Books related Information
Class-12 অগতানুগতিক শিক্ষা
- Get link
- X
- Other Apps
ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ-
১। ভাৰতবৰ্ষৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম কি?
উত্তৰঃ- ভাৰতবৰ্ষৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম হল- আমবেদকাৰ অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয়। ( এইটো ১৮৮২ চনত অন্ধ্ৰপ্ৰদেশৰ হায়দৰাবাদত স্হাপন কৰা হয়।)
২। মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰথম আৰম্ভণি ক'ত হৈছিল?
উত্তৰঃ- মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰথম আৰম্ভণি ইংলেণ্ডত হৈছিল। ( ১৯৬৯ চনত ।)
৩। IGNOU-ৰ সম্পূৰ্ণ ৰুপটো লিখা।
উত্তৰঃ-IGNOU-ৰ সম্পূৰ্ণ ৰুপটো Indira Gandhi National Open University.( ১৯৮৫ চনত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় স্হাপন কৰে। এই মুক্ত বিশ্ববিদ্যালয়খন লোকসভাত আইন প্ৰণয়ন কৰি দিল্লীত স্হাপন কৰা হয়।)
৪। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হৈছে.....।
উত্তৰঃ- ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়।( ১৯৮৫ চনত।)
৫। শুদ্ধ নে অশুদ্ধ লিখাঃ-
দূৰ শিক্ষা সদায় মুক্ত।
উত্তৰঃ- শুদ্ধ।
খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ-
১। দূৰ শিক্ষা ব্যৱস্হাত ব্যৱহাৰ কৰা দুটা উন্নত কাৰিকৰী আহিলাৰ নাম লিখা।
উত্তৰঃ-দূৰ শিক্ষা ব্যৱস্হাত ব্যৱহাৰ কৰা দুটা উন্নত কাৰিকৰী আহিলাৰ নাম হল-
ক) কম্পিউটাৰ।
খ) ছপা সামগ্ৰী।
২। দূৰ শিক্ষাৰ ধাৰণাটোৱে সামৰি লোৱা প্ৰধান দিশকেইটা কি কি?
উত্তৰঃ-দূৰ শিক্ষাৰ ধাৰণাটোৱে সামৰি লোৱা প্ৰধান দিশ তিনিটা। সেইকেইটা হল-
ক) শিক্ষাৰ্থীকেন্দ্ৰীক শিক্ষা।
খ) পৰোক্ষ শিক্ষা।
গ) প্ৰকৃত জীৱনবোধৰ শিক্ষা।
৩। মুক্ত শিক্ষাৰ দুটা লক্ষ্য উল্লেখ কৰা।
উত্তৰঃ- মুক্ত শিক্ষাৰ দুটা লক্ষ্য তলত উল্লেখ কৰা হলঃ-
ক) দেশ এখনৰ সকলো পৰ্যায়ৰ নাগৰিকে যাতে সমান পৰিমাণে শিক্ষা লাভৰ সুযোগ পায় তাক কাৰ্যকৰী কৰা।
খ) অৰ্ধশিক্ষিত অৱস্হাতে কৰ্মত নিয়োগ হোৱা ব্যক্তিসকলৰ আধৰুৱা শিক্ষাখিনি সম্পূৰ্ণ কৰাৰ সুযোগ দান কৰা।
৪। মুক্ত শিক্ষাদান কাৰ্যক বাস্তৱমুখী কৰি তোলা দুটা মাধ্যমৰ নাম লিখা।
উত্তৰঃ-মুক্ত শিক্ষাদান কাৰ্যক বাস্তৱমুখী কৰি তোলা দুটা মাধ্যমৰ নাম হলঃ-
ক) ৰেডিঅ' ।
খ) দূৰদৰ্শন।
৫। দূৰ শিক্ষা কি?
উত্তৰঃ- দূৰ শিক্ষা হল অগতানুগতিক শিক্ষাৰ এক পদ্ধতি যত শিক্ষকে শিক্ষাৰ্থীৰ লগত মুখামুখী নোহোৱাকৈ শিক্ষাদান দিয়ে। এই শিক্ষাই একেলগে অগণন ব্যক্তিক শিক্ষাদানৰ বাবে সামৰি লয়। দূৰ শিক্ষা ব্যৱস্হাত বিভিন্ন ধৰণৰ উন্নত কাৰিকৰী আহিলা ব্যৱহাৰ কৰা হয়। সেইবোৰ হল- ছপা সামগ্ৰী,দূৰ সংযোগ আহিলা,শ্ৰৱন-দৰ্শন আহিলা,কম্পিউটাৰ,সম্প্ৰচাৰণ ইত্যাদি।
৬। অগতানুগতিক শিক্ষাৰ দ্বাৰা উপকৃত হোৱা দুই শ্ৰেণীৰ ব্যক্তিৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ-অগতানুগতিক শিক্ষাৰ দ্বাৰা উপকৃত হোৱা দুই শ্ৰেণীৰ ব্যক্তিৰ বিষয় তলত উল্লেখ কৰা হল-
ক) অৰ্ধশিক্ষিত অৱস্হাতে কৰ্মত নিয়োগ হোৱা ব্যক্তি।
খ) নিৰক্ষৰ লোক।
৭। মুক্ত বিশ্ববিদ্যালয় স্হাপনৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ- মুক্ত বিশ্ববিদ্যালয় স্হাপনৰ দুটা উদ্দেশ্য তলত উল্লেখ কৰা হলঃ-
ক) সমাজত পিছ পৰি থকা ব্যক্তিসকলক শিক্ষা লাভৰ বিশেষ সুযোগ দান কৰা।
খ) কম সময়তে অধিক সংখ্যক লোকক কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা লাভৰ সুযোগ দিয়া।
গ) প্ৰতিটো ৪ নম্বৰৰ প্ৰশ্নোত্তৰঃ-
১। মুক্ত বিশ্ববিদ্যালয়ৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ- মুক্ত বিশ্ববিদ্যালয়ৰ চাৰিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হলঃ-
ক) মুক্ত বিশ্ববিদ্যালয়ৰ নাম ভৰ্তিকৰণ ব্যৱস্হা মুক্ত ধাৰণাৰ মাধ্যমেৰে সম্পন্ন হয়।
খ) মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি শিক্ষনীয় পাঠবোৰ পূৰ্ব পৰিকল্পনাৰে সজাই পৰাই তোলা হয়।
গ) মুক্ত বিশ্ববিদ্যালয়ৰত শিক্ষাৰ্থীসকলে নামভৰ্তি কৰিলেও পাঠ্যক্ৰম সম্পূৰ্ণ নকৰাকৈ ওলাই আহিব পাৰে।
ঘ) মুক্ত বিশ্ববিদ্যালয়ৰ কোনো ক্ষেত্ৰতে কোনো ধৰণৰ বাধ্যবাধকতা নাই।
২। মুক্ত শিক্ষাৰ সুবিধা আৰু অসুবিধাসমূহ লিখা।
উত্তৰঃ- মুক্ত শিক্ষাৰ সুবিধাসমূহ হল-
ক) এই শিক্ষাৰ মাধ্যমেৰে উচ্চ শিক্ষাক ব্যক্তিৰ একেবাৰে ওচৰলৈ লৈ যোৱা হৈছে। বিশেষকৈ কৰ্মৰত হৈ থকা ব্যক্তিসকল,চাকৰি কৰি থকা ব্যক্তিসকল এই ব্যৱস্হাৰ পৰা অধিকভাৱে লাভবান হয়।
ক) এই শিক্ষা ব্যৱস্হাত নাম ভৰ্তিকৰণৰ সময়ত নিৰ্দিষ্ট যোগ্যতাৰ প্ৰয়োজন নহয়। কোনো ধৰণৰ নিয়মীয়া শিক্ষাৰ অৰ্হতা নাথাকিলেও এই শিক্ষাত ব্যক্তসকলে নাম ভৰ্তি কৰিব পাৰে।
গ) এই শিক্ষা ব্যৱস্হাৰ পাঠ্যক্ৰমবোৰ অধিকভাৱে অৰ্থপূৰ্ণ আৰু সংগঠিত।
মুক্ত শিক্ষাৰ অসুবিধাসমূহ হলঃ-
ক) মুক্ত শিক্ষাৰ পৰা একমাত্ৰ মধ্যবিত্ত শ্ৰেণীটোহে লাভাৱান্বিত হোৱা দেখা যায়।
খ) মুক্ত শিক্ষা ব্যৱস্হাৰ শিক্ষকসকলে সময়মতে মূল্যায়ন ব্যৱস্হাটো সম্পাদন কৰি দিয়া দেখা যায়।
খ) মুক্ত শিক্ষাৰ কেন্দ্ৰবোৰত সা-সুবিধাৰ সংখ্যা কম আৰু সেৱা আগবৰোৱা ব্যক্তিৰ সংখ্যাও তাকৰীয়া। ইয়াৰ সকলোবোৰ নিৰ্দেশক অভিজ্ঞতা সম্পন্ন নহয়।
- Get link
- X
- Other Apps
Comments
Post a Comment