Books related Information

Political Science// HS 2nd Year final Exam Common question answer 2022

 প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। আমেৰিকা যুক্তৰাষ্ট্ৰই কিমীন তাৰিখে জাপানৰ দুখন চহৰত আনৱিক বোমা নিক্ষেপ কৰে?

উত্তৰ:- ১৯৪৫চনৰ ৬ আগষ্ট তাৰিখে।

২। ছোভিয়েট ৰাছিয়াই কিমান চনত প্ৰথম পাৰমাণৱিক বোমা পৰীক্ষন কৰিছিল?

উত্তৰ:- ১৯৪৯ চনৰ আগষ্ট মাহত।

৩। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত আন্তৰাষ্ট্ৰীয় শান্তি বাবে প্ৰতিষ্ঠা কৰা সংগঠনটোৰ নাম কি?

উত্তৰ:- ৰাষ্ট্ৰসংঘ (১৯৪৫ চনৰ অক্টোবৰ তাৰিখ)।

৪। NATO-ৰ সম্পূৰ্ণ ৰুপটো লিখা। 

উত্তৰ:- NATO-ৰ সম্পূৰ্ণ ৰুপটো হল-North Atlantic Treaty Organization.

৫। কিউবান মিছাইল সংকট কিমান চনত সংগঠিত হৈছিল

উত্তৰ:-১৯৬১ চনত।

৬। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম বেলগ্ৰেড সন্মিলনত অংশগ্ৰহণ কৰা মুঠ সদস্য ৰাষ্ট্ৰ কিমান আছিল?

উত্তৰ:- ২৫ খন ।

৭। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন কত অনুষ্ঠিত হৈছিল ?

উত্তৰ:- গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন ১৯৬১ চনত বেলগ্ৰেডত অনুষ্ঠিত হৈছিল ।

৮। বাৰ্লিন দেৱাল কেতিয়া প্ৰতিষ্ঠা কৰা হয়?

উত্তৰ:- ১৯৬১ চনত।

১০। NIEO ৰ অৰ্থ বুজাই লিখা।

উত্তৰ:- NIEO ৰ অৰ্থ হল নৱ্য-আন্তৰ্জাতিক অৰ্থব্যৱস্হা (NEW INTERNATIONAL ECONOMIC ORDER).

১১। শীতল যুদ্ধৰ যুগত দুই বৃহৎ গোষ্ঠীৰ বাহিৰে উদ্ভৱ হোৱা তৃতীয় গোষ্ঠীটো কি আছিল ?

উত্তৰ:- শীতল যুদ্ধৰ যুগত দুই বৃহৎ গোষ্ঠীৰ বাহিৰে উদ্ভৱ হোৱা তৃতীয় গোষ্ঠীটো আছিল গোষ্ঠীনিৰপেক্ষ আন্দোলন।

১২। বাৰ্লিন দেৱাল কিমান চনত ভংগ কৰা হয়?

উত্তৰ:- ১৯৮৯ চনৰ নৱেম্বৰ মাহত।


খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰ শক্তি আৰু অক্ষীয় শক্তি বুলিলে কি বুজাই?

উত্তৰ:- মিত্ৰ শক্তি বুলিলে আমেৰিকা যুক্তৰাষ্ট্ৰ,ছোভিয়েট ৰাছিয়া,ব্ৰিটেইন, চীন আৰু ফ্ৰাস্ন আদি দেশক বুজাই।

           আনহাতে, অক্ষীয় শক্তি বুলিলে জাৰ্মানী,জাপান আৰু ইটালী আদি তিনিখন দেশক বুজাই।

২। 'দ্বিতীয় বিশ্ব' মানে কি বুজা?

উত্তৰ:- ছোভিয়েট সমাজবাদী আদৰ্শত থকা দেশবোৰক দ্বিতীয় বিশ্ব বোলে। এই দেশসমূহে ১৯৫৫ চনত গঠিত ৱাৰ্শ্ব চুক্তিৰ জৰিয়তে ছোভিয়েট ৰাছিয়াৰ অধীনলৈ আহে।

৩। দ্বিতীয় বিশ্ব যুদ্ধত সংগঠিত হোৱা দুটা শিবিৰৰ নাম উল্লেখ কৰা ।

উত্তৰ:-দ্বিতীয় বিশ্ব যুদ্ধত সংগঠিত হোৱা দুটা শিবিৰৰ নাম তলত উল্লেখ কৰা হল-

         ক) মিত্ৰ শক্তি

          খ) চক্ৰ শক্তি

৪। আমেৰিকা যুক্তৰাষ্ট্ৰই আনৱিক বোমা নিক্ষেপ কৰা জাপানৰ দুখন চহৰৰ নাম লিখা ।

 উত্তৰ:- আমেৰিকা যুক্তৰাষ্ট্ৰই আনৱিক বোমা নিক্ষেপ কৰা জাপানৰ দুখন চহৰৰ নাম হল-

       ক) হিৰোছিমা

       খ) নাগাছাকি।

৫। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম বেলগ্ৰেড সন্মিলনত অংশগ্ৰহণ কৰা দুখন সদস্যৰ নাম উল্লেখ কৰা ।

উত্তৰ:-গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম বেলগ্ৰেড সন্মিলনত অংশগ্ৰহণ কৰা দুখন সদস্যৰ নাম তলত উল্লেখ কৰা হল-

          ক) ভাৰতবৰ্ষ

          খ) আফগানিস্তান।

৬। শীতল যুদ্ধই সৃষ্টি কৰিব পৰা ধ্বংস ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দুটা সংগঠনৰ নাম লিখা।

 উত্তৰ:-শীতল যুদ্ধই সৃষ্টি কৰিব পৰা ধ্বংস ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দুটা সংগঠনৰ নাম হল-

        ক) গোষ্ঠীনিৰপেক্ষ আন্দোলন।

        খ) ৰাষ্ট্ৰসংগ।

৭। শীতল যুদ্ধৰ যুগত দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ মাজত স্বাক্ষৰিত হোৱা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা।

উত্তৰ:-শীতল যুদ্ধৰ যুগত দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ মাজত স্বাক্ষৰিত হোৱা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা।

          ক) পাৰমাৱিক নি-সম্প্ৰসাৰণ চুক্তি

          খ) ক্ষেপণাস্ত্ৰ বিৰোধী চুক্তি।


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ