Books related Information

Class-12 Education question answer 2021//

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ- ৫ জুন তাৰিখে।

২। জনসংখ্যাৰ শিক্ষাৰ ধাৰণাটো কোনে পোন প্ৰথমবাৰৰ বাবে দাঙি ধৰিছিল?

উত্তৰঃ- আলভা মিৰদাল।

৩। কেন্দ্ৰীয় চৰকাৰে কিমান চনত "জনসংখ্যা নীতি" ঘোষণা কৰিছিল?

উত্তৰঃ- ২০০০ চনৰ ফেব্ৰুৱাৰী মাহত।

৪। পোন প্ৰথমবাৰৰ বাবে "মূল্যবোধ" শব্দৰ প্ৰয়োগ কোনে কৰিছিল ?

উত্তৰঃ- জাৰ্মান দাৰ্শনিক ফ্ৰেড্ৰিক নিয়েটয়ে।

৫। "Environment" শব্দটো ফৰাচী ভাষাৰ -------শব্দৰ পৰা আহিছে।

উত্তৰঃ- Environer

৬। ১৯৯২ চনত বসুন্ধৰা সন্মিলন------- চহৰত অনুষ্ঠিত হৈছিল।

উত্তৰঃ ব্ৰাজিলৰ ৰিঅ' দি জেনেইৰত।

খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ-জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হল-

        ক) জনসংখ্যা শিক্ষাই জন সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰে।

        খ) এই শিক্ষাই দেশৰ গুণগত আৰু সংখ্যাগত মানদণ্ড বিকাশৰ ক্ষেত্ৰত অৰিহহণা যোগায়।

২। মূল্যবোধ শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ-মূল্যবোধ শিক্ষাৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হল-

         ক) মূল্যবোধ শিক্ষাত পৰিধি যথেষ্ট বহল।

         খ) মূল্যবোধৰ শিক্ষাই প্ৰৰত্যেক ব্যক্তিৰ ভাল হোৱাটো বিচাৰে। সমাজৰ লক্ষ্যত উপনীত হবলৈ হলে ই সহায়কাৰী।

৩। মূল্যবোধৰ শিক্ষা প্ৰদানৰ দুটা পদ্ধতি উল্লেখ কৰা।

                            বা

   মূল্যবোধৰ শিক্ষা প্ৰদানৰ দুটা উপায় লিখা।

উত্তৰঃ-মূল্যবোধৰ শিক্ষা প্ৰদানৰ দুটা পদ্ধতি তলত উল্লেখ কৰা হল-

         ক) বক্তৃতা পদ্ধতি।

         খ) সাধুকথা কোৱা।

৪। পৰিৱেশ শিক্ষাৰ পৰিসৰত অন্তৰ্ভূক্ত হোৱা দিশবোৰ উল্লেখ কৰা।

উত্তৰঃ-পৰিৱেশ শিক্ষাৰ পৰিসৰত অন্তৰ্ভূক্ত হোৱা দিশবোৰ তলত উল্লেখ কৰা হল-

          ক। সামাজিক

          খ। অৰ্থনৈতিক

          গ। কাৰিকৰী

          ঘ। নৈতিক

          ঙ। শৈক্ষিক।

৫। পৰিৱেশ শিক্ষাৰ দুটা উদ্দেশ্য লিখা।

উত্তৰঃ-পৰিৱেশ শিক্ষাৰ দুটা উদ্দেশ্য হল-

         ক) পৰিৱেশৰ অবিহনে মানুহৰ যে অস্তিত্ব নাই,সেই সম্পৰ্কে পৰিৱেশ শিক্ষাই মানুহক সজাগ কৰি তোলে।

        খ) পৰিৱেশ শিক্ষাই সমাজৰ কু-সংস্কাৰবোৰ গুচাই বৈজ্ঞানিক মনোভাৱৰ গঠন কৰে।

৬। মূল্যবোধ শিক্ষা বুলিলে কি বুজায়?

উত্তৰঃ- মূল্যবোধ শিক্ষা বুলিলে এনেবোৰ শৈক্ষিক কাৰ্য্যসূচী অন্তৰ্ভূক্তি কৰণৰ কথা সূচায় যিবোৰে ব্যক্তি আৰু সমাজৰ উন্নতিৰ অৰিহনা যোগায়। অৰ্থাৎ এই কাৰ্যসূচীবোৰে সমাজ এখনক স্বীকৃতি প্ৰদান কৰাত সহায় কৰে। ই এজন ব্যক্তিৰ শাৰীৰিক,মানসিক,নৈতিক,সৌন্দৰ্যবোধক,সামাজিক আৰু আধ্যত্মিক বিকাশত সহায় কৰে।

৭। জনসংখ্যা শিক্ষা কি?

উত্তৰঃ- জনসংখ্যা শিক্ষা হৈছে এনে এক ধৰণৰ কাৰ্যসূচী-যাৰ দ্বাৰা বৰ্দ্ধিত হাৰত বৃদ্ধি হোৱা জনসংখ্যা,তাৰ পৰা উদ্ভৱ হোৱা সমস্যা,সমস্যাবোৰ ৰোধ কৰা, আৰু জনবিস্ফোৰন নিয়ন্ত্ৰণ কৰাৰ উপায় আদিৰ বিয়য়ে অধ্যয়ন কৰা হয়। জনসংখ্যা শিক্ষাৰ ধাৰণাটো পোন প্ৰথম বাৰৰ বাবে "আলভা মিৰদাল" এ দাঙি ধৰিছিল। 

৮। জনসংখ্যা শিক্ষাৰ দুটা উদ্দেশ্য লিখা।

উত্তৰঃ- জনসংখ্যা শিক্ষাৰ দুটা উদ্দেশ্য হল-

          ক) জনসংখ্যা বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণ কৰা।

          খ) ধৰ্মীয় অন্ধবিশ্বাস দূৰ কৰা।

৯। পৰিৱেশ শিক্ষাৰ দুটা নীতি উল্লেখ কৰা।

উত্তৰঃ-পৰিৱেশ শিক্ষাৰ দুটা নীতি তলত উল্লেখ কৰা হল-

          ক) পৰিৱেশ শিক্ষাই অভিজ্ঞতা আহৰণৰ ক্ষেত্ৰত সৰলৰ পৰা জটিলতালৈ গতি কৰাত সহায় কৰে।

          খ) পৰিৱেশ শিক্ষাই শিশুক অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ গতি কৰাত সহায় কৰে।

১০। পৰিৱেশ শিক্ষা কি?

উত্তৰঃ-পৰিৱেশ শিক্ষা হৈছে পৰিৱেশৰ জৰিয়তে পৰিৱেশৰ 'বিষয়ে' আৰু পৰিৱেশৰ 'কাৰণে' দিয়া শিক্ষা। শিক্ষাদান কাৰ্য্য বিভিন্ন পদ্ধতিৰে,বিভিন্ন কাৰ্যৰ দ্ধাৰা সম্পন্ন কৰিব পৰা যায়।


Comments

  1. আপোনাৰ লগত যোগাযোগ কৰিব সম্ভৱ হ'ব নে?
    মানে দ্বাদশ শ্ৰেণীৰ বাবে বিভিন্ন প্ৰশ্নোত্তৰ লাগে যে।
    আপোনাৰ ভিডিঅ'চাই ভাল লাগে দেই।

    ReplyDelete

Post a Comment

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ