Books related Information
Class-12 // সেউজ বিল্পৱ।।পৰিকল্পিত বিকাশৰ ৰাজনীতি।।
- Get link
- X
- Other Apps
ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ-
১। ভাৰতৰ 'সেউজ বিপ্লৱৰ নায়ক' বুলি কাক আখ্যা দিয়া হয়?
বা
ভাৰতৰ 'সেউজ বিপ্লৱৰ পিতৃ ' বুলি কাক আখ্যা দিয়া হয়?
উত্তৰঃ- এম.এছ. স্বামীনাথন(M. S. Swaminathan)।
২। AMUL-ৰ সম্পূৰ্ণ ৰুপটো লিখা।
উত্তৰঃ-AMUL-ৰ সম্পূৰ্ণ ৰুপটো হল-Anand Milk Union Limited.
৩। ভাৰতবৰ্ষৰ "দুগ্ধ মানৱ" কাক কোৱা হয়?
উত্তৰঃ- ভাৰতবৰ্ষৰ "দুগ্ধ মানৱ" ভাৰ্গিজ কুৰেইনক কোৱা হয়।
৩। বৰ্তমান সময়ত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান গঢি তোলা হৈছে?
উত্তৰঃ- নিতি আয়োগ। ( ২০১৫ চনৰ ১ জানুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে জন্ম লাভ কৰে।)
৪। শ্বেত বিল্পৱ কি?
উত্তৰঃ- গাখীৰৰ পৰা উৎপাদিত দ্ৰৱ্যক কেন্দ্ৰ কৰি সংঘটিত হোৱা বিল্পৱক শ্বেত বিল্পৱ বোলে। এই বিল্পৱৰ সূচনা হৈছিল সমবায়ভিত্তিক দুগ্ধ পামৰ জৰিয়তে।
৫। ভাৰতৰ পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হয়?
উত্তৰঃ- ১৯৫০ চনত।
৬। নিতি আয়োগৰ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী বিষয়া কোন?
উত্তৰঃ-সিন্ধুশ্ৰী খুল্লাৰ।
৭। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ- ১৯৫১ চনত।
৮। 'লাইচেন্স ৰাজ বা ফাইল ৰাজ' কি?
উত্তৰঃ- মিশ্ৰ অৰ্থনীতি ব্যৱস্হাৰ ফলত অৰ্থনীতি বা বিকাশ প্ৰক্ৰিয়া নিয়ন্ত্ৰণৰ নামত প্ৰশাসন খণ্ডত ব্যাপক দুৰ্ণীতিয়ে দেখা দিয়ে। ইয়াকে 'লাইচেন্স ৰাজ বা ফাইল ৰাজ' বোলে।
খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ
১। বোম্বে পৰিকল্পনা(Bombay Plan) বুলিলে কি বুজাই?
উত্তৰঃ- ১৯৪৪ চনত বোম্বাইৰ কিছুমান উদ্যোগপতিয়ে মিলিত হৈ ভাৰতৰ অৰ্থনীতিৰ পূৰ্ণ বিকাশ আৰু প্ৰতিষ্ঠা কৰাৰ বাবে এটা পৰিকল্পনা বা যুটীয়া প্ৰস্তাবৰ খচৰা প্ৰস্তুত কৰে। ইয়াকে বোম্বে পৰিকল্পনা(Bombay Plan) বুলি জনা যায়। এই পৰিকল্পনাৰ জৰিয়তে ভাৰতৰ উদ্যোগপতিসকলে দেশৰ উদ্যোগ তথা অন্য ক্ষেত্ৰবোৰৰ বিকাশৰ বাবে চৰকাৰক সক্ৰিয় ভূমিকা পালনৰ বাবে আহ্বান জনাইছিল।
২। পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
বা
ভাৰতৰ পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ-পৰিকল্পনাৰ দুটা উদ্দেশ্য তলত উল্লেখ কৰা হল-
ক) অৰ্থনৈতিক পুণৰ গঠন কৰা।
খ) সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা।
৩। সেউজ বিপ্লৱ আৰু শ্বেত বিল্পৱৰ মাজত দুটা পাৰ্থক্য লিখা।
উত্তৰঃ-সেউজ বিপ্লৱ আৰু শ্বেত বিল্পৱৰ মাজত দুটা পাৰ্থক্য হল-
ক) সেউজ বিল্পৱে খাদ্য দ্ৰৱ্যৰ উৎপাদন বৃদ্ধি কৰে। কিন্তু শ্বেত বিল্পৱে দুগ্ধ উৎপাদন বৃদ্ধি কৰে।
খ) সেউজ বিপ্লৱ পঞ্জাৱ,হাৰিয়ানাৰ দৰে কিছুমান বিশেষ ৰাজ্যতহে সংঘটিত হৈছিল। কিন্তু শ্বেত বিল্পৱ গুজৰাটত বিশেষকৈ সংঘটিত হৈছিল।
গ) প্ৰতিটো ৪ আৰু ৬ নম্বৰৰ প্ৰশ্নোত্তৰঃ-
১। সেউজ বিল্পৱ কি? সেউজ বিল্পৱৰ ফলাফলসমূহ আলোচনা কৰা।
উত্তৰঃ- ভাৰতবৰ্ষই কৃষিখণ্ডৰ আধুনিকীকৰণ আৰু অধিক খাদ্য শস্য উৎপাদনৰ বাবে কৃষিখণ্ডত এক বৈল্পৱিক পৰিৱৰ্তনৰ সূচনা কৰে। ইয়াকে সেউজ বিল্পৱ বুলি জনা যায়। এই বিল্পৱে ভিক্ষাৰ পাত্ৰ লৈ খাদ্যৰ বাবে আন দেশৰ ওচৰত হাত পাতিবলগীয়া হোৱা ভাৰতবৰ্ষৰ ভাবমূৰ্তি সম্পূৰ্ণৰুপে পৰিৱৰ্তন কৰি ভাৰতবৰ্ষক এখন খাদ্য ৰাহি দেশলৈ ৰুপান্তৰিত কৰিলে।
সেউজ বিল্পৱ সংঘটিত কৰাৰ বাবে ভাৰত চৰকাৰে কৃষিখণ্ডত বিশেষ আঁচনি ৰুপায়ণ কৰে। সেইবোৰ হলঃ-
১। কৃষিখণ্ডলৈ চৰকাৰে আনুষ্ঠানিক বিত্ত দুগুণলৈ বৃদ্ধি কৰে।
২। চৰকাৰে কৃষিখণ্ডত অত্যধিক ৰাজ-সাহাজ্য আগবঢোৱাৰ নীতি প্ৰৱৰ্তন কৰে।
৩। কৃষকৰ পৰা উৎপাদিত শস্য সঠিক দামত আহৰণৰ বাবে বিশেষ ব্যৱস্হা হাতত লোৱা হয়। তাৰ বাবে চৰকাৰে ১৯৩৫ চনত কৃষিজাত সামগ্ৰীৰ মূল্য নিৰুপণ আয়োগ(Aggriculture Price Commission) গঠন কৰে।
সেউজ বিল্পৱৰ ফলাফলসমূহক ইতিবাচক আৰু নেতিবাচক-এই দুটা ভাগত বৰ্ণনা কৰিব পাৰি। সেউজ বিল্পৱৰ ইতিবাচক ফলাফলসমূহক তলত উল্লেখ কৰা হলঃ-
১। সেউজ বিল্পৱৰ পূৰ্বে দেশখনত বছৰি ১ নিযুত হেক্টৰ মাটিত জলসিঞ্চনৰ ব্যৱস্হা সংযোজিত হৈছিল। কিন্তু, সেউজ বিল্পৱ সূচনা হোৱাৰ পিছত বছৰি ২.৫ নিযুত হেক্টৰ মাটিত জলসিঞ্চন ব্যৱস্হা সংযোজিত হৈছিল।
২। সেউজ বিল্পৱে কৃষিখণ্ডৰ উৎপাদন ক্ষমতা বৃদ্ধিত অৰিহণা যোগালে।
৩। সেউজ বিল্পৱে দেশত বিক্ৰীযোগ্য খাদ্যদ্ৰৱ্যৰ ৰাহিও যথেষ্ট পৰিমাণে বৃদ্ধি কৰিলে।
সেউজ বিল্পৱৰ নেতিবাচক ফলাফলসমূহ তলত উল্লেখ কৰা হলঃ-
১। সেউজ বিল্পৱ দেশৰ সকলো ৰাজ্য বা প্ৰান্ততে সংঘটিত হোৱা নাছিল। যাৰ ফলত কৃষিখণ্ডত আঞ্চলিক বৈষম্য বৃদ্ধি পাইছিল।
২। সেউজ বিল্পৱে দেশত এক শক্তিশালী কৃষক শ্ৰেণীৰ উত্থান ঘটালে। এই শ্ৰেণীটো ৰাজনৈতিকভাৱেও শক্তিশালী হৈ উঠিল আৰু কৃষিখণ্ডলৈ আগবঢোৱা ৰাজসাহাজ্য তেওঁলোকে হস্তগত কৰিবলৈ ধৰিলে।
৩। সেউজ বিল্পৱৰ ফলত ভূমি-সংস্কাৰৰ কাৰ্যসূচীসমূহ দুৰ্বল হৈ আহিল। ফলত কৃষিখণ্ডত ভূমি পুণৰ বিতৰণৰ দৰে কাৰ্যসূচীসমূহ অ-প্ৰাসংগিক হৈ উঠিল।
৪। সেউজ বিল্পৱৰ জৰিয়তে কৃষিখণ্ডত প্ৰয়োগ কৰা ৰাসায়নিক দ্ৰৱ্য বা কীটনাশক ঔষদসমূহে বূমিৰ প্ৰাকৃতিক ক্ষমতাৰ ওপৰত প্ৰভাৱ পেলাই।
৫। সেউজ বিল্পৱৰ দ্বাৰা অৱহেলিত অঞ্চল আৰু কৃষকসকলৰ মাজত মাওমাদী শক্তিসমূহ শক্তিশালী হৈ উঠিল।
২। ভূমি সংস্কাৰ বুলিলে কি বুজাই? ভূমি সংস্কাৰৰ সফলতা আৰু বিফলতাসমূহ উল্লেখ কৰা।
উত্তৰঃ-ভাৰত চৰকাৰে কৃষিভূমিৰ ক্ষেত্ৰত ব্ৰটিছ চৰকাৰে গ্ৰহণ কৰা ব্যৱস্হাসমূহৰ যি সংস্কাৰ সাধন কৰা হৈছিল তাকে ভূমি সংস্কাৰ বোলে।
ভূমি সংস্কাৰৰ সফলতাসমূহ তলত উল্লেখ কৰা হলঃ-
১। ভূমি সংস্কাৰৰ ফলত ঔপনিবেশিক ব্যৱস্হাই গঢি তোলা জমিদাৰী ব্যৱস্হাৰ বিলোপ সাধন কৰা হৈছে।
২। ভূমি সংস্কাৰৰ ফলত বিভিন্ন ঠাইত সিচঁৰতি হৈ থকা ভূমিক একত্ৰিত কৰি উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।
ভূমি সংস্কাৰৰ বিফলতাসমূহ তলত উল্লেখ কৰা হলঃ
১। ভূমি সংস্কাৰে ভূমিৰ মালিকানাৰ ওপৰত 'চিলিং' লগোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে।
২। ভূমি সংস্কাৰে অন্যৰ ভূমিত খেতি কৰা কৃষকক উৎখাত কৰাৰ বিৰুদ্ধে বিধিগত নিৰাপত্তা প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে।
৩। ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতৰ্কসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ-ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতৰ্কসমূহ হলঃ-
ক) কৃষি বনাম উদ্যোগ।
খ) ৰাজহুৱাখণ্ড বনাম ব্যক্তিগত খণ্ড।
গ) কেন্দ্ৰীকৃত পৰিকল্পনা ব্যৱস্হা বনাম গণবিতুষ্টি।
Comments
Post a Comment