Books related Information
Political Science// HS 2nd Year final Exam common question answer 2021
- Get link
- X
- Other Apps
ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ-
১। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন কত অনুষ্ঠিত হৈছিল ?
উত্তৰ:- গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন ১৯৬১ চনত বেলগ্ৰেডত অনুষ্ঠিত হৈছিল ।
২। বাৰ্লিন দেৱাল কিমান চনত ভংগ কৰা হয়?
উত্তৰ:- ১৯৮৯ চনৰ নৱেম্বৰ মাহত।
৩। বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ- বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ হল-গোলকীয় উষ্ণতা।
৪। ভাৰতে কিয়'টো প্ৰট'কল Kyoto Protocol)-ত কেতিয়া স্বাক্ষৰ আৰু অনুসোদন কৰে ?
উত্তৰঃ- ২০০২ চনৰ আগষ্ট মাহত।
৫। SAARC-ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰঃ-SAARC-ৰ সম্পূৰ্ণ অৰ্থ South Asian Association for Regional Co-operation.
৬। পাৰমাণৱিক নি-প্ৰসাৰণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
বা
কোনটো বৰ্ষত পাৰমাণৱিক নি-প্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল?
উত্তৰঃ- ১৯৬৮ চনৰ জুলাই মাহত।
খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ
১। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম বেলগ্ৰেড সন্মিলনত অংশগ্ৰহণ কৰা দুখন সদস্যৰ নাম উল্লেখ কৰা ।
উত্তৰ:-গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম বেলগ্ৰেড সন্মিলনত অংশগ্ৰহণ কৰা দুখন সদস্যৰ নাম তলত উল্লেখ কৰা হল-
ক) ভাৰতবৰ্ষ
খ) আফগানিস্তান।
২। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ দুটা পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ- প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ দুটা পাৰ্থক্য তলত উল্লেখ কৰা হল-
ক) প্ৰব্ৰজনকাৰীসকলে সাধাৰণতে স্বইচ্ছাৰে উন্নত জীৱনৰ সন্ধানত এখন দেশ এৰি আন এখন দেশলৈ বা নিজ দেশৰ ভিতৰতে এঠাইৰ পৰা অন্য ঠাইলৈ যায়।
আনহাতে,শৰণাৰ্থীসকলে যুদ্ধৰ ভয়ত,প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি নাইবা ৰাজনৈতিক হাৰাশাস্তিৰ সন্মুখীন হৈ অন্য দেশলৈ যায়।
খ) প্ৰব্ৰজনকাৰীসকলক পৃথিৱীৰ অন্য কোনো দেশে গ্ৰহণ কৰিবলৈ আন্তৰ্জাতিক নীতি অনুসাৰে বাধ্য নহয়।
আনহাতে, শৰণাৰ্থীসকলক সাধাৰণতে অন্য দেশে ৰাজনৈতিক আশ্ৰয় প্ৰদান কৰে।
৩। ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা বা সমন্বয় আৰু সংঘাতৰ দিশ এটাকৈ উল্লেখ কৰা।
উত্তৰঃ- ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা বা সমন্বয়ৰ দিশ হল- দুয়োখন দেশে উগ্ৰপন্হি কাৰ্যকলাপ উৎখাত কৰাত একমত।
আনহাতে, ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাতৰ দিশ হল- ভাৰত চৰকাৰ বাংলাদেশৰ পৰা অহা অবৈধ প্ৰব্ৰজনকলৈ অসন্তুষ্টি।
- Get link
- X
- Other Apps
Comments
Post a Comment