ চনত।
৫। SAFTA-চুক্তি কামান চনত স্বাক্ষৰ কৰা হৈছিল?
উত্তৰঃ- ২০০৪ চনত।
খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ-
১। SAARC-ৰ প্ৰথম শীৰ্ষ সন্মিলন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰঃ-SAARC-ৰ প্ৰথম শীৰ্ষ সন্মিলন ১৯৮৫ চনৰ ডিচেম্বৰ মাহত বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হৈছিল।
২। শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটাৰ নাম লিখা।
উত্তৰঃ-শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটাৰ নাম হল-
ক) সিংহলী
খ) LTTT(Liberation Tigers of Tamil Elam).
৩। ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা বা সমন্বয় আৰু সংঘাতৰ দিশ এটাকৈ উল্লেখ কৰা।
উত্তৰঃ- ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা বা সমন্বয়ৰ দিশ হল- দুয়োখন দেশে উগ্ৰপন্হি কাৰ্যকলাপ উৎখাত কৰাত একমত।
আনহাতে, ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাতৰ দিশ হল- ভাৰত চৰকাৰ বাংলাদেশৰ পৰা অহা অবৈধ প্ৰব্ৰজনকলৈ অসন্তুষ্টি।
৪। ভাৰত আৰু পাকিস্তানে কেতিয়া আৰু কাৰ সহায়ত ইন্দাচ জল চুক্তিত স্বাক্ষৰ কৰিছিল?
উত্তৰঃ-ভাৰত আৰু পাকিস্তানে ১৯৬০ চনত বিশ্ব বেংকৰ সহায়ত ইন্দাচ জল চুক্তিত স্বাক্ষৰ কৰিছিল ।
৫। ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা দিশ বা ক্ষেত্ৰ উল্লেখ কৰা।
উত্তৰঃ-ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা দিশ বা ক্ষেত্ৰ তলত উল্লেখ কৰা হল-
ক) জম্মু-কাশ্মীৰ;
খ) চিয়াচীন গ্লেছিয়াৰ আৰু অস্ত্ৰ সংগ্ৰহ।
৬। SAARC-ৰ সদস্য ৰাষ্ট্ৰ দুখনৰ নাম লিখা।
উত্তৰঃ-SAARC-ৰ সদস্য ৰাষ্ট্ৰ দুখনৰ নাম হল-
ক) ভাৰত ;
খ) বাংলাদেশ।
৭। SAARC-ৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ-SAARC-ৰ দুটা উদ্দেশ্য তলত উল্লেখ কৰা হল-
ক) জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নত কৰা।
খ) আন আন দেশৰ সৈতে সহযোগিতা স্হাপন কৰা।
৮। সুস্হিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তানৰ ব্যৰ্থতাৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ- সুস্হিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তানৰ ব্যৰ্থতাৰ দুটা কাৰণ হল-
ক) সামৰিক বাহিনী
খ) জমিদাৰী আভিজাত্য।
- Get link
- X
- Other Apps
Comments
Post a Comment