Books related Information

Class 12 Assamese question answer 2021//

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। অসমীয়া সাহিত্যৰ এক মূল্যবান সম্পদ 'কথা-গুৰু-চৰিত' কোনে সম্পাদনা কৰিছিল?

                                      বা

    'কথা-গুৰু-চৰিত' কোনে সম্পাদনা কৰিছিল?

উত্তৰঃ- উপেন্দ্ৰ চন্দ্ৰ লেখাৰু।

২। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল?

উত্তৰঃ- আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম আৰু সাধনা।

৩। 'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ-'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষক পাঠটো ড০ নগেন শইকীয়া সম্পাদিত বেজবৰিৱা ৰচনাৱলী ( প্ৰথম খণ্ড) ৰ পৰা সংগ্ৰহ কৰা হৈছে।

৪। তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি?

উত্তৰঃ-তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ হল সত্য আৰু ধৰ্ম ।

৫। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?

উত্তৰঃ- ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হল বেদ।

৬। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি?

উত্তৰঃ- বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হল ক্ষুদ্ৰ ভাইৰাছ।

৭। পদাৰ্থ কণা-ত্বৰক কি?

উত্তৰঃ- পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ বেগ ক্ৰমে বঢাই দিয়া যন্ত্ৰ বিশেষক পদাৰ্থ কণা-ত্বৰক বোলা হয়।

৮। 'বৈজ্ঞানিক মানসিকতা কিদৰে গঢিব পাৰোঁ' প্ৰবন্ধটো লেখকৰ কোনখন গ্ৰন্হৰ পৰা লোৱা হৈছে?

উত্তৰঃ-'বৈজ্ঞানিক মানসিকতা কিদৰে গঢিব পাৰোঁ' প্ৰবন্ধটো লেখকৰ 'বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা'  নামৰ গ্ৰন্হৰ পৰা লোৱা হৈছে ।

৯। 'চিঠি' গল্পটো শীলভদ্ৰৰ কোনখন গল্প সংকলনৰ পৰা লোৱা হৈছে?

উত্তৰঃ- 'চিঠি' গল্পটো শীলভদ্ৰৰ 'চিঠি আৰু অন্যান্য গল্প' সংকলনৰ পৰা লোৱা হৈছে।

১০। 'মোৰ মাতৃমুখ দৰ্শন' ৰ লেখকে উল্লেখ কৰা 'মাউজি' কোন?

উত্তৰঃ-'মোৰ মাতৃমুখ দৰ্শন' ৰ লেখকে উল্লেখ কৰা 'মাউজি' হল চন্দ্ৰকুমাৰ আগৰৱালা।

খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। ''মোৰ মাতৃমুখ দৰ্শন'' ৰ লেখকে উল্লেখ কৰা  'মাউজি'  আৰু  'জ্ঞান'  কোন আছিল ?

উত্তৰ :- ''মোৰ মাতৃমুখ দৰ্শন'' ৰ লেখকে উল্লেখ কৰা  'মাউজি'  আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু 'জ্ঞান'   আছিল মিষ্টাৰ জে. বৰৱা। 

২। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ দুটা কাৰণ উল্লেখ কৰা ।

উত্তৰ :- লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ দুটা কাৰণ তলত উল্লেখ কৰা হল-

            ক) প্ৰাকৃতিক সৌন্দৰ্য;

            খ)  প্ৰাচীন জ্ঞান-গৌৰৱৰ গৰিমা। 

৩।  ''পানীমে মীন পিয়াসী।

         মোক শুনত শুনত লাগে হাসি।।'' ---এই পদফাকিৰ তাত্ত্বিক অৰ্থ কি?

উত্তৰ :- উক্ত পদফাকিৰ তাত্ত্বিক অৰ্থ হল - মানুহৰ অন্তৰতে ঈশ্বৰ আছে,তথাপি ভক্তিহীন অজ্ঞানী মানুহে ঈশ্বৰ উপলব্ধি কৰিব নোৱাৰে। অজ্ঞানীজনৰ এনে অৱস্হা দেখি কবিৰ হাঁহি উঠে।

৪। যতীন্দ্ৰ নাথ দুৱৰাই কিহৰ আলমত 'কথা-কবিতা' ৰচনা কৰিছিল?

উত্তৰ :-যতীন্দ্ৰ নাথ দুৱৰাই টুৰ্গেনিভৰ 'Poems in Prose' আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ ৰচনাৰ  আলমত 'কথা-কবিতা' ৰচনা কৰিছিল।

৫। ওমৰ খায়াম কোন?তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ।

উত্তৰ :- ওমৰ খায়াম হল এজন ফাৰ্চী ছুফী কবি।

                  তেওঁ ৰচনা কৰা পুথি এখনৰ নাম হল ৰুবায়ত।     

৬। ড০ বানীকান্ত কাকতীয়ে দুৱৰাৰ কথা-কবিতাৰ বিষয়ে কি মন্তব্য কৰিছিল?

উত্তৰ :-ড০ বানীকান্ত কাকতীয়ে দুৱৰাৰ কথা-কবিতাৰ বিষয়ে মন্তব্য কৰিছিল যে - 'এনে ধৰণৰ গদ্যত লিখা কবিতাৰ পুথি জনাৰ ভিতৰত আন কোনো ভাষাত নাই ইংৰাজীতো বিৰল।'

৭। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল?

উত্তৰ:-আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল। ইয়াৰ কাৰণ দুটা হল-

       ক) পথ দুৰ্গম হোৱাৰ বাবে অসমৰ পৰা বংগদেশলৈ যাবলৈ মানুহে ভয় কৰিছিল।

       খ) ইউৰোপলৈ গলে জাতি যোৱাটো ভয়টো মানুহৰ মনত সম্পূৰ্ণ আছিল।

৮। একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল?

উত্তৰ:-আনন্দৰাম বৰুৱা সদায় একাগ্ৰতা আছিল। একাগ্ৰতাৰ গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মা হ'ব পাৰিছিল। এই গুণেই তেওঁক সাহস আৰু শক্তিদান কৰিছিল। এনেধৰণৰ একমনা স্বভাৱৰ বাবেই গোটেই 'অমৰকোষ' খনি তেওঁ লৰালি কালতেই কন্ঠস্ত কৰিবলৈ সক্ষম হৈছিল। একাগ্ৰতাত ব্যাঘাত জন্মে বুলি তেওঁ চিৰকুমাৰ ব্ৰ'ত অৱলম্বন কৰিছিল। ইয়াৰ পৰাই তেওঁৰ একাগ্ৰতাৰ গুণে কেনেকৈ তেওঁৰ জীৱন জখলাত আগোৱাই যোৱাত সহায় কৰিছিল তাক আমি সহজেই বুজিব পাৰোঁ।

খ) প্ৰতিটো ৪ আৰু ৬ নম্বৰৰ প্ৰশ্নোত্তৰ-

১। গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল,আলোচনা কৰা।

উত্তৰ:-উপনিষদৰ যুগত শিক্ষা সাং কৰি গাৰ্হস্ত্য জীৱনত প্ৰৱেশ কৰিবলৈ উলটিব খোজা বিদ্যাৰ্থীক গুৰুৱে ব্যক্তিগত আৰু সামাজ জীৱনৰ মংগলৰ লক্ষ্য আগত ৰাখি উপনিষদৰ অনুশাসনক আধাৰ হিচাপে লৈ কিছুমান উপদেশ দিছিল।

        গুৰুৱে দিয়া প্ৰথম উপদেশ হল--'' সত্য কবা, ধৰ্ম আচৰণ কৰিবা  লগতে কোৱা হৈছে -সত্যৰ পৰা বিচ্যুত নহবা,ধৰ্মৰ অৰ্থাত কল্যাণকৰ পথৰ পৰা বিচ্যুত নহবা''

        গুৰুৱে দিয়া দ্বিতীয় উপদেশ হল-'' দৈনন্দিন অধ্যয়ণৰ পৰা বিচ্যুত নহবা । নিত্য অধ্যয়ণ সভ্য জীৱনৰ আৰু উন্নত আচৰণৰ অপৰিহাৰ্য্য অংগ। ''সেই কাৰণে গুৰুৱে কৈছে-'' অধ্যয়ণ আৰু অধ্যাপনা দুয়োটা অক্ৰমাদি হৈ চলায় থাকিব।''

       গুৰুৱে দিয়া তৃতীয় উপদেশ হল-'' নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা আঁতৰি নাথাকিব। ধন-সম্পত্তি সংগ্ৰহ ৰুপ মংগলজনক কাৰ্য কৰিবা কিন্তু ধৰ্মপথৰ পৰা বিচ্যুত নোহোৱাকৈ থাকিবা।''

      গুৰুৱে দিয়া চতুৰ্থ উপদেশ হল-''  দেৱকাৰ্য আৰু পিতৃকাৰ্য বিষয়ত কেতিয়াও প্ৰমাদগ্ৰস্হ নহবলৈ উপদেশ দি কৈছে-- মাতৃক দেৱতাৰ দৰে মানিবা,পিতৃক দেৱতাৰ দৰে মানিবা আৰু আচাৰ্যক দেৱতাৰ দৰে মান্য কৰিবা।''

        গুৰুৱে দিয়া চতুৰ্থ উপদেশ হল--'' ডাঙৰৰ বেয়াবোৰ পৰিহাৰ কৰি যিবোৰ ভাল  সেইবোৰ আচৰণ কৰিব আৰু যিবোৰ অনিন্দনীয় কাম  সেইবোৰ কৰিব ।''

       গুৰুৱে দিয়া ষষ্ট উপদেশ হল--'' সদায় শ্ৰদ্বাযুক্ত মন আৰু প্ৰেমভাৱেৰে সামৰ্থ অনুসৰি দান কৰিব লাগে ।''

২। চাৰি আশ্ৰম বুলিলে কি বুজায়,আলোচনা কৰা।

উত্তৰ:-ভাৰতবৰ্ষৰ আৰ্যলোকসকলৰ জীৱনৰ সামাজিক পৰম্পৰাক তেওঁলোকৰ জীৱন কালত চাৰিটা ভাগত ভাগ কৰি নিৰ্দিষ্ট কৰ্মৰ জৰিয়তে জীৱনটো কটাইছিল। এই চাৰিটা ভাগকেই চাৰি আশ্ৰম বোলা হয়।

       চাৰি আশ্ৰমসমূহ তলত চমু আলোচনা কৰা হল--

          ক) ব্ৰক্ষ্মচৰ্য- ভাৰতীয় সংস্কৃতিত লোকসকলে তেওঁলোকৰ জীৱনৰ প্ৰথম ভাগটো গুৰুৰ গৃহত থাকি শিক্ষা লাভ কৰি জীৱন কটাইছিল। এই সময়ছোৱাকে ব্ৰক্ষ্মচৰ্য বুলি কোৱা হয়।

          খ) গাৰ্হস্হ- গুৰুৰ গৃহত শিক্ষা সমাপ্ত কৰি নিজ ঘৰলৈ আহি গৃহস্হী হিচাপে জীৱন-যাপন কৰা সময়ছোৱাকে গাৰ্হস্হ আশ্ৰম বোলা হয়।

         গ) বানপ্ৰস্হ- গৃহস্হী ধৰ্ম পালনৰ পাছত ভাৰতৰ লোকসকলে সংসাৰৰ মায়া-মমতা ত্যাগ কৰি বনৰ মাজত ধৰ্মৰ ভাবত দিন কটাইছিল, ইয়াকে বানপ্ৰস্হ বোলে।

ঘ) সন্ন্যাস- জীৱনৰ শেষ স্তৰত সংসাৰৰ প্ৰতি মায়া-মোহ ত্যাগ কৰি সন্নাসীৰ জীৱন কঠোৱা সময়ছোৱাকে সন্ন্যাস আশ্ৰম বোলা হয়


Comments

Post a Comment

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ