Books related Information

Class-12 Geography question answer 2021

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। মুক্ত বাণিজ্য কি?

উত্তৰঃ- যেতিয়া এখন দেশে আন এখন দেশৰ লগত বাণিজ্য স্হাপন কৰে,তাকে মুক্ত বাণিজ্য বোলে।

২। বিনিময় প্ৰথা কি?

উত্তৰঃ সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়েই হল বিনিময় প্ৰথা। 

৩। বিশ্ব বাণিজ্য সংস্হাৰ(World Trade Organisation)-ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্হিত?

উত্তৰঃ- বিশ্ব বাণিজ্য সংস্হাৰ(World Trade Organisation)-ৰ মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডৰ জেনেভাত অৱস্হিত।

৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা-

      ক) আলিবাট,নদী আৰু খালৰ দুয়োকাষে গঢি উঠা বসতিক কোন আকৃতিৰ?

             ১। ঘূৰণীয়া বত্তাকৰ        ২। ৰৈখিক বসতি

             ৩। ক্ৰচ-আকৃতিৰ বসতি  ৪। তৰাৰুপী বসতি।

       খ) তলত দিয়া কোনখন চহৰ নদীৰ পাৰত অৱস্হিত নহয়?

             ১। আগ্ৰা        ২। পাটনা

             ৩। ভূপাল      ৪। কলকাতা।

       গ) তলত কোনবিধ খনিজক 'মুগা হীৰা' বুলি কোৱা হয়?

            ১। লো           ২। মেংগানিজ

            ৩। লিগনাইট   ৪। অভ্ৰ ।

৫। নগৰীকৰণ কি?

উত্তৰঃ- নগৰীকৰণ মানে হল কোনো এখন দেশৰ নগৰীয়া জনসংখ্যাৰ অনুপাত বৃদ্ধি।

৬। মেট্ৰপলিটান মহানগৰ কি? 

উত্তৰঃ- মেট্ৰপলিটান মহানগৰ হল ১ নিযুতৰ পৰা ৫ নিযুত পৰ্যন্ত জনসংখ্যা থকা পৌৰ বসতি।


খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। আন্তৰ্জাতিক বাণিজ্যৰ প্ৰকাৰ দুটা উল্লেখ কৰা।

উত্তৰঃ- আন্তৰ্জাতিক বাণিজ্যৰ প্ৰকাৰ দুটা তলত উল্লেখ কৰা হল-

            ক) দ্বি-দেশীয় বাণিজ্য।

            খ) বহু দেশীয় বাণিজ্য ।

২। বিনিময় প্ৰথাৰ দুটা অসুবিধা উল্লেখ কৰা।

উত্তৰঃ-বিনিময় প্ৰথাৰ দুটা অসুবিধা তলত উল্লেখ কৰা হল-

          ক) ইয়াত হিচাপ-নিকাচৰ উমৈহতীয়া একক নাই। অৰ্থাত, বিনিময়যোগ্য সকলোবোৰ সামগ্ৰীৰ মূল্য এটা সামগ্ৰীৰ মাধ্যমেৰে প্ৰকাশ কৰিব নোৱাৰি।

          খ) অবিভাজনীয় সামগ্ৰীৰ ক্ষেত্ৰত বিনিময় প্ৰথা ভাঙি পৰে।

          গ) বিনিময় প্ৰথাত সঞ্চয়ৰ স্হায়ী ভাণ্ডাৰ নাই। ইয়াত সঞ্চয়ৰ ভাণ্ডাৰ হল সামগ্ৰী। সামগ্ৰীবোৰ বেছিদিন নিটিকে।

৩। গ্ৰাম্য বসতিৰ প্ৰকাৰ দুটা উল্লেখ কৰা।

উত্তৰঃ- গ্ৰাম্য বসতিৰ প্ৰকাৰ দুটা তলত উল্লেখ কৰা হল-

          ক) বিৰল বসতি।

          খ) কেন্দীকৃত বসতি।  

৪। পেট্ৰ'ৰাসায়নিক উদ্যোগৰ পৰা উৎপাদিত দুটা সামগ্ৰীৰ নাম লিখা।

উত্তৰঃ- পেট্ৰ'ৰাসায়নিক উদ্যোগৰ পৰা উৎপাদিত দুটা সামগ্ৰীৰ নাম হল-

            ক) ৰাসায়নিক সাৰ।

            খ) সাংশ্লেষিক সূতা।

৫। ভাৰতৰ পূব উপকূলত অৱস্হিত দুটা বন্দৰৰ নাম লিখা।

উত্তৰঃ- ভাৰতৰ পূব উপকূলত অৱস্হিত দুটা বন্দৰৰ নাম হল-

         ক) চেন্নাই বন্দৰ।

         খ) বিশাখাপট্ৰনম বন্দৰ।

৬। জল প্ৰদূষণৰ পৰা হোৱা দুটা বেমাৰ উল্লেখ কৰা।

উত্তৰঃ- জল প্ৰদূষণৰ পৰা হোৱা দুটা বেমাৰ তলত উল্লেখ কৰা হল-

          ক) জ্বৰ।

          খ) ডায়েৰিয়া।

Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ