ক) অতি চমু প্ৰশ্ন ( প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ)- ১। আধিপত্য মানে কি ? উত্তৰ :-আধিপত্য মানে কোনো শক্তি,দেশ অথবা ব্যক্তিয়ে আনৰ ওপৰত প্ৰতিষ্ঠা কৰা সৰ্বাত্মক নিয়ন্ত্ৰণ। এনে নিয়ন্ত্ৰণ কেৱল অৰ্থনৈতিক বা সামৰিক নহয়। এনে নিয়ন্ত্ৰণে সামাজিক,সাংস্কৃতিক,ৰাজনৈতিক,বৌদ্ধিক আদি সকলোবোৰ দিশ সাঙুৰি লয়। ২। এক মেৰুবিশিষ্ট বিশ্ব বুলিলে কি বুজায় ? উত্তৰ :-শীতল যুদ্ধ শেষ হোৱাৰ পিছত বিশ্ব ৰাজনীতিত আমেৰিকাই যুক্তৰাষ্ট্ৰই একক মহাশক্তি হিচাপে গোটেই বিশ্বত যি নতুন যুগৰ সূচনা কৰে,তাকে এক মেৰুবিশিষ্ট বিশ্ব বোলে। ৩। '' নতুন বিশ্ব শৃংখলা '' ৰ সূত্ৰপাত কেতিয়া আৰম্ভ হয় ? উত্তৰ :-১৯৯১ চনত । ৪। ইৰাকে কেতিয়া কুৱেইট আক্ৰমণ কৰিছিল ? উত্তৰ :- ১৯৯০ চনত । ৫। প্ৰথম উপসাগৰীয় যুদ্ধ কি ? উত্তৰ :- আমেৰিকাৰ নেতৃত্বত ইৰাক আক্ৰমণ কৰাকে প্ৰথম উপসাগৰীয় যুদ্ধ বোলে। ৬। " Operation Desert Storm " --''অপাৰেশ্যন ডেজাৰ্ট ষ্টৰ্ম" বুলিলে কি বুজাই? উত্তৰঃ-ৰাষ্ট্ৰসংঘৰ নেতৃত্বত ইৰাকৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰথম উপসাগৰীয় যুদ্ধত ৩৪ খন দেশৰ সন্মিলিত ৬৬০,০০০ সৈন্যই অংশগ্ৰহণ কৰিছিল আৰু ইৰাকক পৰাভূত কৰিছিল। ৰা...