ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি দেশত চৰকাৰে জাতীয় জৰুৰী অৱস্হা ঘোষণা কৰিব পাৰে? উত্তৰঃ-৩৫২ নং অনুচ্ছেদ । ২। শুদ্ব উত্তৰটো বাছি উলিওৱাঃ ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত জনতা পাৰ্টি চৰকাৰৰ প্ৰধান মন্ত্ৰী হয়( মোৰাৰজী দেশাই / চৰণ সিং)। উত্তৰঃ- মোৰাৰজী দেশাই। ৩। মণ্ডল আয়োগৰ সভাপতি কোন আছিল? উত্তৰঃ বিন্দেশ্বৰী প্ৰসাদ মণ্ডল। ৪। ১৯৭৫ চনত চৰকাৰে দেশত জাতীয় জৰুৰী অৱস্হা ঘোষণা কৰাৰ কাৰণ কি আছিল? উত্তৰঃ- দেশৰ আভ্যন্তৰীন পৰিস্হিতিৰ প্ৰতি সৃষ্টি হোৱা ভাবুকি। ৫। নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব দিয়া নেতাগৰাকীৰ নাম কি? উত্তৰঃ- মেধা পাটকাৰ। ৬। কোনখন জিলাত আৰাক বিৰুধী আন্দোলন আৰম্ভ হৈছিল? উত্তৰঃ- নেৰুলা জিলাত। ৭। খালী ঠাই পূৰ কৰা। চিপকো আন্দোলন আৰম্ভ হৈছিল......... চনত। উত্তৰঃ- ১৯৭৪ চনত। ৮। সামাজিক আন্দোলনৰ এটা উদাহৰণ দিয়া। উত্তৰঃ- চিপকো আন্দোলন। ৯। 'অসম চুক্তি' কিমান চনত সম্পাদনা কৰা হৈছিল? উত্তৰঃ- ১৯৮৫ চনত। ১০। আঞ্চলিকতাবাদ মানে কি বুজা? উত্তৰঃ- যি আদৰ্শবাদে কোনো এখন ৰাজ্য বা অঞ্চলক গুৰুত্ব দি চলে তাকে আঞ্চলিকত...