Books related Information
Class-12 Geography//পৰিবহন আৰু যোগাযোগ
- Get link
- X
- Other Apps
ক) তলৰ চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাচি উলিওৱাঃ-
১। বিগ-ইঞ্চ পাইপ লাইনে কি পৰিবহন কৰেঃ-
ক) গাখীৰ খ) LPG
গ) পানী ঘ) খাৰুৱা তেল।
২। তলৰ কোনটো ভাৰতবৰ্ষৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ?
i) N.H-1 ii) N.H-7
iii) N.H.-6 iv) N.H.-8
৩। ভাৰতীয় ৰেল ব্যৱস্হাক কেইটা পৰিমণ্ডলত ভাগ কৰা হৈছে?
ক) ৯ টা খ) ১২
গ) ১৬ টা ঘ) ১৫ টা।
৪। তলত দিয়াবোৰৰ কোনটো আটাইতকৈ সস্তীয়া যাতায়ত ব্যৱস্হা?
ক) পথ পৰিবহন খ) ৰেল পৰিবহন
গ) জল পৰিবহন ঘ) আকাশী পথ।
খ) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ-
১। পথৰ ঘনত্ব বুলিলে কি বুজা?
উত্তৰঃ-প্ৰতি ১০০ বৰ্গ কিঃমিঃ ঠাইত কিমান কিলোমিটাৰ দৈৰ্ঘ পথ আছে,তাকে পথৰ ঘনত্ব বোলে।
২। সীমান্ত ঘাইপথ কি?
উত্তৰঃ- আন্তৰ্জাতিক সীমান্তৰ কাষেৰে নিৰ্মাণ কৰা ঘাইপথবোৰক সীমান্ত ঘাইপথ বোলে।
৩। ভাৰতবৰ্ষত কেতিয়া প্ৰথম ৰেল পথৰ যাতায়তৰ আৰম্ভ হৈছিল?
উত্তৰঃ- ১৮৫৩ চনত।
৪। কোনটো বছৰত ভাৰতত প্ৰথম আকাশবাণী ৰেডিঅ' অনাতাৰ প্ৰচাৰ কাৰ্য আৰম্ভ হৈছিল?
উত্তৰঃ-১৯২৩ চনত।
গ) প্ৰতিটো ২ নম্বৰৰ প্ৰশনোত্তৰঃ-
১। জল পৰিবহনৰ দুটা ভাগ উল্লেখ কৰা।
উত্তৰঃ-জল পৰিবহনৰ দুটা ভাগ তলত উল্লেখ কৰা হল-
ক) অন্তৰ্দেশীয় জল পৰিবহন।
খ) সামুদ্ৰিক জল পৰিবহন।
২। পৰিবহনৰ দুটা মাধ্যম উল্লেখ কৰা।
উত্তৰঃ- পৰিবহনৰ দুটা মাধ্যম তলত উল্লেখ কৰা হল-
ক) স্হল পৰিবহন।
খ) জল পৰিবহন।
২। জল পৰিবহনৰ দুটা সুবিধা উল্লেখ কৰা।
উত্তৰঃ- জল পৰিবহনৰ দুটা সুবিধা তলত উল্লেখ কৰা-
ক) জল পৰিবহন আটাইতকৈ সস্তীয়া পৰিবহন ব্যৱস্হা।
খ) জল পৰিবহনত যিকোনো আকাৰৰ জাহাজ চলাচল কৰিব পাৰে।
৩। যোগাযোগ ব্যৱস্হাৰ দুটা মাধ্যম উল্লেখ কৰা।
উত্তৰঃ-যোগাযোগ ব্যৱস্হাৰ দুটা মাধ্যম তলত উল্লেখ কৰা হল-
ক) চিঠি পত্ৰ।
খ) টেলিফোন।
ঘ) প্ৰতিটো ৩ নম্বৰৰ প্ৰশ্নোত্তৰঃ-
১। জি.টি(G.T) পথ কোনে নিৰ্মাণ কৰিছিল? জি.টি(G.T) পথ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ-জি.টি (G.T) পথ শ্বেৰছাহ ছৰিয়ে নিৰ্মাণ কৰিছিল।
শ্বেৰছাহ ছৰিয়ে ,তেওঁৰ সাম্ৰাজ্যখনক শক্তিশালী কৰি ৰাখিবলৈ সিন্ধু নদী উপত্যকাৰ পৰা বংগৰ সোনাৰ নদী উপত্যকালৈ এটা শ্বাহী পথ নিৰ্মাণ কৰিছিল। এই পথটোকে বৃটিছসকলৰ ৰাজত্বকালত কলকাতা আৰু পেছোৱাৰক সংযোগ কৰি "Grand Trank road (G.T.)" নামেৰে নামকৰণ কৰা হৈছে। বৰ্তমান ই অমৃতসৰৰ পৰা কলকাতালৈ বিস্তৃত হৈ আছে। ইয়াক দুটা শাখাত বিভক্ত কৰা হৈছে। যেনে- ক) N.H-1 দিল্লীৰ পৰা অমৃতসৰ, খ)N.H-2 দিল্লীৰ পৰা কলকাতা।
২। পথ পৰিবহনৰ সুবিধা আৰু অসুবিধাসমূহ কি কি লিখা।
উত্তৰঃ-পথ পৰিবহনৰ সুবিধাসমূহ তলত উল্লেখ কৰা হল-
ক) কম দূৰত্বৰ যাত্ৰাৰ বাবে পথ পৰিবহন সস্তীয়া।
খ) পথ পৰিবহনৰ লগত জড়িত বাহনসমূহ তুলনামূলকভাৱে আকাৰত সৰু হোৱা বাবে ঘৰে-ঘৰে সামগ্ৰী আৰু যাত্ৰী উঠা-নমা কৰিবলৈ উপযোগী।
গ) পথ পৰিবহনৰ ওপৰত চলা যান-বাহনবোৰ অতি দামী নহয়। যাৰফলত যিকোনো আৰ্থিক অৱস্হাৰ ব্যক্তিয়ে সুবিধা গ্ৰহন কৰিবলৈ সক্ষম হয়।
পথ পৰিবহনৰ অসুবিধাসমূহ তলত উল্লেখ কৰা হলঃ-
ক) পথ পৰিবহনত অধিক সময়ৰ প্ৰয়োজন হয়।
খ) পথ পৰিবহহনত আন্তঃৰাষ্ট্ৰীয় বাধাও প্ৰযোজ্য হয়।
গ) বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ,যেনে - বানপানী,ভূমিকম্প,গৰাখহনীয়া ইত্যাদিৰ ফলত পথ পৰিবহন সঘনাই বন্ধ হোৱাৰ প্ৰৱনতা অধিক।
Comments
Post a Comment