ক) অতি চমু প্ৰশ্ন(প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ)- ১। চৰকাৰী বাজেট কি? উত্তৰ:-চৰকাৰী বাজেট হল আগন্তুক বিত্তীয় বচৰটোৰ বাবে ( ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ) যুগুত কৰা বাৰ্ষিক বিত্তীয় বিবৃতি । ২। অনাকৰ ৰাজহৰ এটা উদাহৰণ দিয়া। উত্তৰ:-অনাকৰ ৰাজহৰ উদাহৰণ হল- মাচুল,জৰিমনা ইত্যাদি। ৩। প্ৰত্যক্ষ কৰ কি উত্তৰ:-যিবিধ কৰৰ সংঘাত একেজন ব্যক্তিৰ ওপৰত পৰে,তেনে কৰক প্ৰত্যক্ষ কৰ বোলে। যেনে- আয়কৰ, কোম্পানী আয় কৰ ইত্যাদি। ৪। পৰোক্ষ কৰ কি উত্তৰ:- যিবিধ কৰৰ সংঘাত এজন ব্যক্তিৰ ওপৰত পৰে; কিন্তু ব্যক্তিজনে সেই কৰ আনলৈ ঠেলি পঠিয়াব পাৰে,তেনে কৰক পৰোক্ষ কৰ বোলে। যেনে- বিক্ৰী কৰ,সেৱা কৰ, আমদানি-ৰপ্তানি শুল্ক ইত্যাদি। ৫। ৰাজহ ঘাটি কি উত্তৰ:- যেতিয়া চৰকাৰৰ ৰাজহ আয়তকৈ ৰাজহ ব্যয় বেছি,তেতিয়া তাক ৰাজহ ঘাটি বোলে। অৰ্থাৎ,ৰাজহ ঘাটি=ৰাজহ ব্যয়+ৰাজহ আয়। ৬। ৰাজহ ঘাটিৰ তাৎপৰ্য্য কি উত্তৰ:- ৰাজহ ঘাটিৰ তাৎপৰ্য্য হল ৰাজহ ঘাটিয়ে চৰকাৰৰ ৰাজকোষীয় নীতি প্ৰতিফলন কৰে। ৭। ৰাজকোষীয় ঘাটি কি উত্তৰ:- চৰকাৰৰ মুঠ ব্যয় আৰু মুঠ প্ৰাপ্তিৰ মাজত থকা পাৰ্থক্যকেই ৰাজকোষীয় ঘাটি বোলে। অৰ্থাৎ,ৰাজকোষীয় ঘাটি=মুঠ ব...