Books related Information

Class-12 Political Science//কংগ্ৰেছ ব্যৱস্হাৰ প্ৰতি প্ৰত্যহ্বান আৰু পুণঃ প্ৰতিষ্ঠা

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। ভাৰতবৰ্ষৰ কোনটো নিৰ্বাচনক 'ৰাজনৈতিক ভুমিকম্প' বুলি অভিহিত কৰা হয়?

উত্তৰঃ- ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচন।

২। দলত্যাগৰ অৰ্থ কি?

উত্তৰঃ- দলত্যাগ মানে হল নিৰ্বাচিত প্ৰতিনিধিয়ে তেওঁ যি দলৰ টিকট লৈ নিৰ্বাচিত হৈছিল সেই দল ত্যাগ কৰি অন্য দলত যোগদান কৰা।

৩।  ভাৰতবৰ্ষত কোনটো বছৰক "ভয়ংকৰ দশক" বুলি কোৱা হয়?

উত্তৰঃ- ১৯৬০-ৰ দশক।

৪। সংযুক্ত চৰকাৰ কি?

উত্তৰঃ- যেতিয়া কোনো নিৰ্বাচনত  ৰাজনৈতিক দলে সংখ্যাগৰিষ্ঠ লাভ কৰিব নোৱাৰে তেতিয়া কেইবাটাও দল একগোট হৈ চৰকাৰ গঠন কৰে,ইয়াকে সংযুক্ত চৰকাৰ বোলে।

৫। ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে কোনজন প্ৰাৰ্থীক সমৰ্থন কৰিছিল?

উত্তৰঃ- ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে উপৰাষ্ট্ৰপতি ভি.ভি. গিৰিৰ নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন কৰিছিল।

৬। চতুৰ্থ সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰঃ- ১৯৬৭ চনত।

৭। ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে কিমানখন আসন লাভ কৰিছিল ?

উত্তৰঃ- ২৮৩ খন। 

৮। সংযুক্ত চৰকাৰৰ যুগ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ- ১৯৬৭ চনত।

৯। ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে আভ্যন্তৰীন বিশৃংখলতাৰ কাৰণে জাতীয় জৰুৰীকালীন অৱস্হা কেতিয়া ঘোষণা কৰা হৈছিল?

উত্তৰঃ- ১৯৭৫ চনৰ ২৫ জুন তাৰিখে।

১০। সামাজিক আন্দোলনৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ- সামাজিক আন্দোলনৰ এটা উদাহৰণ হল-চিপকো আন্দোলন।


খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। লাল বাহাদুৰ শাস্ত্ৰীৰ চমু প্ৰধান মন্ত্ৰীৰ কালছোৱাত সন্মুখীন হোৱা দুটা সমস্য উল্লেখ কৰা।

উত্তৰঃ-লাল বাহাদুৰ শাস্ত্ৰীৰ চমু প্ৰধান মন্ত্ৰীৰ কালছোৱাত সন্মুখীন হোৱা দুটা সমস্য তলত উল্লেখ কৰা হল-

      ক) খাদ্য সংকট।

      খ) অনাবৃষ্টি।

২। তলত দিয়া জয়ধ্বনি দুটাৰ সৃষ্টি কৰ্তা কোন?

       ক) "জয় জোৱান,জয় কিষান"

       খ) "গৰিবী হটাও"

উত্তৰঃ- ক) "জয় জোৱান,জয় কিষান" জয়ধ্বনিৰ সৃষ্টি কৰ্তা হল- লাল বাহাদুৰ শাস্ত্ৰী।

            খ) "গৰিবী হটাও"জয়ধ্বনিৰ সৃষ্টি কৰ্তা হল- ইন্দিৰা গান্ধী।

৩। দহ দফিয়া আঁচনিৰ অন্তৰ্গত দুটা বিষয় উল্লেখ কৰা।

উত্তৰঃ-দহ দফিয়া আঁচনিৰ অন্তৰ্গত দুটা বিষয় তলত উল্লেখ কৰা হল-

         ক) বেংকৰ ওপৰত সামাজিক নিয়ন্ত্ৰণ।

         খ) ভূমি সংস্কাৰ।

৪। মণ্ডল আয়োগৰ দুটা পৰামৰ্শ উল্লেখ কৰা।

উত্তৰঃ-মণ্ডল আয়োগৰ দুটা পৰামৰ্শ তলত উল্লেখ কৰা হল-

          ক) জাতিভিত্তিক সুৰক্ষা ব্যৱস্হাৰ প্ৰৱৰ্তন।

          খ) চৰকাৰী চাকৰীৰ ক্ষেত্ৰত অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে ২৭ শতাংশ আসন সংৰক্ষণ কৰা।

৫।  কুৰি দফিয়া আঁচনিত অন্তৰ্গত দুটা প্ৰধান বিষয় উল্লেখ কৰা।

উত্তৰঃ- কুৰি দফিয়া আঁচনিত অন্তৰ্গত দুটা প্ৰধান বিষয় তলত উল্লেখ কৰা হল-

            ক) ভূমি সংস্কাৰ।

            খ) দাসত্ব প্ৰথা দূৰীকৰণ।

৬। ভাৰতৰ যিকোনো দুটা আঞ্চলিক দলৰ নাম লিখা।

উত্তৰঃ-ভাৰতৰ দুটা আঞ্চলিক দলৰ নাম হল-

          ক) অসম গণ পৰিষদ।

          খ) তেলেগু দেশম। 


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ