Books related Information

Class-12 Education//মানসিক স্বাস্হ্য আৰু স্বাস্হ্য বিজ্ঞান ২০২১

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। হাইজিন(Hygine) শব্দটো মূলত ........ শব্দ। (খালী ঠাই পূৰ কৰা)

উত্তৰঃ- গ্ৰীক শব্দ।

২। মানসিক স্বাস্হ্য বিজ্ঞান সংজ্ঞা দিয়া।

উত্তৰঃ- হেলফিল্ডৰ মতে, 'মানসিক স্বাস্হ্য-বিজ্ঞান মানসিক স্বাস্হ্যৰ ৰক্ষা কৰা আৰু মানসিক বিকাশ নিবাৰণ কৰা প্ৰক্ৰিয়াৰ সৈতে জডিত বিজ্ঞান।'  

            ক্ৰো আৰু ক্ৰোৰ দৃষ্টিভংগী অনুসৰি, 'মানসিক স্বাস্হ্য-বিজ্ঞান হৈছে এনে এটা বিজ্ঞান যিয়ে মানৱ কল্যাণৰ সৈতে জডিত আৰু মানুহৰ সম্পৰ্কৰ সকলো ক্ষেত্ৰকে সামৰি লয়।'   

৩। তলত দিয়া তথ্যৰ পৰা বহুলক নিৰ্ণয় কৰা-

     ১০,১২,১৪,১২,১২,১৬,২০,২৫,৩২ 

উত্তৰঃ- ১২

৪। তলৰ ৰাশিসমূহৰ পৰা প্ৰসাৰ উলিওৱা-

     ৫,১০,২০,২৬,৩০,২৪,৫০,৬০

উত্তৰঃ-দিয়া আছে,

                 ৫,১০,২০,২৬,৩০,২৪,৫০,৬০

        এতিয়া, 

                 প্ৰসাৰ= উচ্চতম ৰাশি - নিম্মতম ৰাশি

                         = ৬০-৫

                         = ৫৫

        .: প্ৰসাৰ= ৫৫।

               

খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। মানসিক স্বাস্হ্যৰ সমস্যা ৰোধ কৰিবৰ বাবে বিদ্যালয়ে গ্ৰহণ কৰিব পৰা দুটা ব্যৱস্হা উল্লেখ কৰা।

উত্তৰঃ-মানসিক স্বাস্হ্যৰ সমস্যা ৰোধ কৰিবৰ বাবে বিদ্যালয়ে গ্ৰহণ কৰিব পৰা দুটা ব্যৱস্হা তলত উল্লেখ কৰা হল-

      ক) ব্যক্তিত্বৰ গুণাৱলী আৰু শক্তি সামৰ্থ্যৰ বিকাশত সহায় কৰা।

      খ) বিদ্যালয়ে মানৱ শিশুক মনোদৈহিক শক্তি সামৰ্থ্য আৰু গুণাৱলীৰ বিকাশৰ ক্ষেত্ৰত সহায় আগবঢায়. 

২। মানসিক স্বাস্হ্য বুলিলে কি বুজাই?

                   বা 

   মানসিক স্বাস্হ্যৰ ধাৰণাটো লিখা।

উত্তৰঃ- মানসিক স্বাস্হ্য বুলিলে কোনো বেমাৰ-আজাৰৰ পৰা মানসিকভাৱে মুক্ত হৈ থকা এটা বিশেষ অৱস্হাক বুজায়। হিলগাৰ্ডৰ মতে,মানসিক স্বাস্হ্য হৈছে মানসিক ৰোগৰ অনুপস্হিতি। এখন সুন্দৰ আৰু সমতাপূৰ্ণ সমাজৰ বাবে মানসিক স্বাস্হ্যৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা আছে। শান্তিপূৰ্ণ জীৱন অতিবাহিত কৰাৰ বাবেও মানুহক সুস্হ মানসিক স্বাস্হ্যৰ প্ৰয়োজন।

৩। মানসিক স্বাস্হ্য বিজ্ঞানৰ যিকোনো দুটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ- মানসিক স্বাস্হ্য বিজ্ঞানৰ দুটা উদ্দেশ্য তলত উল্লেখ কৰা হল-

          ক) সুন্দৰভাৱে মানসিক স্বাস্হ্যৰ লগত সম্পৰ্কিত সমস্যাসমূহ জনা আৰু বুজাত সহায় কৰা।

           খ) মানসিক অসুস্বতাৰ কাৰণবোৰ জনা আৰু তেনে সমস্যাবোৰ চিকিৎসাৰ 

প্ৰক্ৰিয়াবোৰ জনা আৰু বুজি পোৱাত সহায় কৰে।

৪ এজন মানসিকভাৱে স্বাস্হ্যৱান লোকৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ- এজন মানসিকভাৱে স্বাস্হ্যৱান লোকৰ দুটা বৈশিষ্ট্য হল-

          ক) এওঁলোক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী।

          খ) এওঁলোক শাৰীৰিকভাৱে সবল প্ৰকৃতিৰ।

৫। মানসিক স্বাস্হ্য বিজ্ঞানৰ দুটা কাৰ্য উল্লেখ কৰা।

                           বা 

   মানসিক স্বাস্হ্য বিজ্ঞানৰ প্ৰতিৰোধমূলক কাৰ্য় কি?

উত্তৰঃ- মানসিক স্বাস্হ্য বিজ্ঞানৰ দুটা কাৰ্য  তলত উল্লেখ কৰা হল-

           ক) প্ৰতিৰোধমূলক কাৰ্যঃ- ইয়াৰ মূল কাম হল- মানসিক অসুস্হতা,ব্যক্তিত্বৰ বিকাশৰ আৰু সমাযোজনৰ সমস্যা সমূহ নিৱাৰণ কৰা। 

           খ) প্ৰতিকাৰমমূলক কাৰ্যঃ- ই মানুহৰ অকল মানসিক অসুস্হতাৰ সমস্যাসমূহ উপলব্ধি কৰা,ব্যক্তিত্বৰ বিকাশ আৰু সমাযোজনৰ সমস্যাসমূহ উপলব্ধি কৰাৰ ক্ষেত্ৰত সহায় নকৰে। ই এনে সমস্যাসমূহৰ পৰা হাত সৰাৰ বাবে চিকিৎসা সম্পৰ্কীয় কৌশল সমূহ জনাৰ ক্ষেত্ৰত সহায় আগবঢায়।

৬। মানসিকভাৱে অসুস্হলোক সকলক সহায় কৰাৰ যিকোনো দুটা উপায় উল্লেখ কৰা।

উত্তৰঃ- মানসিকভাৱে অসুস্হলোক সকলক সহায় কৰাৰ  দুটা উপায় তলত উল্লেখ কৰা হল-

      ক) উপযুক্ত পুষ্টিসাধন।

      খ) আৱেগিক আৰু সামাজিক প্ৰয়োজনীয়তাৰ বিকাশ ঘটোৱা।

৭। গৃহ পৰিৱেশত শিশুৰ মানসিক স্বাস্হ্য ৰক্ষাৰ দুটা ব্যৱস্হা উল্লেখ কৰা।

উত্তৰঃ- গৃহ পৰিৱেশত শিশুৰ মানসিক স্বাস্হ্য ৰক্ষাৰ দুটা ব্যৱস্হা তলত উল্লেখ কৰা হল-

       ক) শিশুক উপযুক্তভাৱে মৰম আৰু ভালপোৱা প্ৰদান কৰিব লাগে।

       খ) গৃহ পৰিৱেশ সদায় গণতান্ত্ৰিক বিধৰ হব লাগে।


   

Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ