Books related Information

Class-12 Political Science question answer 2021

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি দেশত চৰকাৰে জাতীয় জৰুৰী অৱস্হা ঘোষণা কৰিব পাৰে?

উত্তৰঃ-৩৫২ নং অনুচ্ছেদ ।

২। শুদ্ব উত্তৰটো বাছি উলিওৱাঃ

       ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত জনতা পাৰ্টি চৰকাৰৰ প্ৰধান মন্ত্ৰী হয়( মোৰাৰজী দেশাই / চৰণ সিং)।

উত্তৰঃ- মোৰাৰজী দেশাই।

৩। মণ্ডল আয়োগৰ সভাপতি কোন আছিল?

উত্তৰঃ বিন্দেশ্বৰী প্ৰসাদ মণ্ডল।

৪। ১৯৭৫ চনত চৰকাৰে দেশত জাতীয় জৰুৰী অৱস্হা ঘোষণা কৰাৰ কাৰণ কি আছিল?

উত্তৰঃ- দেশৰ আভ্যন্তৰীন পৰিস্হিতিৰ প্ৰতি সৃষ্টি হোৱা ভাবুকি।

৫। নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব দিয়া নেতাগৰাকীৰ নাম কি?

উত্তৰঃ- মেধা পাটকাৰ।

৬। কোনখন জিলাত আৰাক বিৰুধী আন্দোলন আৰম্ভ হৈছিল?

উত্তৰঃ- নেৰুলা জিলাত।

৭। খালী ঠাই পূৰ কৰা।

        চিপকো আন্দোলন আৰম্ভ হৈছিল......... চনত।

উত্তৰঃ- ১৯৭৪ চনত।

৮। সামাজিক আন্দোলনৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ- চিপকো আন্দোলন।

৯। 'অসম চুক্তি' কিমান চনত সম্পাদনা কৰা হৈছিল?

উত্তৰঃ- ১৯৮৫ চনত।

১০। আঞ্চলিকতাবাদ মানে কি বুজা?

উত্তৰঃ- যি আদৰ্শবাদে কোনো এখন ৰাজ্য বা অঞ্চলক গুৰুত্ব দি চলে তাকে আঞ্চলিকতাবাদ বোলে। 


খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। সংবিধানৰ ৪২তম সংশোধনী আইনৰ দুটা প্ৰধান বিষয় উল্লেখ কৰা।

উত্তৰঃ-সংবিধানৰ ৪২তম সংশোধনী আইনৰ দুটা প্ৰধান বিষয় তলত উল্লেখ কৰা হল-

           ক) কেৱল জৰুৰীকালীন অৱস্হাৰ সময়তেই নহয়, সাধাৰণ অৱস্হাতো সংসদৰ কাৰ্যকাল ৫ বছৰৰ পৰিৱৰ্তে ৬ বছৰলৈ বৃদ্ধি কৰা হয়।

           খ) ন্যায়পালিকাৰ ক্ষমতা খৰ্ব কৰা হয়।

২। জৰুৰীকালীন অৱস্হাৰ পৰা লাভ কৰা দুটা অভিজ্ঞতা বা শিক্ষাৰ বিষয় উল্লেখ কৰা। 

উত্তৰঃ- জৰুৰীকালীন অৱস্হাৰ পৰা লাভ কৰা দুটা অভিজ্ঞতা বা শিক্ষাৰ বিষয় তলত উল্লেখ কৰা হল-

          ক) জৰুৰীকালীন অৱস্হাৰ সময়ত সকলো বিলাক ক্ষমতা কেৱল কেন্দ্ৰৰ হাতত কেন্দ্ৰীভূত হয়।

          খ) জৰুৰীকালীন অৱস্হাৰ সময়ত নাগৰিকৰ সকলো মৌলিক অধিকাৰ বাতিল কৰা হয়।

৩। ক'ত আৰু কেতিয়া দলিত পেন্হাৰচ গঠন কৰা হৈছিল?

উত্তৰঃ- মহাৰাষ্ট্ৰত ১৯৭২ চনত দলিত পেন্হাৰচ গঠন কৰা হৈছিল।

৪। ভাৰতীয় সংবিধানৰ কোন দুটা অনচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰদান কৰিছে?

উত্তৰঃ- জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰদান কৰা ভাৰতীয় সংবিধানৰ দুটা অনচ্ছেদ হল-

          ক) ৩৭০ নং অনুচ্ছেদ।

          খ) ৩৭১ নং অনুচ্ছেদ।

৫। ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ দুটা কাৰণ লিখা।

উত্তৰঃ-ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ দুটা কাৰণ হল-

           ক) অৰ্থনৈতিক বৈষম্য।

           খ) সাম্যতা ৰক্ষা কৰা।


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ