Books related Information

CLASS-12// সমসাময়িক দক্ষিণ এছিয়া

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-

১। SAARC-ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰঃ-SAARC-ৰ সম্পূৰ্ণ অৰ্থ South Asian Association for Regional Co-operation.

২। SAFTA-ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰঃ-SAFTA-ৰ সম্পূৰ্ণ অৰ্থ হল South Asian Free Trade Agreement.

৩। ভাৰতৰ পূবৰ পিনে চোৱা নীতি(Look East Policy)-ৰ অংশীদাৰ ৰাষ্ট্ৰ কোন আছিল?

উত্তৰঃ-বাংলাদেশ। 

৪।  ভাৰত আৰু পাকিস্তানৰ মাজত কিমান চনত ফাৰাক্কা চুক্তিত স্বাক্ষৰ কৰিছিল?

উত্তৰঃ- ১৯৯৬ চনত।

৫। SAFTA-চুক্তি কামান চনত স্বাক্ষৰ কৰা হৈছিল?

উত্তৰঃ- ২০০৪ চনত। 

খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ-

১। SAARC-ৰ প্ৰথম শীৰ্ষ সন্মিলন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ-SAARC-ৰ প্ৰথম শীৰ্ষ সন্মিলন ১৯৮৫ চনৰ ডিচেম্বৰ মাহত বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হৈছিল। 

২। শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটাৰ নাম লিখা।

উত্তৰঃ-শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটাৰ নাম হল-

          ক) সিংহলী

          খ) LTTT(Liberation Tigers of Tamil Elam).

৩। ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা বা সমন্বয় আৰু সংঘাতৰ দিশ এটাকৈ উল্লেখ কৰা।

উত্তৰঃ- ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা বা সমন্বয়ৰ দিশ হল- দুয়োখন দেশে উগ্ৰপন্হি কাৰ্যকলাপ উৎখাত কৰাত একমত।

        আনহাতে, ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাতৰ দিশ হল- ভাৰত চৰকাৰ বাংলাদেশৰ পৰা অহা অবৈধ প্ৰব্ৰজনকলৈ অসন্তুষ্টি। 

৪।  ভাৰত আৰু পাকিস্তানে কেতিয়া আৰু কাৰ সহায়ত ইন্দাচ জল চুক্তিত স্বাক্ষৰ কৰিছিল?

উত্তৰঃ-ভাৰত আৰু পাকিস্তানে ১৯৬০ চনত বিশ্ব বেংকৰ সহায়ত ইন্দাচ জল চুক্তিত স্বাক্ষৰ কৰিছিল ।

৫। ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা দিশ বা ক্ষেত্ৰ উল্লেখ কৰা।

উত্তৰঃ-ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা দিশ বা ক্ষেত্ৰ তলত উল্লেখ কৰা হল-

    ক) জম্মু-কাশ্মীৰ;

    খ) চিয়াচীন গ্লেছিয়াৰ আৰু অস্ত্ৰ সংগ্ৰহ।

৬। SAARC-ৰ সদস্য ৰাষ্ট্ৰ দুখনৰ নাম লিখা।

উত্তৰঃ-SAARC-ৰ সদস্য ৰাষ্ট্ৰ দুখনৰ নাম হল-

        ক) ভাৰত ;

        খ) বাংলাদেশ।

৭। SAARC-ৰ দুটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ-SAARC-ৰ দুটা উদ্দেশ্য তলত উল্লেখ কৰা হল-

        ক) জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নত কৰা।

        খ) আন আন দেশৰ সৈতে সহযোগিতা স্হাপন কৰা।

৮। সুস্হিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তানৰ ব্যৰ্থতাৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ- সুস্হিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তানৰ ব্যৰ্থতাৰ দুটা কাৰণ হল-

         ক) সামৰিক বাহিনী

         খ) জমিদাৰী আভিজাত্য।


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ