Books related Information
Class-12 প্ৰকৃতি আৰু পৰিসৰ
- Get link
- X
- Other Apps
ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-
১। নিম্বলিখিত কোনটো ভৌগোলিক তথ্যৰ উৎস নহয়--
ক) পৰিভ্ৰমণকাৰীৰ টোকা খ) পুৰণি মানচিত্ৰ
গ) চন্দ্ৰৰ পৰা লোৱা শৈল পদাৰ্থৰ নমুনা ঘ) পৌৰানিক মহাকাব্য।
উত্তৰ:- গ) চন্দ্ৰৰ পৰা লোৱা শৈল পদাৰ্থৰ নমুনা
২। নিম্বলিখিত কোনটো, মানুহ আৰু পৰিবেশৰ মাজত থকা আন্ত প্ৰক্ৰিয়াৰ বাবে বহু প্ৰয়োজনীয় কাৰকঃ-
ক) মানুহৰ বৃদ্ধি খ) মানৱ চেতনা
গ) প্ৰযুক্তি ঘ) মানুহহৰ ভাতৃত্ববোধ
উত্তৰ:- খ) মানৱ চেতনা
৩। ''মানৱ সমাজ আৰু ভূ-পৃষ্ঠৰ মাজত গড়ি উঠা পাৰস্পৰিক সম্পৰ্কৰ সংশ্লেষনাত্মক অধ্যয়নেই হল মানৱ ভূগোল।'' এই সংজ্ঞটো কোনে আগবড়াইছিল?
ক) ৰাটজেল খ) এলেন চাৰ্চিল চেম্পল
গ) ভাইডেল দা লাব্লাছিয়ে ঘ) গ্ৰিফিট টেইলৰ
উত্তৰ:- ক) ৰাটজেল
৪। মানৱ ভূগোলৰ এটা সংজ্ঞা দিয়া।
উত্তৰ:- মানৱ ভূগোলৰ সংজ্ঞা হল- মানৱ সমাজ আৰু ভূ-পৃষ্ঠৰ মাজত গড়ি উঠা পাৰস্পৰিক সম্পৰ্কৰ সংশ্লেষনাত্মক অধ্যয়নেই হল মানৱ ভূগোল।
৫। মানৱ ভূগোলৰ দুটা উপশাখাৰ নাম উল্লেখ কৰা।
উত্তৰ:-মানৱ ভূগোলৰ দুটা উপশাখাৰ নাম হল
ক) সম্পদ ভূগোল
খ) সাংস্কৃতিক ভূগোল।
৬। মানৱ ভূগোলৰ দুটা শাখাৰ নাম উল্লেখ কৰা।
উত্তৰ:-মানৱ ভূগোলৰ দুটা শাখাৰ নাম হল-
ক) ৰাজনৈতিক ভূগোল
খ) অৰ্থনৈতিক ভূগোল।
৭। মানৱ ভূগোলৰ দুটা বিচাৰ পদ্ধতি উল্লেখ কৰা।
উত্তৰ:-মানৱ ভূগোলৰ দুটা বিচাৰ পদ্ধতি তলত উল্লেখ কৰা হল-
ক) আঞ্চলিক বিশ্লেষণ
খ) আঞ্চলভেদে পৃথক কৰা।
৮। নব্য নিয়ন্ত্ৰণবাদী বা নিৰ্ণয়বাদী দৃষ্টিভংগীৰ উপস্হাপক কোন?
উত্তৰ:-নব্য নিয়ন্ত্ৰণবাদী বা নিৰ্ণয়বাদী দৃষ্টিভংগীৰ উপস্হাপক হল-গ্ৰিফিট টেইলৰ।
৯। পৰিবেশিক নিৰ্ণয়বাদ কি?
উত্তৰ:-মানুহৰ সকলো প্ৰকাৰৰ কাৰ্যকলাপ পৰিববেশৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱা ধাৰণাকে পৰিবেশিক নিৰ্ণয়বাদ বোলা হয়।
১০। তলত কোনটো মানৱ ভূগোলৰ বিচাৰ পদ্ধতি নহয়ঃ-
ক) আঞ্চলিক বৈষম্য খ) স্হানিক সংগঠন
গ) পৰিমাপন বিপ্লব ঘ) অন্বেষণ আৰু বৰ্ণনা ।
উত্তৰ:-গ) পৰিমাপন বিপ্লব ।
xxxxxxxxxxxxxxxxxx
- Get link
- X
- Other Apps
Comments
Post a Comment